/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/gk73aiw7/puja-lekha-.jpg)
কাতি বিহু, তুলসী পূজা-পৰম্পৰা আৰু বিশ্বাস...
শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। আজি লক্ষ্মী পূজা আৰু কালিলৈ আদৰৰ কাতি বিহু। নদী দ্বীপ মাজুলীত এতিয়া উখল-মাখল পৰিবেশ। আজি ৰাসোৎসৱৰ নাট মেলিচে, কাতি বিহুৰ প্ৰস্তুতি চলিছে। মাজুলীৰ কাতি বিহুৰ মাদকতাই সুকীয়া। সেই উপলক্ষে মাজুলীৰ পৰা এই বিশেষ লেখা ''পূজাৰ লেখা'' শীৰ্ষক লেখাত লিখিছে নামনি মাজুলীৰ যদু কলিতাই।
- “চন্দামৰা পথাৰলৈকে যাম, লখিমীৰ ওচৰত চাকি দিবলৈ- সেইখন পথাৰত ধানে গেঁৰ ধৰিলে”
- অ’ হ’ব, বাইদেউ, একেলগে যাম। আমাৰ মাজুবিলৰ ধানখিনিও চাই আহিম।
- “অ’ ভাল হ’ব, ভাল হ’ব”- আমি সকলো গোপিনী বিয়লি বেলি ভাটি দিয়া সময়ত একেলগে গৈ পথাৰত চাকি জ্বলাম। চাকি, কলৰ পাত, পটুৱা লৈ সকলো ওলাব- একেলগে গৈ পথাৰত লখিমীক প্ৰাৰ্থনা কৰিম।”
এয়া আছিল- মাজুলীত কাতি বিহুৰ দিনা পুৱা নামঘৰত গোপিনীসকলে নাম লৈ নামৰ শেষত কৰা এক আলোচনাৰ অংশ বিশেষ। মাজুলীৰ বহু নামঘৰত দেখা পোৱা এখন কাতি বিহুৰ এইয়া সঁচা ছবি।
কাতি বিহুৰ দিনা নামঘৰত পুৱাৰ গোপিনীসকলৰ নামৰ শেষত ঘৰলৈ গৈ ঘৰৰ জ্যেষ্ঠজনক সেৱা কৰি জা-জলপান খায় আৰু বিয়লি হোৱাৰ লগে লগে আধ্যাত্মিক সাঁজপাৰেৰে পথাৰত চাকি- বন্তি জ্বলাবলৈ জাকি মাৰি যোৱা দৃশ্য মাজুলীত ৯০ দশকৰ শেষলৈকে অতি সুলভ আছিল।
মোৰ মাতৃয়েই আছিল তাৰ জ্বলন্ত উদাহৰণ আৰু সেই মাতৃয়েই আমাৰ পৰিয়ালৰ শেষৰগৰাকী মহিলা, যি পথাৰত কাতি বিহুত চাকি জ্বলাই কাকুতি ঘোষা গাইছিল। সেই বৃহৎ পথাৰবোৰ বৰ্তমান খহনীয়াত জাহ গ’ল অথবা কাকৰিকটা- গুৱালগাঁও মথাউৰি নিৰ্মাণ কৰাত ( অপৰিকল্পিত/ অদূৰদৰ্শী সিদ্ধান্ত) বহু পথাৰ পিতনি-জলাশয়ত পৰিণত হোৱাত মোৰ মাতৃয়ে কাতি বিহুত চাকি, বন্তি দিয়া পথাৰসমূহ বৰ্তমান উকা হৈ পৰি আছে।
মাজুলীত কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ মেটমৰা সম্ভাৰে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি ৰাখিছে। যদিও ঐশ্বৰ্যৰ দিশৰ পৰা কাতি বিহু কঙালী, কিন্তু ঐতিহ্য পৰম্পৰাৰে এই বিহু সমৃদ্ধ।
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। উলহ-মালহ বা ভোগ প্ৰাচুৰ্য নাথাকিলেও এই বিহুক বহুতো ধৰ্মীয় ৰীতি- নীতিয়ে আৱৰি ৰাখিছে।প্ৰকৃতিয়ে আনি দিয়া শৰৎ কালৰ স্নিগ্ধ আনন্দই বাৰিষাৰ বৰষাক পাহৰাই তোলে।
