দিল্লীত অন্ত পৰিল অন্তিম বৈঠক, নগা শান্তি চুক্তিৰ বাবে অগ্ৰসৰ চৰকাৰ…

দিল্লীত অন্ত পৰিল অন্তিম বৈঠক, নগা শান্তি চুক্তিৰ বাবে অগ্ৰসৰ চৰকাৰ…

ডিজিটেল ডেস্কঃ বৃহত্তৰ নগালিমৰ দাবীত আৰু নগা শান্তি চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ অন্তিম শান্তি আলোচনাৰ বৈঠক বৃহস্পতিবাৰে অন্ত পৰে। এই অন্তিমখন বৈঠক নতুন দিল্লীত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হৈছিল। বৈঠক অন্ত পৰাৰ পাছত যিকোনো মুহূৰ্ততে এই চুক্তি স্বাক্ষৰিত হোৱা সম্ভাৱনা প্ৰবল হৈ পৰিল।

৩১ অক্টোবৰ, ২০১৯ত নতুন দিল্লীত সশস্ত্ৰ বিদ্ৰোহৰ অন্ত পেলাই এন এছ চি এন (আই এম) আৰু এন এন জি পিৰ মাজত অনুষ্ঠিত ভাৰত চৰকাৰৰ আলোচনাত নগা শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সপক্ষে ঐক্যমতত উপনীত হয়। তিনিদিন ধৰি এই মাৰাথন বৈঠক অনুষ্ঠিত হৈ আছিল নতুন দিল্লীত। ১০ দিনৰ ভিতৰতে এতিয়া মূল চুক্তিত স্বাক্ষৰিত হোৱাৰ কথা।

বিয়লি ৪ বজাত অন্ত পৰা এই আলোচনাত এন এছ চি এন ইছাক মইবা গোটৰ দাবী অনুসৰি পৃথক পতাকাৰ দাবী অনুমোদন জনাই যদিও, অৰুণাচলপ্ৰদেশ, মণিপুৰ অসম আৰু পশ্চিম ম্যানমাৰ ছাগাইঙিক সামৰি দাবী কৰা গ্ৰেটাৰ নগালিমৰ লগতে সুকীয়া সংবিধানৰ সন্দৰ্ভত কোনো সিদ্ধান্ত নহ'ল এই আলোচনাত। অৱশ্যে এই পতাকা দাবীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

ইফালে, এই আলোচনা কালতেই মণিপুৰৰ উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বত ২০জনীয়া এক প্ৰতিনিধিৰ দলে প্ৰস্তাৱিত নগাচুক্তিৰ বিৰোধিতা কৰি এক স্মাৰক পত্ৰও প্ৰদান কৰে।

এই আলোচনাৰ পৰা আঁতৰি অহা এন এছ চি এন (কে)ৰ অধ্যক্ষ য়ুম আঙে এই আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে নগাক বিশেষ একো নিদিলে বুলি মন্তব্য কৰি স্বাধীন নগালেণ্ডৰ দাবীত তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিব বুলি তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

নগালিমৰ সীমা আৰু নগা লোক বসবাস কৰা স্থানসমূহৰ নগালিমৰ অন্তৰ্গত হোৱাৰ আশংকাত নগা বসতি প্ৰধান মণিপুৰত এই আলোচনা চলি থকা সময়ত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বিশেষকৈ মণিপুৰৰ ৬খন জিলা নগালিমৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনাৰ ফলত মণিপুৰত বৃহস্পতিবাৰেও ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা যায়।

পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নগা বসতিপ্ৰধান অঞ্চলসমূহৰ লগতে মণিপুৰতো ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। নগা শান্তি চুক্তিৰ বিৰোধিতাৰে মণিপুৰত বৃহস্পতিবাৰে সাব্যস্ত হয় প্ৰতিবাদ।

ৰাজ্যখনৰ ৬ খন জিলা ছুৰাচংপুৰ, কংপকপি আৰু চান্দালত এই প্ৰতিবাদে ব্যাপক ৰূপে লৈছে। কুকি বসতি প্ৰধান এই জিলা কেইখনত বৃহস্পতিবাৰে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে। মণিপুৰ অখণ্ডতা ৰক্ষাৰ দাবীত সাব্যস্ত হোৱা এই প্ৰতিবাদত নেতৃত্ব দিছে কৰ্ডিনেশ্যন কমিটী অৱ মণিপুৰ ইন্টিগ্ৰিটীয়ে।

