১৯ ছেপ্তেম্বৰ,২০২৫ঃ কিংকৰ্তব্য বিমূঢ় হৈ টেলিভিছনৰ পৰ্দাত চাই ৰ'লো- "জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই"

নব্বৈৰ দশকৰ পৰা বৰ্তমান সময়লৈকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ ৰজাৰ দৰে হৈওঁ সাধাৰণ দৰ্শক, শ্ৰোতাৰ প্ৰতি তেওঁৰ আছিল অপৰিসীম ভালপোৱা, শ্ৰদ্ধা আৰু দায়বদ্ধতা৷

author-image
Asomiya Pratidin
New Update
MUR MOT
আজি জুবিন গাৰ্গৰ জন্মদিন। প্ৰাণৰ শিল্পীৰ ওপজা দিন উপলক্ষত কোনোৱে তেওঁলৈ বুলি দিছে হেপাহৰ গামোছা, কোনোৱে কাটিছে কেক। কোনোৱে ৰুইছে নাহৰৰ পুলি এটা। তেনে ধৰণৰে এগৰাকী অনুৰাগীয়ে অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিলে তেওঁলৈ বুলি লিখা এক আৱেগ ভৰা লেখা। এই লেখা এইবাৰৰ মোৰ মতৰ শিতানত আগবঢ়োৱা হ’ল। 

১৯ চেপ্তেম্বৰ, ২০২৫, অসমৰ ইতিহাসৰ ক’লা  দিনসমূহৰ ভিতৰতে এক উল্লেখযোগ্য দিন হিচাপে চিহ্নিত হৈ ৰ’ল৷ সেইদিনা সমগ্ৰ অসমবাসীয়ে যি শোক পালে, সেই শোকৰ পৰা মূৰ দাঙি উঠিবলৈ জাতিটোৰ কিমান সময়ৰ প্ৰয়োজন হ’ব সেয়া সঠিককৈ কোনেও ক’ব নোৱাৰে৷

 অসমবাসীৰ প্ৰিয় শিল্পী অসমী আইৰ শ্ৰেষ্ঠতম সন্তান জুবিন গাৰ্গ ১৯ ছেপ্তেম্বৰৰ দিনা ছিংগাপুৰত প্ৰাণ ত্যাগ কৰে৷ প্ৰাণৰ শিল্পীৰ চিৰবিদায়ৰ ঘটনাই আমাৰ সকলোৰে মনত মোক্ষম আঘাত হানে, আমি অকল কিংকৰ্তব্য বিমূঢ় হৈ টেলিভিছনৰ পৰ্দাত চাই ৰওঁ, “জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই” বুলি বাজি থকা নিৰ্দিষ্ট বাতৰিটোলৈ।

 তাৰপছিত সমগ্ৰ অমস ডুব যায় চকুপানীত৷ ‘তেওঁহীনতাত’ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ যি অৱক্ষয় ঘটিব সেয়া অনুমেয় হৈ পৰে সকলোৰে বাবে৷ জাতিটোৰ সংকট কালত এনে এক দুৰ্বিষহ ঘটনাই সচেতন মহলক জোকাৰি যায়৷

“জুবিন গাৰ্গ”  এজন সাধাৰণ ল’ৰা হৈয়ো কেনেকৈ গণশিল্পী হ’ল? কেনেকৈ তেওঁৰ মৃত্যুত স্তব্ধ হৈ গ’ল সমগ্ৰ অসম? কিয় তেওঁৰ মৃত্যুত লাখ লাখ লোকে চকুলোঁ টুকিলে? কিয় তেওঁৰ শেষ যাত্ৰাত লোকে লোকাৰণ্য হৈ পৰিল? কিয় তেওঁক শ্ৰদ্ধাঞ্জলি অকল মানুহেই নহয় প্ৰকৃতিয়েও দিলে? কিয় তেওঁৰ মৃত্যুই দেশ জিনি বিদেশ, শত্ৰু দেশকো একেই সুৰতেই বন্দী কৰিলে? এজন শিল্পী কিমান পৰ্যায়লৈকে সফল হ’লে তেওঁ হেৰাই যোৱাত এনেকুৱা বিৰল ঘটনা ঘটিব পাৰে?

এই সকলোবোৰ সম্ভৱ হ’ব পাৰে অকল “জুবিন গাৰ্গ” নামৰ সত্বাটোৰ বাবে৷ কাৰণ তেওঁ ব্যতিক্ৰম আছিল সকলো ক্ষেত্ৰতে৷ ‘জুবিন’ নামৰ সত্বাটোৱে অসমীয়া সাংস্কৃতিক জগতখনক তেতিয়া জগাই তুলিছিল যেতিয়া অসমৰ সামাজিক জীৱনৰ অৱস্থাও আছিল খুৱ শোচনীয়৷

 অসমীয়া মানুহে তেতিয়ালৈকে বৰগীত, লোকগীত, বিহুগীততে অভ্যস্ত হৈ জনজীৱন চলাই নিছিল৷ জীৱন পথত নতুনত্ব একো নাই, ইফালে সামাজিক, ৰাজনৈতিক ভাৱেও সমাজখনক বিশ্বাসঘাটকতা, সন্ত্ৰাসবাদে বেয়াকৈ কোবাই গৈছে৷ ঠিক তেনে সময়তে জুবিন গাৰ্গে অসমীয়া সমাজলৈ লৈ আহে সুৰৰ পানচৈ৷

পৰম্পৰাগত সুৰতে অভ্যস্ত কানবোৰেও নতুন সুৰ শুনিবলৈ পালে৷ সেই নব্বৈৰ দশকতে জুবিনে নিজৰ সাংগীতিক যাত্ৰাৰ কাৰণে প্ৰস্তুতি চলাই বেলেগ ধৰণে৷ বিখ্যাত ৰবীন বেনাজ¹, ৰমনী ৰয়, আদি লোকসকল আছিল তেওঁক সাংগীকি জীৱনৰ আদি গুৰু৷

