ম্যানমাৰত এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজত তুমুল সংঘৰ্ষ…

ম্যানমাৰত এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজত তুমুল সংঘৰ্ষ…

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰৰ ছাগাইঙিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজত তুমুল সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে। ছাগাইঙিৰ এক সূত্ৰই জনোৱা মতে এন এছ চি এন কেৰ য়ুংগ আঙৰ নেতৃত্বতৰ গোট আৰু নিক্কি চুমীৰ গোটৰ মাজত ছাগাইঙিৰ লেছি টাউন সমীপৰ ইণ্ডো-ম্যানমাৰ সীমান্তত এই সংঘৰ্ষ হৈছে।

শুকুৰবাৰে পুৱতি নিশাৰ পৰা সন্ধিয়া পৰ্যন্ত দুই বিদ্ৰোহী গোটৰ দুৰ্ধষ কেডাৰৰ মাজত এই তুমুল গুলীওৱা গুলি চলে যদিও এতিয়ালৈকে কোনো গোটৰ সদস্য হতাহত হোৱা বাতৰি অহা নাই। জানিব পৰা কিছু মাহৰ পূৰ্বে এন এছ চি এন খাপলাং গোটৰ চেয়াৰমেন পদৰ পৰা বহিস্কৃত য়ুংগ আঙ গোটে খাপলাঙৰ নিক্কি চুমীৰ গোটক ম্যানমাৰ পৰা খেদি পঠাবলৈ এনেদৰে সংঘৰ্ষত লিপ্ত হৈছে।

ইফালে দুই বিদ্ৰোহী গোটৰ মাজত চলা এই সংঘৰ্ষত উদিগ্ন হৈ পৰিছে নগা চিভিল ছ'চাইটি । দুয়োটা গোটক হিংসা পৰিহাৰ কৰি শীঘ্ৰে শান্তি বজাই ৰাখিবলৈ আহবান জনাইছে। ইফালে, এন এছ চি এন খাপলাং য়ুংগ আঙৰ গোটৰ সাত গৰাকী শীৰ্ষ নেতাই শুকুৰবাৰে এন এছ চি এন ইউনিফিকেচনৰ গোটৰ ম্যানমাৰ অজ্ঞাত স্থানত থকা জেনেৰেল হেড কোৰ্ৱাটৰ যোগান কৰিছে।

উল্লেখযোগ্য যে, এন এছ চি এন খাপলাং গোটে পূৰ্বৰ চেয়াৰমেন য়ুংগ আঙে সংগঠনৰ সংবিধান উলংঘা কৰি পুঁজিৰ হেৰফেৰ কৰা আৰু এন এছ চি এন ইশ্বাক-মুইভা গোটৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবে সংগঠনৰ পৰা বহিস্কাৰ কৰিছিল। ইয়াৰ পিছৰ পৰাই ম্যানমাৰ পৌমাই জনগোষ্ঠীৰ তথা এছ এছ খাপলাঙৰ ভতিজাক য়ুংগ আঙে নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ নিক্কি চুমীৰ নেতৃত্বৰ এন এছ চি এন খাপলাঙক ছাগাইঙিৰ পৰা খেদি পঠাবলৈ এনেদৰে সংঘৰ্ষত লিপ্ত হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in