নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ভিখহ অ’ যহছুৰ মুম্বাইত দেহাৱসান

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ভিখহ অ' যহছুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ সোমবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ভিখহ অ' যহছুৰ কিছুদিনৰ পৰা হাওঁফাওঁৰ কৰ্কট ৰোগত ভূগি চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত ভিখহ অ' যহছুৰ বয়স হৈছিল ৬৭ বছৰ। উল্লেখযোগ্য যে, নেইফিউ ৰিঅ'ৰ শাসনাধিস্থিত এন ডি ডি পিৰ দলৰ বিধায়ক ভিখহ অ' যহছুৰ ২০১৮ চনত দক্ষিণ আংগামী ১নং বিধানসভা সমষ্টিৰ পৰা নাগালেণ্ড বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে তেওঁ ২০১৩ চনটো এন পি এফ দলৰ হৈ বিধায়ক নিৰ্বাচিত হৈছিল। আংগামী জনগোষ্ঠীৰ নেতাগৰাকীৰ অকাল মৃত্যুত নাগালেণ্ডত শোকৰ ছাঁ পৰিছে। ইফালে যহছুৰ মৃত্যুত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ, বিৰোধী দলৰ নেতা টি আৰ জেলিয়াঙ আৰু ৰাজ্যপাল আৰ এন ৰবিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in