তাৰ পিছত তেওঁ অলপ ডাঙৰ হোৱাৰ পিছৰে পৰা নিজেই সংগীত সাধনা আৰু সংগীতৰ ওপৰত পৰীক্ষামূলক আৰু তুলনামূলক গৱেষণা কৰিবলৈ ধৰে৷ তেওঁ সংগীত চৰ্চাৰ লগতে নিজকে বিলীন কৰি দিয়ে৷ তেওঁ ইমানেই সংগীতত মগ্ন হৈ গৈছিল যে পিছলৈ আমি দেখিবলৈ পাইছিলো তেওঁৰ কণ্ঠৰ ভংগীও সুৰীয়া হৈ গৈছিল, সাধাৰণ মানুহতকৈ তেওঁ সুৰীয়াকৈ কথাবোৰ কৈছিল৷

 সেই সময়ৰ পাশ্চাত্য সংগীত সমূহ তেওঁ খুব গভীৰভাৱে অধ্যয়ন কৰে৷ সেই সংগীতৰ সুৰ, কথা সকলো তেওঁ আয়ত্ত্ব কৰে আৰু অসমৰ থলুৱা ৰহণ সানি নতুনকৈ গীত ৰচনা কৰি সেইবোৰ পৰিবেশন কৰে৷ আমেৰিকা, লণ্ডনৰ প্ৰখ্যাত গায়ক ‘Lionel Richic’, ‘Frank Sintna’, ‘Mical Jackson’, ‘Pink Foido’ আদিৰ আছিল তেওঁ অনুৰাগী৷ তেওঁলোকৰ সংগীতৰ সুৰ, বাদ্যযন্ত্ৰৰ ব্যৱহাৰ এই সকলোবোৰ তেওঁ পৰ্যবেক্ষণ কৰিছিল সুক্ষ্মৰ পৰা সুক্ষ্মতম ভাৱে৷

এই সকলোবোৰ সংমিশ্ৰণ ঘটাই তেওঁ আমাৰ থলুৱা সংগীতক অন্য এক  মাত্ৰা প্ৰদান কৰিলে।অসমৰ দৰে এখন সৰু ৰাজ্যত জন্ম গ্ৰহণ কৰি গান গাই ফুৰা এজন সাধাৰণ ব্যক্তি বিশ্ব দৰবাৰলৈ নিজৰ পৰিচয়ৰে অসাধাৰণ হৈ পৰাৰ আঁৰত আছে বহু কাৰণ, বহু কাহিনী৷

 এয়া সচাঁ যে, তেওঁৰ আছিল এক ইশ্বৰ প্ৰদত্ত যাদুকৰী কণ্ঠ৷ কিন্তু সেই কণ্ঠ সকলোৰে হূদয়ত চিৰদিন বজাই ৰাখিবলৈ তেওঁ নিজেও কৰিছিল অত্যাধিক চৰ্চা তথা পৰিশ্ৰম৷ সংগীতৰ মাজতে নিজকে বিলাই দিব পৰাকৈ তেওঁ নিজৰ সুখ-স্বচ্ছন্দ্য, টকা-পইচা, ঘৰ-দুৱাৰ, পৰিয়াল সকলোকে সংগীতৰ পিছতহে ৰাখিছিল৷

 নব্বৈৰ দশকৰ পৰা বৰ্তমান সময়লৈকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ ৰজাৰ দৰে হৈওঁ সাধাৰণ দৰ্শক, শ্ৰোতাৰ প্ৰতি তেওঁৰ আছিল অপৰিসীম ভালপোৱা, শ্ৰদ্ধা আৰু দায়বদ্ধতা৷ সেই দায়বদ্ধতাক কেন্দ্ৰ কৰিয়েই মাতৃভূমিৰ সাংস্কৃতিক জগতখনক মহিয়ান কৰিবলৈ তেওঁৰ নিজৰ কেৰিয়াৰকো আওঁকাণ কৰি মুম্বাইত সু-প্ৰতিষ্ঠিত হোৱাৰ সকলো পথ এৰি নিজৰ মাটিতেই থাকি গ’ল৷

 মৃত্যুৰ পিছতো এক কিংবদন্তীলৈ ৰূপান্তৰ হোৱা এইজনা শিল্পী সাধাৰণ হৈও অসাধাৰণ হৈ ৰ’ল।              তেওঁৰ মৃত্যু আমাৰ সপোনৰো অগোচৰ আছিল৷ তেওঁ নোহোৱা হৈ যোৱা কথা কোনোকালেই আমাৰ মনলৈ অহা নাছিল৷ তেওঁৰ ‘শেষযাত্ৰা’, ‘সমাধি’ শব্দবোৰ আমাৰ বোধশক্তিৰ বাহিৰত আছিল৷

তেওঁ নোহোৱা হৈ যোৱাটো আমাৰ জীৱনৰ কাৰণে অভিশাপ হৈ ৰ’ল৷ ‘Man is Mortal’ এই কথাষাৰ তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিয়ে আমাৰ যুৱ-প্ৰজন্মৰ মনস্তত্বত ভাৱ এটা ৷কিন্তু এই সকলোবোৰৰ পিছত এটা কথা হ’ল “জুবিন গাৰ্গ”  আপুনি কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে৷ শেষজন অসমীয়া যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে আপুনিও থাকিব চিৰসেউজ হৈ৷ আমি এতিয়া আৰু শেষলৈও আপোনাৰ গানেৰে, আদৰ্শৰে জীয়াই যাম৷

জুবিন গাৰ্গ