ৰহস্যত বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ড, এঘণ্টাৰ পাছতহে চিকিৎসালয়লৈ নিয়া হৈছিল গুলীবিদ্ধ বিষয়াগৰাকীক

ৰহস্যত বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ড, এঘণ্টাৰ পাছতহে চিকিৎসালয়লৈ নিয়া হৈছিল গুলীবিদ্ধ বিষয়াগৰাকীক

ৰাজ্য জোকাৰি গৈছে জুনু শৰ্মা হত্যাকাণ্ডই। বেংক বিষয়াগৰাকীক কিয় হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে? অনুসন্ধানত ব্যস্ত আৰক্ষী। কিন্তু এতিয়ালৈকে পোৱা নাই দুষ্কৃতিকাৰীৰ সন্ধান। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ অনুসন্ধানত পোহৰলৈ আহিছে বিশেষ তথ্য।এই সন্দৰ্ভত ডিম্পুল বুঢ়াগোহাঁইৰ বিশেষ প্ৰতিবেদন।

ৰহস্যৰ মাজত সোমাই পৰিছে বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ড। বেংকৰ পৰা ঘৰলৈ ওভতা পথত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা ভাৰতীয় ষ্টেট বেংকৰ দদৰা  বেংক বিষয়াগৰাকীৰ পৰিয়ালত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মঙলবাৰে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ তদন্তৰ বাবে চি আই ডি দল গৈ ঘটনাস্থলীত উপস্থিত হৈছিল যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই অপৰাধীৰ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতেই জুনু শৰ্মাৰ গাড়ীখনৰ চালকে ফোনযোগে স্বামীক জনাইছিল এই  কথা। জুনু শৰ্মাৰ স্বামীয়ে চালকগৰাকীক নাৰায়না হাস্পতালত ভৰ্তি কৰিবলৈ চালকজনক কৈ ঘটনাস্থলীলৈ ৰাওনা হৈছিল। লক্ষণীয় কথাতো হ'ল- চালকজনে সেই সময়ত নাৰায়না হাস্পতাল বিচাৰি নোপোৱাৰ বাবেই প্ৰায় এঘণ্টা ধৰি গাড়ীতেই লৈ ফুৰিছিল জুনু শৰ্মাক।

দুটাকৈ গুলীত আহত হোৱা জুনু শৰ্মাৰ শৰীৰেদি যথেষ্ট ৰক্তপত হৈছিল আৰু ইতিমধ্যে তেওঁক নি চাংসাৰী পোৱাইছিল গৈ। এই ঘটনাৰ বিষয়ে অৱগত হৈ আৰক্ষী নাৰায়ণা হাস্পতাল পাইছিল যদিও তেতিয়ালৈকে জুনু শৰ্মা পোৱা নাছিল হাস্পতাল। প্ৰায় এঘণ্টা পাছত নাৰায়ণা হাস্পতালত হৈ উপস্থিত হৈছিল জুনু শৰ্মা।

জুনু শৰ্মাৰ চানমাৰিৰ নিজৰাপাৰত থকা আশীৰ্বাদ নামৰ ফ্লেটৰ সন্মুখতেই থাকে চালকজন। পৰিয়ালৰ আত্মীয়ই দাবী কৰা মতে- সময়মতে চিকিৎসালয় পোৱা হ'লে জুনু শৰ্মা হয়তো বাচিলহেতেন। পুৱাই বেংকলৈ ওলাই যোৱা জুনু শৰ্মাৰ এগৰাকী সৎ বেংক বিষয়া হিচাপে নাম আছিল। তেওঁৰ স্বামী প্ৰদীপ শৰ্মাও বেংকৰে এগৰাকী বিষয়া।

বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱৰ জীয়াৰী জুনু শৰ্মাৰ বিয়া হৈছিল বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ প্ৰদীপ শৰ্মাৰ সৈতে। পুৱাই ব্যক্তিগত চালকজনক লৈ ইয়ন গাড়ীখনেৰে আন দিনাৰ দৰে কৰ্মস্থলীলৈ ওলাই গৈছিল জুনু শৰ্মা। আনকি বেংকত সময়মতে উপস্থিত হোৱাৰ বাবে সেই সময়ত সাজি লোৱা জলপানৰ বাতিটো আধা খোৱাতেই এৰি থৈ গৈছিল জুনু শৰ্মাই।

স্বামী আৰু দুই পুত্ৰৰ সৈতে এক সুখৰ মুহূৰ্তত বেংক বিষয়া জুনু শৰ্মা
স্বামী আৰু দুই পুত্ৰৰ সৈতে এক সুখৰ মুহূৰ্তত বেংক বিষয়া জুনু শৰ্মা

দুটাকৈ সন্তানৰ মাতৃ জুনু শৰ্মাৰ বৰপুত্ৰ ভাৰতীয় খাদ্য নিগমত কৰ্মৰত। বৰপুত্ৰ জ্যোতিষ্মানৰ বিয়াও ঠিক হৈছিল কিছু দিনৰ পূৰ্বে। আনহাতে জুনু শৰ্মাৰ কনিষ্ঠ পুত্ৰ বাংগালুৰুত কৰ্মৰত। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এক শোকাকুল পৰিৱেশত সম্পন্ন হয় জুনু শৰ্মাৰ মৰণোত্তৰ পৰীক্ষা। তাৰপাছতেই তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হৈ নৱগ্ৰহলৈ। তাতেই সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।

ইফালে, আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেবাটাও ক্লু ইতিমধ্যে লাভ কৰিছে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক এই সন্দৰ্ভত সবিশেষ নক'লেও এক ঋণ কেলেংকাৰীৰ সৈতে জড়িত চক্ৰই এই দুষ্কাৰ্য সম্পন্ন কৰাৰ সম্ভাৱনা নুই কৰা নাই।

আৰক্ষীয়ে ইয়াৰ লগতে কয়- জুনু শৰ্মাৰ এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে অতি সাৱধানে সকলো দিশ পৰীক্ষা কৰিছে। অৱশ্যে এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ পৰা তেওঁ বিৰত থাকে। অতি পৰিকল্পিতভাৱে সংঘটিত কৰা এই হত্যা কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

দুৰ্গা পূজাৰ পূৰ্বে দু্ষ্কৃতিকাৰীয়ে ৰাজপথত এগৰাকী বেংক বিষয়াক হত্যা কৰি বিনা বাধাই পলাই যোৱা পাছত ৰাজ্যৰ নিৰাপত্তা তথা আইন শৃংখলা দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে, অতি আময়িক আৰু ভদ্ৰ জুনু শৰ্মাৰ কাৰোৰে সৈতে ব্যক্তিগত সংঘাত নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in