বৃহস্পতিবাৰে ইয়াৰ প্ৰতিবাদত মণিপুৰত স্কুল-কলেজ বন্ধ থকাৰ লগতে চৰকাৰী কাৰ্যালয়তো উপস্থিতিৰ হাৰ যথেষ্ট কম আছিল। মণিপুৰৰ কুকি ৱ'মেন এছ'চিয়েশ্যনৰ মতে, তেওঁলোকে নগা চুক্তিক আদৰণি জনালেও আন জনগোষ্ঠীৰ অধিকাৰ কাঢ়ি লোৱা কথাটো মানি ল'ব নোৱাৰে।

এনে পৰিস্থিতিত ইষ্ট ইম্ফল জিলাৰ উপায়ুক্তই জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থাপনৰ বাবে দুখন কলেজ বন্ধৰো নিৰ্দেশ দিছে। যিকোনো মুহূৰ্ততে হ'ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্থানীয় হাস্পতালৰ এম্বুলেন্স সেৱাসমূহক সতৰ্ক হৈ থাকিবলৈও মণিপুৰ চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে।

এন এছ চি এন (কে)য়ে এই আলোচনা প্ৰক্ৰিয়াক সমৰ্থন নিদি স্বাধীন নগালিমৰ দাবীৰে সংগ্ৰাম অব্যাহত ৰাখিলে উত্তৰ-পূৰ্বাঞ্চলত পুনৰ এক ৰক্তাক্ত পৰিৱেশ সৃষ্টি হোৱাৰ পটভূমি ৰচনা হ'ব। ইয়াৰ সুযোগ উত্তৰ-পূবৰ আন বিদ্ৰোহী সংগঠনসমূহেও গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মণিপুৰৰ উপৰিও নগা শান্তি চুক্তিৰ প্ৰভাৱ অৰুণাচলতো পৰিব। উল্লেখযোগ্য যে নগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে যোৱা ২৮ ছেপ্টেম্বৰত এই আলোচনাৰ সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক আলোচনাত মিলিত হৈছিল।

প্ৰাক্তন কূটনীতিবিদ এন ৰবিয়ে ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছে। যোৱা দুবছৰ ধৰি চলা এই শান্তি আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে পৃথক পতাকা আৰু সংবিধানৰ সন্দৰ্ভত এন এছ চি এন (আই এম)ৰ দাবী প্ৰথমে মানি লোৱা নাছিল। কিন্তু আলোচনাৰ টেবুলত এন এছ চি এন (আই এম)য়ে তেওঁলোকৰ দাবীত আকোঁৰগোজ হৈ আছিল।

আনহাতে, আন এক খবৰ অনুসৰি এন এছ চি এন (আই এম)ৰ শিবিৰৰ পৰা ইতিমধ্যে অস্ত্ৰ-শস্ত্ৰসহ বহু কেডাৰ ওলাই গৈছে। হেব্ৰ'নত থকা এন এছ চি এন (আই এম)ৰ মুখ্য কাৰ্যালয়ৰ পৰা সংগঠনটোৰ কেডাৰ ওলাই যোৱাৰ খবৰ অস্বীকাৰ কৰিছে সংগঠনটোৰ এক কৰ্তৃপক্ষই।

১৯৯০চনৰ পৰাই বৃহত্তৰ নগালেণ্ডৰ দাবীত এন এছ চি এন (আই এম)ৰ সৈতে আলোচনা হৈ আছিল।দুই দশক ধৰি এই শান্তি আলোচনাত অংশ লৈছিল এন এছ চি এন (আই এম)ৰ প্ৰতিনিধিয়ে। কেন্দ্ৰীয় চৰকাৰে ৩১ অক্টোবৰত এই শান্তি আলোচনাৰ অন্তিম তাৰিখ হিচাপে ধাৰ্য্য কৰি থৈছিল। এন এছ চি এন (আই এম)ৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, অতি সোনকালেই এই চুক্তি স্বাক্ষৰ সম্পাদন হ'ব।

১৯৯৭চনত এন এছ চি এন (আই এম)য়ে শান্তি আলোচনা প্ৰক্ৰিয়াত অংশ লৈছিল। ২০১৫চনত এই আলোচনা প্ৰক্ৰিয়া পুনৰ তীব্ৰতৰ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে স্বাক্ষৰ কৰিছিল নগা ফেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in