সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰা নৱকুমাৰ সন্দিকৈ মানুহজন…

সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰা নৱকুমাৰ সন্দিকৈ মানুহজন…

ডিজিটেল ডেস্কঃ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা 'ৰাজতৰিংগিনী' গ্ৰন্থখন অসমীয়াত অনুবাদ কৰাৰ বাবে লাভ কৰিছে নৱকুমাৰ সন্দিকৈয়ে। ৰাজতৰিংগিনী কাশ্মীৰ আৰু ইয়াৰ প্ৰাচ্যুদেশৰ ইতিহাসক লৈ ৰচনা কৰা এখন কাব্যগ্ৰন্থ।

ঐতিহাসিক এই কাব্যগ্ৰন্থখনৰ ৰচক আছিল কবি কলহণ। গ্ৰন্থখনত থকা মুঠ শ্লোকৰ সংখ্যা আছিল ৭৮২৬। এই কাব্যগ্ৰন্থখনৰ মুল বৈশিষ্ট্য আছিল- নিৰপেক্ষতা। শাসকৰ প্ৰশস্তি নাই সেই কাব্য গ্ৰন্থত। ইয়াৰ বিপৰীতে সময়ে সময়ে সমাজ জীৱনৰ ঘটনাৰাজি, জীৱন দৰ্শন আৰু মানৱীয় চৰিত্ৰৰ সমাহাৰ ঘটিছে এই কাব্য গ্ৰন্থখনত।

সংস্কৃত, বুৰঞ্জীৰ সাহিত্যত বিশেষভাৱে মৰ্যাদা পোৱা এই গুৰুত্বপূৰ্ণ গ্ৰন্থখন অসমীয়া ভাষাত অনুবাদ কৰা বাবে নৱকুমাৰ সন্দিকৈয়ে এইবাৰ লাভ কৰিছে অসমীয়া ভাষাত সাহিত্য অকাডেমী অনুবাদ বঁটা। গ্ৰন্থখনৰ অনুবাদক সন্দিকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী সন্দিকৈয়ে A Critical study of the plays ascribed to sriharsh শীৰ্ষক গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা।

সংস্কৃতৰ পৰা সন্দিকৈয়ে ভালে কেইখন গ্ৰন্থ অনুবাদ কৰিছে। তাৰ ভিতৰত ২০০৩চনত মৰ্তিজ পুতলা সাধু, ২০০৪চনত বেতাল পঞ্চ দ্বিংশতী, ধনঞ্জয় দৰ্শৰূপক আদি গ্ৰন্থৰ উপৰিও ইউৰোপীয় চিন্তা ড০ প্ৰিয়াংশু প্ৰবল উপাধ্যায়ৰঃ মানুহজন আৰু তেওঁৰ ৰচনাৰাজী, ৰূপতীৰ্থঃ সোৱণশিৰি, তীৰ্থ সন্দিকৈৰ ৰচনা সম্ভাৰ আদি উল্লেখযোগ্য। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত সন্দিকৈয়ে এই স্বীকৃতিয়ে তেওঁক প্ৰেৰণা দিয়া বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in