নাগালেণ্ডত কোভিডত আক্ৰান্তৰ সংখ্যা ৭৪৮ গৰাকীলৈ বৃদ্ধি…

নাগালেণ্ডত কোভিডত আক্ৰান্তৰ সংখ্যা ৭৪৮ গৰাকীলৈ বৃদ্ধি…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ পুনৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোৰোনা ৰোগীৰ সংখ্যা । বিগত দুটা দিনত নাগালেণ্ড নতুনকৈ ৭০ গৰাকীলোকৰ কোভিড পজিটিভ ফলাফল আহিছে । নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী পাঙনিউ ফমে টুইটাৰ যোগে প্ৰকাশ কৰামতে কালি ৩১০ গৰাকীলোকৰ স্বাৱ পৰীক্ষা কৰা হৈছিল তাৰে ভিতৰত ৫৯ গৰাকী লোকৰ পজিটিভ হয় আৰু আজি পুনৰ ১১ গৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ।

ইয়াকে লৈ নাগালেণ্ডৰ কোৰোনা ৰোগীৰ সংখ্যা ৭৪৮ গৰাকী লৈ বৃদ্ধি পালে । অৱশ্যে ৩০৪ গৰাকীয়ে আৰোগ্য লাভ কৰাত চিকিৎসালয় পৰা যাবলৈ দিয়া হৈছে । বৰ্তমান ৪৩৯ গৰাকীকলোকক ডিমাপুৰ আৰু ক'হিমা ৰ কভিড চিকিৎসালয় চিকিৎসা প্ৰদান কৰি থকা হৈছে । উল্লেখযোগ্য যে নাগালেণ্ডত কোৰোনা ৰোগীৰ ভয়ংকৰ ৰূপত বৃদ্ধি পালেও এতিয়ালৈকে এজনো লোকৰ মৃত্যু হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in