আসন্ন চুড়ান্ত নগা চুক্তিঃ অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নগা স্বায়ত্ত পৰিষদ গঠনৰ প্ৰস্তাৱ কেন্দ্ৰৰ…

আসন্ন  চুড়ান্ত নগা চুক্তিঃ  অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নগা স্বায়ত্ত পৰিষদ গঠনৰ প্ৰস্তাৱ  কেন্দ্ৰৰ…

ডিজিটেল সংবাদ ,ৱাখাঃ আসন্ন নগা চুক্তি স্বাক্ষৰ অংশ হিচাপে সম্প্ৰতি ভাৰত চৰকাৰে নগাসকলৰ বাবে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত দুখনকৈ সুকীয়া স্বায়ত্ত পৰিষদৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অৰুণাচল প্ৰদেশ আৰু মণিপুৰত বাস কৰা নগাসকলৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠন কৰিব ।

তদুপৰি নগা চুক্তিৰ আধাৰত লোকসভাত নগাসকলৰ বাবে আৰু এখন আসন বৃদ্ধি কৰিব । ভাৰতৰ চৰকাৰে নগা বিদ্ৰোহীসকলৰ পুনৰ সংস্থাপনৰ সুকীয়া বেটিলিয়েন গঠনৰ কৰাৰ কথা চিন্তা কৰিছে । এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰামতে ভাৰতৰ চৰকাৰৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক মুইভা গোট আৰু ভাৰতৰ চৰকাৰৰ মাজত ইতিমধ্যে সকলো আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে । এতিয়া মাত্ৰ চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে বাকী আছে ।

উল্লেখযোগ্য ১৯৯৭ চনত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ পিছত বিগত ২২ বছৰ ধৰি চলা শান্তি আলোচনা ২০১৯ চনৰ ৩১ অক্টোবৰ ত অন্ত পৰিছিল । জানিব পৰা মতে স্বায়ত্ত শাসিত পৰিষদৰ গঠনৰ সন্দৰ্ভত কেন্দ্ৰই অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ চৰকাৰৰ সৈতে বিষয়টো ইতিমধ্যে আলোচনা কৰিছে । আনহাতে কেন্দ্ৰই নগাসকলৰ একত্ৰিতকৰণ মানচিত্ৰ প্ৰস্তুত এন এছ চি এন আই এমৰ সৈতে আলোচনাত মিলিত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in