মধুপুৰ সত্ৰৰ মধুৰ স্মৃতিৰ পৰশত উজ্জীৱিত লক্ষ্মীকান্ত মহন্ত

তাহানিৰ কামৰূপ আৰু কমতাপুৰৰ জাতীয় জীৱন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ অনন্য আলোকেৰে আজিও চিৰজ্যোতিৰ্ময় হৈ আছে।
মধুপুৰ সত্ৰৰ মধুৰ স্মৃতিৰ পৰশত উজ্জীৱিত লক্ষ্মীকান্ত মহন্ত

মহা মহা মনিষীৰ চানেকিৰে জ্যোতিষ্মান বৰ অসমৰ প্ৰতিটো চুক,প্ৰতিটো কোণ। এইসকলৰ মাজৰে অন্যতম পূণ্যভূমি ভাৰতবৰ্ষৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ সদ্য প্ৰয়াত লক্ষ্মীকান্ত মহন্ত। সত্ৰীয়া পৰম্পৰাৰে ক্ৰমানুসাৰে প্ৰয়াত তোলন আতৈ, গুৰুপ্ৰসাদ আতৈ, লক্ষ্মীকান্ত আতৈ, ফটিক চন্দ্ৰ হাজৰিকা আৰু সদ্য প্ৰয়াত লক্ষ্মীকান্ত মহন্তই মধুপুৰ সত্ৰত সত্ৰাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত যুগান্ত বায়নৰ এক চমু অৱলোকন।

তাহানিৰ কামৰূপ আৰু কমতাপুৰৰ জাতীয় জীৱন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ অনন্য আলোকেৰে আজিও চিৰজ্যোতিৰ্ময় হৈ আছে। পঞ্চদশ আৰু তাৰ পৰৱৰ্তী সময়ত শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি আদৰ্শই বৃহত্তৰ অসমৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক জীৱনত এক নৱ-জাগৰণৰ সূচনা কৰি কৃষ্ণ ভক্তিৰ বাণী আৰু আদৰ্শক সৰ্বদিশতে সঞ্চাৰিত কৰিবলৈ গুৰুদুজনাৰ লগতে আতা-পুৰুষসকলেও বিভিন্ন কাব্য, গীত, নাটক আদিৰ জৰিয়তে বৈষ্ণৱ আন্দোলনক শক্তিশালী কৰি তুলিছিল। এই শক্তিশালী ধাৰাটোৱে বৰ্তমানেও অসমীয়া জাতীয় জীৱনক আন্দোলিত কৰি ৰাখিছে।

গুৰুদুজনাৰ লগতে দামোদৰদেৱ, হৰিদেৱকে ধৰি বৈষ্ণৱ গুৰুসকলে আমাৰ আধ্যাত্মিক জগতখনক এক অনন্য ৰূপেৰে উদ্ভাষিত কৰি সেই তাহানিতে উত্তৰ-বংগ তথা কোচবিহাৰক এই আধ্যাত্মিক আন্দোলনৰ এক উৰ্বৰ ভূমি হিচাপে প্ৰতিষ্ঠা কৰিছিল। বৈষ্ণৱ আন্দোলনৰ অন্যতম এক স্মৃতি ঐতিহ্যমণ্ডিত এই ভেলা-মধুপুৰ সত্ৰ। ভক্তিৰসৰ মধু নিগৰি থকা এই ভূমিখণ্ডতে প্ৰতিষ্ঠিত মধুপুৰ সত্ৰ। অৱশ্যে স্থানীয় লোকসকলে নামাকৰণ কৰিলে মধুপুৰ ধাম নামেৰে।

১৫-১৬ খ্ৰীষ্টাব্দত প্ৰথমগৰাকী সত্ৰাধিকাৰ হিচাপে অধিস্থিত কৰা হৈছিল বুঢ়ীৰ পো গোবিন্দ আতৈদেৱক। পৰ্যায়ক্ৰমে সত্ৰীয়া পৰম্পৰাৰে পিছলৈ ক্ৰমানুসাৰে প্ৰয়াত তোলন আতৈ, গুৰুপ্ৰসাদ আতৈ, লক্ষ্মীকান্ত আতৈ, ফটিক চন্দ্ৰ হাজৰিকা আৰু সদ্য প্ৰয়াত লক্ষ্মীকান্ত মহন্তই সত্ৰাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১২ চনত সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰৰ পৰা মালা-নিৰ্মালি প্ৰদান কৰি সত্ৰাধিকাৰৰ আসনত লক্ষ্মীকান্ত মহন্তক অধিস্থিত কৰা হৈছিল। সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰা পিছৰে পৰা লক্ষ্মীকান্ত মহন্তই সত্ৰখনৰ উন্নয়ন তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি আৰু পৰিকল্পনা গ্ৰহণ কৰিছিল। কিন্তু যোৱা প্ৰায় ২ বছৰ ধৰি মহন্তদেৱৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত মহন্ত বাপে তেওঁৰ সপোনৰ বাস্তৱ ৰূপ দিবলৈ সমৰ্থ নহ'ল। শেহতীয়াভাৱে যোৱা ২ মাহ ধৰি চিকিৎসালয়ত কৃত্ৰিম উপায়েৰে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰি থাকি যোৱা ৮ মাৰ্চত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

উদাসীন ভকত হিচাপে জীৱন-যাপন কৰা মহন্ত বাপজনাৰ বিয়োগত অসমৰ বৈষ্ণৱ আন্দোলনৰ এক অপুৰণীয় ক্ষতি হ'ল। ১৯৫৬ চনৰ ২৪ এপ্ৰিল নগাঁও জিলাৰ পাহাৰী গায়ন গাঁৱত জন্মগ্ৰহণ কৰা মহন্ত বাপে ২০১২ চনৰ পৰা মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি গুৰুদুজনাৰ নীতি-আদৰ্শ আৰু বৰ্ণিল সৃষ্টিৰাজিক বিশ্বমুখী কৰাৰ বাবে মৃত্যুৰ আগমূহুৰ্ত লৈ কাম কৰি গ'ল। বিগত প্ৰায় ৮ বছৰ ধৰি বৃক্ক আৰু বহুমূত্ৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু লোকে সত্ৰীয়া পৰম্পৰা আৰু ঐতিহ্যক বিঘ্নিত কৰাৰ বাবে অহৰহভাৱে চেষ্টা চলাই থকা কাৰ্যক মহন্ত বাপে প্ৰতিহত কৰি কোনো ক্ষণতে যাতে গুৰু দুজনাৰ নীতি-আদৰ্শ লুণ্ঠিত নহয় তাৰ বাবে সদায় চেষ্টা চলাই গৈছিল।

গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দেহ ত্যাগ কৰা পবিত্ৰ ভূমিতেই দৌল উৎসৱৰ পবিত্ৰ দিনত মহন্ত বাপে মধুপুৰতেই চকু মুদিলে। আজি ১৮ মাৰ্চত বাপজনাৰ আদ্য শ্ৰাদ্ধ উপলক্ষ্যে তেখেতৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ বাবে ভগৱান শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ। বাপজনাৰ অবৰ্তমানত মধুপুৰৰ চৌদিশে যেন ধ্বনিত হৈছে গুৰুজনাৰ সেই অমৰ সৃষ্টিৰ হৃদয়স্পৰ্শী সুৰ -----

"ৰামচন্দ্ৰ স্বৰ্গে চলি গৈলা।

অযোধ্যা নগৰী শূণ্য হৈলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in