সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ’ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO

সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ’ল অবৈধ ৰোহিংগা,   আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO

ডিজিটেল সংবাদ, শিলচৰঃ সুদুৰ ম্যানমাৰৰ পৰা পলায়ন কৰি কেবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰি অৱশেষত অসমত বিয়া পাতি অসমৰ জোঁৱাই হ'ল ম্যানমাৰৰ এগৰাকী ৰোহিংগা নাগৰিক৷ শিলচৰ বাগদহৰৰ আজিজুৰ লস্কৰৰ এগৰাকী কন্যাক বিয়া কৰাই অসমৰ জোঁৱাই হৈছে ৰোহিংগা লোকজন। অকল বিয়া কৰোৱাই নহয়, সুদীৰ্ঘ ন বছৰ ধৰি কাছাৰত বসবাস কৰা ৰোহিংগাজনে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰও প্ৰস্তুত কৰি লৈছে। ভোটাৰ পৰিচয়, পানকাৰ্ড, বেংকৰ পাচবুকসহ ভাৰতীয় নাগৰিকৰ সকলো নথি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে ৰোহিংগা নাগৰিকজন।

এই বিষ্ফোৰক স্বীকাৰোক্তি অবৈধ ভাবে কাছাৰত বসবাস কৰা এগৰাকী ৰোহিংগা লোকৰ৷ গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা অসম ৰাইফলছে শিলচৰ বেৰেংগা বাগদহৰৰ পৰা গ্ৰেপ্তাৰ কৰা আলম হুচেইন মজুমদাৰ ওৰফে আলম হুছেইন চৌধুৰী নামৰ ৰোহিংগা জনৰ স্বীকাৰোক্তি৷ শহুৰেক আজিজুৰ ৰহমান লস্কৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰোহিংগা জনক শনিবাৰে শিলচৰ আদালতত হাজিৰ কৰোৱাৰ পিছত সাংবাদিকৰ আগত এই বিষ্ফোৰক স্বীকাৰক্তি দিয়ে ৰোহিংগা জনে।

ধৃত ৰোহিংগা গৰাকী সন্দৰ্ভত অসম ৰাইফলছৰ এক সূত্ৰই সদৰী কৰা মতে, ৰোহিংগা জনে বাংলাদেশ, পাকিস্তান, চৌডি আৰৱ, আফগানিস্তান আদি বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰি সম্প্ৰতি কাছাৰত বিয়া পাতি স্হায়ী ভাবে বসবাস কৰি আছে৷ কোনো বিদেশী জিহাদী গোটৰ গুপ্তচৰ হিচাপে বৰাক উপত্যকাত কাম কৰা বুলি সন্দেহ কৰিছে অসম ৰাইফলছৰ সুত্ৰটোৱে৷ ইফালে, গ্ৰেপ্তাৰ কৰাৰ পিছত ৰোহিংগাজনক শিলচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰোৱায়৷ আদালতৰ অনুমতিত সাত দিনৰ জিম্মাত নিয়ে আৰক্ষীয়ে।

ইফালে, আৰক্ষীৰ মতে, ৰোহিংগাজনৰ ঘৰ ম্যানমাৰৰ ৰাখাটন এলেকাৰ আইকুব বুধিডা গাৱঁত৷ নিপীড়নৰ সময়ত কেবা বছৰ পূৰ্বে ম্যানমাৰৰ পৰা পলায়ন কৰি প্ৰথমে বাংলাদেশৰ শৰনাৰ্থী শিৱিৰত আশ্ৰয় লৈ পিছত চৌডি আৰৱ, পাকিস্তান, আফগানিস্তান ভ্ৰমণ কৰি পুনৰ বাংলাদেশলৈ উভতি যায়৷ বাৰ বছৰ পূৰ্বে বাংলাদেশৰ পৰা কৰিমগঞ্জ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি প্ৰথমে হাফলঙত আশ্ৰয় লোৱা ৰোহিংগাজনে কাছাৰৰ সোণাই সমষ্টিৰ বাগদহৰৰ আজিজুৰ ৰহমান লস্কৰৰ এগৰাকী জীয়ৰীক বিয়া পাতি কাছাৰত স্হায়ী ভাবে থাকিবলৈ লয়। ৰোহিংগাজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে সম্প্ৰতি শিলচৰ থানাত জেৰা কৰি থকা হৈছে লোকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in