লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি উদ্বোধন নৱ দলেৰ

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি উদ্বোধন নৱ দলেৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে সোমবাৰে দুপৰীয়া ১ বজাত ৰাজ্যজুৰি সৰ্বমুঠ ৩২৫ কোটি ২৬ লাখ টকা ব্যয়েৰে নিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ মুঠ ৪ হাজাৰ ৭৫ টা গৃহ আৰু এম জি এনৰেগাৰ অধীনত ৰূপায়িত ৩ হাজাৰ ৩৬৯ খন আঁ‌চনি কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰে।

লখিমপুৰ জিলাৰ চানমাৰিস্থিত খেলপথাৰত এই সন্দৰ্ভত আয়োজিত উদ্বোধনী সভাত মন্ত্ৰী দলেয়ে লখিমপুৰ জিলাখনৰ ৯ টা উন্নয়ন খণ্ডৰ ২০০ খন এম জি এনৰেগা আৰু ২০০ পি এম এ ৱাই গৃহৰ একেসময়তে উদ্ধোধন কৰে। উদ্বোধনী সভাত লখিমপুৰ জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে সাংসদ প্ৰদান বৰুৱাসহ ধেমাজি আৰু লখিমপুৰ জিলাৰ বিধায়কসকল উপস্থিত আছিল।

ইফালে, গ্ৰামোন্নয়নৰ পথ, ঘৰ উদ্বোধন কৰিবলৈকে ৰাজকোষৰ বিশাল ধনৰাশি অপচয়ৰে কৃতিত্ব জাহিৰ কৰিব বিচৰা গেৰুৱা চৰকাৰৰ এনে অবিবেচকী কাৰ্যৰ বাবে বিভাগীয় মন্ত্ৰী দলে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

উল্লেখ্য যে মন্ত্ৰী দলেৰ গৃহ সমষ্টি ঢকুৱাখনাৰ গ্ৰামাঞ্চলত এনে এম জি এনেৰেগা আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিত্তীয় কেলেংকাৰী সংঘটিত হৈ অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে। সামান্য কাম কৰি বিশাল পুঁজি সৰকাই নি ৰাজভোগ কৰা ঘৃণ্য কাৰ্যৰ সৈতে জড়িতৰ প্ৰতি শিথিল ভূমিকা লৈ অহা দলেয়ে এনে কলংকৃত আচঁনিকে ঢাক-ঢোল বজাই উদ্বোধন কৰা কাৰ্যই মন্ত্ৰীজনৰ ফোঁপোলা স্বৰূপ প্ৰকট কৰা বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in