/asomiyapratidin/media/media_files/2025/08/28/mur-mot-new-2-2025-08-28-17-58-44.jpg)
বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,বেদাচাৰ্য, দৰ্শনাচাৰ্য, ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আজি ৬০০ বছৰীয়া জন্মজয়ন্তী। এই জন্ম জয়ন্তী উপলক্ষে প্ৰাক্তন সাংসদ, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ এই লেখা মোৰ মত শিতানত আগবঢ়োৱা হ’ল।
ভক্তিধৰ্ম আৰু বৈষ্ণৱ আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত যি নৱজাগৰণৰ সূচনা কৰিছিল৷ আমাৰ এই পবিত্ৰ ভূমিত সেই কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ যিসকল মহাপুৰুষে কাব্য, গীত, নাট আদি ৰচনা কৰি আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰাই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা লগতে অসমৰ নিৰক্ষৰ সমাজক অনানুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰিছিল আৰু আজিও অসমৰ জাতীয় জীৱনত সমতা আৰু সংহতি অনাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আছে সেই সকলৰ ভিতৰত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ আছিল অন্যতম ৷
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে বৈষ্ণৱ আন্দোলনক সমৃদ্ধ কৰি সক্ৰিয়তাৰে ইয়াক তৰান্বিত কৰছিল৷ তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা ভাগৱত শাস্ত্ৰ আদিত উল্লেখ কৰা ধৰণে ভগৱান শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চনা কৰাতহে বিশ্বাস কৰিছিল।
মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে মানেৰি সত্ৰ, বহৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰি অসমত মহাপুৰুষীয়া-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত ব্ৰতি হৈছিল৷ মহাপুৰুষ হৰিদেৱ বেদ, গীতা উপনিষদ ভাগৱত শাস্ত্ৰ আদিৰ অগাধ জ্ঞান থকা এজন বিদগ্ধ পণ্ডিত তথা যোগসিদ্ধপুৰুষ আছিল।
তেখেতে সকলো শাস্ত্ৰৰপৰা মূল তত্ত্ববোৰ গোটখুৱাই ভক্তসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে লিপিবদ্ধও কৰিছিল। তেখেতে বহু গীত, পদ, গদ্য ৰচনা কৰি অসমৰ ভাষা সংস্কৃতিক জীপাল কৰি তুলিছিল৷
সহজ-সৰল চুটি চুটি বাক্যৰ দ্বাৰা গধুৰভাৱ প্ৰকাশ কৰাটো মহাপুৰুষ হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। তেখেতে ৰচনা কৰা ‘’ভক্তিৰস তৰংগিনী’’ প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ এক অমূল্য নিদৰ্শন।
অসমৰ এক শৰণ বৈষ্ণৱ আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ পৱিত্ৰ জন্মোৎসৱৰ এই দিনটোত শ্ৰদ্ধাৰে সুঁৱৰি তেখেতলৈ একাঁজলি ভক্তিভৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো।