/asomiyapratidin/media/media_files/2025/01/23/hmJ9IZw3hIA1h8FYRRaZ.jpg)
গোৰ্খা সম্প্ৰদায়ৰ স্বাধীনতা সংগ্ৰামী তথা জননেতা বাবু সিং গুৰুঙৰ আজি জন্ম বাৰ্ষিকী। আইনজ্ঞ হিচাপেও খ্যাতি অৰ্জন কৰা বাবু সিং গুৰুং আছিল সংবিধান পৰিষদৰ সদস্য। গোৰ্খা লীগ গঠনৰ লগতে ডম্বৰ সিং গুৰুঙে অসম প্ৰেমৰ উদাহৰণ দি গ্ৰুপিঙৰো বিৰোধিতা কৰিছিল। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত প্ৰকাশ কৈৰালাৰ এই লেখা মোৰ মত শিতানত প্ৰকাশ কৰা হ'ল।
পৰিচয়
বাবু ডম্বৰ সিং গুৰুং এগৰাকী জননেতা আৰু আইনজীৱী আছিল৷ তেওঁ ভাৰতবৰ্ষৰ সংবিধান পৰিষদৰ সদস্য হিচাপেও অন্তৰ্ভুক্ত আছিল। পাহাৰীয়া অঞ্চল কলিম্পুঙত জন্মগ্ৰহণ কৰা গুৰুং আছিল উচ্চ শিক্ষাৰে শিক্ষিত ৰাজনেতা তথা সমাজসেৱক। আইনৰ শিক্ষাৰেও শিক্ষিত এওঁ ওকালতিৰ লগতে সমাজসেৱাতো জড়িত হৈ পৰে।
ভাৰতবৰ্ষৰ থলুৱা গোৰ্খাসকলৰ সামাজিক, শৈক্ষিক, ৰাজনৈতিক উন্নয়নৰ বাবে তেওঁ গোৰ্খা লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে।“গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টাক খণ্ডন কৰি তেওঁ অসমৰ স্বাৰ্থত গোৰ্খা ৰাইজক একত্ৰিত কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।” মাত্ৰ ৪৮বছৰ বয়সতে মৃত্যুবৰণ কৰা ডম্বৰ সিং গুৰুং "বাবু" বুলি অভিহিত কৰা হয়।
জন্ম আৰু শিক্ষা
১৯০০ চনৰ ২৩ জানুৱাৰীত এক শুভ সন্ধিক্ষণত পশ্চিমবঙ্গৰ কালিম্পঙত এক সম্ভ্ৰান্ত পৰিয়ালত ডম্বৰ বাবুয়ে জন্মগ্ৰহন কৰে। তেখেতৰ পিতৃৰৰ নাম আছিল যুদ্ধবীৰ গুৰুং আৰু মাতৃৰ নাম আছিল মনমায়া গুৰুং।
ইণ্ডো মংগোলীয় গুৰুং বংশত জন্ম লোৱা ডম্বৰ সিং গুৰুং আছিল অত্যন্ত জাতিপ্ৰেমী দেশভক্ত। কলিম্পুঙৰ স্থানীয় স্কটিছ মিছনৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। সৰুৰে পৰাই পঢ়াশুনাত মেধাৱী হোৱা হেতুকে ১৯২০ চনত ডম্বৰ সিং গুৰুঙে দাৰ্জিলিঙৰ চৰকাৰী জিলা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯২৪ ত তেখেতে কলিকতাৰ স্কটিছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সমাজ সংস্কাৰ আৰু আইনৰ মাধ্যমেৰে শোষিত বঞ্চিত নিপিড়িত মানুহক আইনী সহায় কৰাৰ সপোন দেখি দূৰদৰ্শী নেতা ডম্বৰ সিং গুৰুঙে ১৯৩৩চনত কলিকতালৈ গৈ আইন কলেজত অধ্যয়ণ কৰি ১৯৩৬ চনত আইনৰ ডিগ্ৰী লাভ কৰে।
সামাজিক কৰ্মজীৱন
