কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অভিনৱ পদক্ষেপ নাগালেণ্ডৰ ম’ন জিলাৰ উপায়ুক্ত থাভাচিলান কেৰ

কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অভিনৱ পদক্ষেপ নাগালেণ্ডৰ ম’ন জিলাৰ উপায়ুক্ত থাভাচিলান কেৰ

ডিজিটেল সংবাদ, ৱাখাঃ সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কোভিড -১৯ মহামাৰী বিৰুদ্ধে যুঁজবলৈ নিজৰ বিচক্ষণতা আৰু প্ৰশাসনিক দক্ষতাৰ প্ৰয়োগ কৰি সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে নাগালেণ্ডৰ এগৰাকী যুৱ ভাৰতীয় প্ৰশাসনিক বিষয়াই। এফালে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ ব্যৱস্থা আনফালে লকডাউনত আবদ্ধ হাজাৰ হাজাৰ জনতাক খাদ্য সংকট পৰা সকাহ দিব বাবে এক সুশৃংখলিত প্ৰশাসনিক ব্যৱস্থাপনা গঢ়ি তোলা এই আই এছ বিষয়া গৰাকী হৈছে নাগালেণ্ডৰ ইণ্ডো – ম্যানমাৰ সীমান্তৰ ম'ন জিলাৰ উপায়ুক্ত থাভাচিলান কে।

উপায়ুক্ত থাভাচিলান কেই মানৱীয় সংকটৰ সময়ত ম্যানমাৰ সীমান্তৰ দুৰ্গম পাহাৰীয়া ম'ন জিলাত এগৰাকী ত্ৰানকৰ্ত্তা থিয় দিছে। লকডাউনৰ বাবে পৰিবহন যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ বাবে ম'ন জিলাৰ শতাধিক গাঁৱৰ ৰাইজক খাদ্য সামগ্ৰী উপলব্ধ কৰাবলৈ অভিনৱ কাৰ্য পদক্ষেপ গ্ৰহণ কৰে। উপায়ুক্ত থাভাচিলানে নিজা উদ্যোগ জিলাৰ প্ৰশাসনৰ অতি ক্ষিপ্ৰ সুশৃংখলিত ব্যৱস্থা গঢ়ি তোলে যাতে মাহজোৰা লকডাউন বাবে ম'ন জিলাৰ কোনো গাঁওবাসীয়ে খাদ্য আৰু ঔষধৰ সংকটত নপৰে।

তদুপৰি তেওঁ গাঁওবাসীয়ে লকডাউন মানি সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত খাদ্য সামগ্ৰী, খোৱাপানী আৰু বেংকৰ সেৱা যাতে ঘৰৰ দুৱাৰডলিত লাভ কৰে তাৰ বাবে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে মন জিলাবাসী মুখ্যতঃ কৃষিজীৱী হোৱাৰ বাবে তেওঁলোকৰ খাদ্য সামগ্ৰী চাউল আৰু শাক পাচলি যোগানৰ বাবে প্ৰথম পদক্ষেপ লৈছিল 'ফাৰ্ম টু টেবুল ব্যৱস্থা'। এই পদক্ষেপ অনুসৰি উপায়ুক্ত থাভাচিলান কেই হিলচ্ এৰিয়া ডেভেলেপমেণ্ট অৰ্গেনাইজেচন আৰু গিৰ্জাৰ সহযোগত মাত্ৰ দহ টকা পৰিবহন মাচুল লৈ ঘৰে ঘৰে চাউল , সেউজীয়া শাক -পাচলি যোগান ধৰি আহিছে।

ইয়াৰ বাবে তেওঁ ২৩ গাঁৱৰ ১৫০ কৃষক সহায় ঘৰ পৰা শাক পাচলি সংগ্ৰহ কৰি পুনৰ সেইবিলাক ঘৰে ঘৰে গৈ বিতৰণ কৰিছে। ইফালে লকডাউনৰ বাবে বন্ধ হৈ পৰা বেংকি ব্যৱস্থা উপলব্ধ কৰাবলৈ থাভাচিলানে হাতত লয় 'বেংক টু হ'ম ছাৰ্ভিছ'। এই সেৱাৰ জৰিয়তে ইণ্ডিয়ান পষ্ট পেমেণ্ট বেংক আৰু বেংকিং কাষ্টমা ছাৰ্ভিছৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ সহায় বেংকৰ লোকে গৈ গ্ৰাহকক ঘৰতে নগদ ধন দিয়াৰ ব্যৱস্থা কৰিছে। একেদৰে পানী ,ৰন্ধন গেছ আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী মাত্ৰ দহ টকা হোম ডিলিভাৰী মাচুলত ঘৰে যোগান ধৰিছে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৰীব কল্যাণ আঁচনি বিনামূলীয়া চাউল সময়ত মতে দুখীয়া গাঁওবাসীয়ে সময়ত মতে লাভ কৰিব পাৰে তাৰ বাবে খাদ্য বেংক স্থাপন কৰি প্ৰায় ১৫ হেজাৰ পৰিয়ালক উপকৃত কৰিছে। উল্লেখযোগ্য যে, ২৭ মাৰ্চ পৰা দেশজুৰি লকডাউনৰ ফলত যাতায়ত আৰু পৰিবহন ব্যৱস্থা বন্ধ হৈ পৰা বাবে পাহাৰীয়া মন জিলাৰ শতাধিক গাঁওবাসীয়ে যাতে অনাহাৰে থাকিব নালাগে তাৰ বাবে উপায়ুক্ত থাভাচিলান কেই এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। কভিড মহামাৰী মানৱীয় সংকটৰ সময়ত পাহাৰীয়া দুৰ্গম অঞ্চলত বসবাস কৰা লোকৰ বাবে এনে উদ্ভাৱনীমূলক তথা সাহসী পদক্ষেপ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in