শাৰদী ৰাণীৰ আগমণে মাজুলীৰ বুকুলৈ কাতি বিহুকহে আমন্ত্ৰণ জনায়। মূলতঃ কৃষিভিত্তিক এই কাতি বিহু কৃষিজীৱি ৰাইজৰ বাবে “কঙালী।” কাতি মাহত ভঁৰালৰ ধান প্ৰায় শেষ হয় আৰু পথাৰৰ ধানো পকিবলৈ প্ৰায় ২০-২৫ দিন থাকে।
এই কঙালী সময়ত পৰা কাতি বিহুত ভোগৰ পৰিৱৰ্তে কৃষিজীৱি ৰাইজে পথাৰৰ পৰা লখিমীক আদৰিবলৈ আধ্যাত্মিকতাৰ আশ্ৰয় লয়। সেয়ে পথাৰত, ভঁৰালত, গোহালি, ৰান্ধনী ঘৰ, ঢেঁকীশাল, ঘৰৰ চোতাল, পাছফাল আদিত চাকি-বন্তি জ্বলাই কেৱল ঐশ্বৰ্যৰ বাবে প্ৰাৰ্থনা কৰে।
মাজুলীত মধ্যযুগৰ সমান্তৰালকৈ গঢ় লৈ উঠা সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম অলংকাৰ হৈছে কাতি বিহু। মাজুলীৰ সকলো সত্ৰত পূৰ্বে মাজুলীত ৬৫ খন সত্ৰ আছিল আৰু বৰ্তমান জিলাখনত ৩৫খন সত্ৰ আছে।
পৰম্পৰা আৰু ঐতিহ্যৰ আধাৰত মাজুলী সত্ৰানুষ্ঠানত কাতি বিহু সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয়। মাজুলীৰ সত্ৰত আহিন- কাতিৰ সংক্ৰান্তিৰ ব্ৰত ৰাখি আগদিনাৰ পৰাই কাতি বিহু আৰম্ভ কৰে।
সত্ৰৰ আবাসীসকলৰ ভঁৰাল কাতিতো সমৃদ্ধ হৈ থাকে। সেয়ে কাতি বিহুত সত্ৰৰ ভকতসকলে নিজে ঢেঁকী বা উৰালত পিঠাগুড়ি, সান্দহ আদিৰ জলপান, বহাৰ দৈ গাখীৰেৰে কাতি বিহুত সত্ৰৰ বহাসমূহত ভকতসকলে খোৱাটো পৰম্পৰা। মাজুলীৰ সততে ভকত, গোঁসাই, প্ৰভুসকলে কাতি বিহুৰ আগদিনাৰ পৰাই উপবাসে থাকি পাছদিনা পুৱাতে গা-পা ধুই নামঘৰলৈ যায়। নামঘৰত নাম-কীৰ্তন কৰি গুৰু সেৱা, জ্যেষ্ঠজনক সেৱা আদি কৰি পিঠা জলপান খায়।
দুপৰীয়া পুনৰ নাম-কীৰ্তন কৰি তুলসী পূজা, আকাশবন্তি জ্বলোৱা উৎসৱ পালন কৰে। পথাৰত বন্তি জ্বলাই পথাৰৰ পোক-পতংগ নাশ হোৱাৰ কামনা কৰে আৰু বাঁহৰ সুন্দৰ জালিকা বনাই মাটিৰ পৰা বহু ওপৰত আকশবন্তি জ্বলাই পথাৰৰ লখিমীক ঘৰলৈ অহাৰ বাট দেখুৱাই দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/679uurtw/60481d27-a115-4eff-9e32-4fa9b8f0d886.jpg)
আঘোণত পথাৰৰ লাহি, শালি ধান অহাৰ বাবে অদৃষ্টক প্ৰাৰ্থনা কৰে। কাতি বিহুৰ পথাৰৰ বন্তি গছি, তুলসী তলৰ বন্তি গছি অথবা আকাশবন্তি গছিয়ে আধ্যাত্মিকতাৰ জ্যোতিৰে সকলোকে আলোকিত কৰে।
মাজুলী তাৰ অন্যতম উদাহৰণ। মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত পৰম্পৰাগত ভাবে সত্ৰৰ নামঘৰৰ দক্ষিণ দিশত বহু ওপৰত সুদৃশ্য বাঁহেৰে নিৰ্মিত ২১ জোৰা আকাশ বন্তি যোৱা ৩৭১ বছৰে প্ৰজ্বলন কৰি আহিছে।
সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন, বায়ন, নটুৱা, ওজাপালি, সংকীৰ্তন আদিৰ মাজেৰে সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুয়ে উক্ত ২১ জোৰা আকাশ বন্তি জ্বলায়। আকাশ বন্তি প্ৰজ্বলন উৎসৱ আউনীআটী সত্ৰৰ কাতি মাহৰ প্ৰধান প্ৰথম উৎসৱ।
মাজুলীৰ গড়মূৰ, বেঙেনাআটী, দক্ষিণপাট, কমলাবাৰী আদি সত্ৰতো কাতি বিহুত আকাশ বন্তি জ্বলোৱা হয়। মাজুলীৰ ২৫০ থন গাঁৱতো কাতি বিহুত নামঘৰত নাম লোৱা, ৰাজহুৱা অনুষ্ঠান, ঘৰ আদিত তুলসী ভেটি বনাই তুলসী পূজা কৰা, সকলোতে চাকি জ্বলোৱা, ঘৰে ঘৰে তুলসীৰ তলে তলে কন কন ল’ৰা ছোৱালীয়ে প্ৰাৰ্থনা গাই মা-প্ৰসাদ খোৱা, গৃহস্থক লখিমী বৃদ্ধিৰ বাবে এজোলোকা আশীৰ্বাদ দিয়াটো পৰম্পৰা।
কাতি বিহুৰ দিনাই মাজুলীত পুৱাতে সুন্দৰ মাটি সংগ্ৰহ কৰি তুলসী ভেটি বনোৱাটো প্ৰত্যেক ঘৰত দেখা যায়।
''বৃন্দায়ৈ তুলসী দেব্যৈ
প্ৰিয়ায়ৈ কেশবস্যচ
কৃষ্ণ ভক্তি প্ৰদে দেৱী
সত্য বত্যৈ নমো নমঃ''
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/owj8zk0t/69224ee0-8409-41ec-b5e8-dda8cbb55b89.jpg)
তুলসী এক পবিত্ৰ উদ্ভিত। তুলসীক ঔষধি আৰু আধ্যাত্মিক এই দুই প্ৰকাৰে ব্যৱহাৰ কৰা হয়। তুলসীয়ে ধন, ঐশ্বৰ্য বা প্ৰাচুৰ্য কঢ়িয়াই আনে বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি কাতি মাহ পূণ্য দামোদৰ মাহ আৰু এই মাহত তুলসী ৰোপণ কৰিলে সকলো দুখ-শোকৰ পৰা উদ্ধাৰ হয় আৰু একৈশ পুৰুষ উদ্ধাৰ হয় বুলি বিশ্বাস কৰে।
আনকি তুলসী গছ স্পৰ্শ কৰিলেই পাপ খণ্ডন হয় বুলিও এক জনবিশ্বাস আছে। তুলসী পূজা অথবা তুলসী বন্দনাৰে হিন্দু ধৰ্মাৱলম্বীসকল সমগ্ৰ কাতি মাহত ব্যস্ত থাকে। অৱশ্যে ঔষধি হিচাপেও তুলসীৰ গুণ সৰ্বজন সমাদৃত।
কিন্তু আধুনিকতাৰ নব্য অৰ্থনীতি গ্ৰাসত কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা বহুতো লোপ পাইছে। নগৰীকৰণ, বান-খহনীয়া আদিৰ বাবেও ভূমিৰ পৰিমাণ কমি যোৱাত শস্য, শ্যামলা পথাৰবোৰ ক্ৰমান্বয়ে বিলুপ্ত হৈছে।
ফলত কাতি বিহুৰ সমৃদ্ধ পৰম্পৰাবোৰ কমি আহিছে। অসমৰ জাতীয় জীৱনৰ বাবে ই বেয়া কথা। অসমৰ নৱ প্ৰজন্মই কাতি বিহুৰ আঁচল লোক পৰম্পৰাৰে বিহুটোক উজ্জীৱিত কৰি জাতীয় জীৱন, লোক জীৱন সমৃদ্ধ কৰাৰ দায়িত্ব ল’ব লাগিব। বিহু থাকিলেই অসম থাকিব, অসমীয়াৰ স্বাভিমান থাকিব।
(লেখক যদু কলিতা এগৰাকী শিক্ষক, সাংবাদিক তথা সু-লেখক)