১৯২৪ চনত স্নাতক ডিগ্ৰী লাভ কৰি ডম্বৰ সিং গুৰুঙে শিক্ষকতাৰ মাধ্যমেৰে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ গেংটক স্থিত চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত তিনিবছৰ শিক্ষকতা কৰে।
সমাজপ্ৰিয়, জাতিপ্ৰিয় গুৰুঙে গেংটক এৰি পুনৰ নিজ বাসগৃহ কলিম্পঙত আহি শিক্ষাকতাৰ বৃত্তি গ্ৰহন কৰে। তেওঁ নিজ পিতৃ ঠিকাদাৰ হোৱা হেতুকে ঠিকাদাৰ কাম কাজত কিছু সহযোগ কৰে যদিও সমাজ সেৱাত ৰুচি থকা ডম্বৰ বাবুয়ে বেছিদিন এই কাৰ্যত সংলগ্ন নহৈ আইনৰ শিক্ষা গ্ৰহন কৰি সৰ্বহাৰা গোৰ্খা সমাজৰ হৈ নিজ কণ্ঠৰে সমজাক জাগ্ৰত কৰিবলৈ আৰম্ভ কৰে।
এজন আইনজীৱী ডম্বৰ সিং গুৰুঙে ভাৰতৰ সংবিধান সভাত ভাৰতীয় গোৰ্খাক প্ৰতিনিধিত্ব কৰি সদস্য হিচাপে অংশগ্ৰহণ কৰে। জাতিপ্ৰেমৰ বাবেই দাৰ্জিলিং জিলাৰ পৰা জনপ্ৰিয় নেতা ৰূপে ডম্বৰ সিং গুৰুঙে আত্মপ্ৰকাশ কৰে।
১৯৩৭চনত পশ্চিমবংগৰ দাৰ্জিলিং বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে ডম্বৰ সিং গুৰুং বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হয়। পুনৰবাৰ তেওঁ ১৯৪৬ চনত দাৰ্জিলিং বিধান সভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।
জাহওক ১৯৪৩চনৰ ১৫মে ‘ তাৰিখে দাৰ্জিলিং চহৰৰ ৰিংকে চিনেমা হলত অনুষ্ঠিত সভাই সৰ্বভাৰতীয় স্তৰত গোৰ্খা জনগোষ্ঠীৰ উত্থানৰ বাবে অখিল ভাৰতীয় গোৰ্খা লীগ নামৰ সংগঠনৰ জন্ম দিয়ে। দাৰ্জিলিঙত অনুষ্ঠিত সভাত শিৱ কুমাৰ ৰাই ডাঙৰীয়াই উল্লেখ কৰা প্ৰস্তাৱ আছিল- “Resolved that in view of the fact that the condition of the Gurkhas spread throughout India is very deplorable and that the political status of the Gurkhas in India is uncertain and that the future of the Gurkhas is at stake an organization named The All India Gorkha League be Formed at this mass meeting of the Gurkhas in order to look after the interest of the Gurkhas in all respects and particularly to establish the political change takes place in India and further to mobilise the Gurkhas and Support the Allies in The war effort”
এই প্ৰস্তাৱক বাবু লাল বাহাদুৰে সমৰ্থন কৰে।এই সংগঠনৰ সভাপতি হিচাপে জনপ্ৰিয় নেতা বাবু ডম্বৰ সিং গুৰুঙক সভাপতি আৰু ৰন্ধীৰ চুব্বাক সাধাৰণ সাধাৰণ সম্পাদকৰ দায়িত্বত অৰ্পন কৰা হয়।
