বাঁহী বজাই ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা কণমানিটোৰ বিষয়ে জানো আহক, কি কয় পিতৃ-মাতৃয়ে, VIDEO

বাঁহী বজাই ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা কণমানিটোৰ বিষয়ে জানো আহক, কি কয় পিতৃ-মাতৃয়ে, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ এটি কণমানি শিশুৰ মন পৰশা বাঁহীৰ সুৰে মন মুহিছে সকলোৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ' সমূহ৷ কামপুৰ বকুলগুৰিৰ শিশুটিয়ে বাঁহীত তোলা সুৰ শুনি মন্ত্ৰমুগ্ধ হ'ব আপুনিও৷

ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'। কামপুৰৰ এই শিশুটো বাহী বজাই শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত জনপ্ৰিয় হৈ পৰিছে।

শিশুটিৰ নাম নৱজ্যোতি লস্কৰ, নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিত ঘৰ শিশুটিৰ।

বকুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ নৱজ্যোতি৷ নৱজ্যোতিয়ে সুন্দৰকৈ বিভিন্ন সুৰত বাঁহী বজাই ছ'চিয়েল মেডিয়াত জনপ্ৰিয় হৈ পৰিছে৷

সকলোৱে আশীৰ্বাদৰ প্ৰয়োজন যাতে নৱজ্যোতিয়ে আৰু আগুৱাই গৈ এখন মঞ্চ দখল কৰিব পাৰে৷

বাহীৰ কোনো আনুষ্ঠানিক শিক্ষা নাই কণমানিটোৰ৷ দৰিদ্ৰ পৰিয়ালৰ কণমানিটোক অভিজ্ঞ কোনোবাই বাঁহীৰ আনুষ্ঠানিক শিক্ষা দি আগুৱাই যোৱাত সহায় কৰে তাৰেই কামনা কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ লগতে পিছপৰা অঞ্চলটোৰ লোকসকলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in