গোৰ্খা লীগৰ নেতা হোৱা আগৰে পৰাই ডম্বৰ বাবুয়ে উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী গোৰ্খাসকলক দেশৰ বিভিন্ন প্ৰান্তত গৈ একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ দেশৰ উন্নতিয়ে পূৰ্ণতা পাব।
সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৪৩ চনৰ ১৩মেত দাৰ্জিলিঙত অনুষ্ঠিত সভাত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ গোৰ্খা জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনতে “All India Gorkha League” (ইয়াক চমুকৈ AIGL নামেৰেও জনা যায়) নামেৰে জনা যায়।
ভাৰতবৰ্ষৰ গোৰ্খা সকলৰ আৰ্থ-সামাজিক ৰাজনৈতিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য। এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই চৰকাৰে ভাৰতবৰ্ষৰ লগতে অসমৰ গোৰ্খা গ্ৰেজীয়াৰ্চসকলৰ সমস্যাৰ প্ৰতি কিছু সহমৰ্মিতা প্ৰদৰ্শন কৰিছিল।
সংবিধান পৰিষদৰ সদস্য হিচাপে বাবু ডম্বৰসিং গুৰুং
ভাৰতবৰ্ষৰ গোৰ্খা জনগোষ্ঠীয় প্ৰতিনিধি হিচাপে সংবিধান সভাত মৃত্যুৰ আগমূহুৰ্ত পৰ্যন্ত বাবু ডম্বৰ সিং গুৰুং সদস্য হিচাপে অংশগ্ৰহন কৰিছিল।তেওঁ ১৯৪৬ চনত আৰু পুনৰ ১৯৪৮ ত(Constutuent Assembly) সংবিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল।
ডম্বৰ সিং গুৰুঙে ভাৰতৰ পিছপৰা থলুৱা গোৰ্খাসকলৰ আত্মপৰিচয় আৰু অধিকাৰৰ বাবে কাম কৰিছিল। তেওঁ “সংবিধান পৰিষদৰ মজিয়াতো সজোৰে দাবী কৰে যে দেশৰ পিছপৰা সম্প্ৰদায় হিচাপে গোৰ্খাসকলৰ বাবেও কেন্দ্ৰীয় আৰু প্ৰেদেশিক আইন সভাবোৰত উপযুক্ত প্ৰতিনিধিত্বৰ ব্যাৱস্থা কৰিব লাগে।
উল্লেখ্য যে, সংবিধান পৰিষদৰ সভাতো ডম্বৰসিং গুৰুঙে শৈক্ষিক আৰু সামাজিকভাৱে অনুন্নত গোৰ্খাসকলক সংখ্যালঘু সম্প্ৰদায় হিচাপে স্বীকৃতি প্ৰদানৰ বাবে দাবী জনাইছিল।
গোৰ্খা লীগ, ডম্বৰ সিং গুৰুঙৰ অসম প্ৰেম আৰু গ্ৰুপিং ব্যাৱস্থা বিৰোধ
ভাৰতীয় গোৰ্খাসকলৰ আত্মপৰিচয় আৰু অধিকাৰ প্ৰদান উদ্দেশ্য দাৰ্জিলিং ৰিংক চিনেমা হলত ১৯৪৩চনৰ ১৫মে ‘ তাৰিখে ডম্বৰ বাবুৰ নেতৃত্বত গঠন হোৱা অখিল ভাৰতীয় গোৰ্খা লীগে অসমত স্থায়ীভাৱে বসবাস কৰা থলুৱা গোৰ্খাসকলৰ কথা জানিব পাৰি গুৰুঙে নিজেই ১৯৪৪ চনৰ প্ৰথমচোৱাত অসম ভ্ৰমন কৰিবলৈ আহে। তেওঁৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোত শিৱ কুমাৰ ৰাই, অৰি বাহাদুৰ গুৰুঙ আদি নেতাও উপস্থিত আছিল।
প্ৰাক স্বাধীনতাৰ কালছোৱাত অসমৰ গোৰ্খাসকলৰ সমস্যা বিশেষকৈ বেংগল মৈমনচিঙিয়া প্ৰব্ৰজনকাৰীসকলে অবৈধভাৱে ভূমি দখলৰ দ্বাৰা সৃষ্টি কৰা গ্ৰেজিয়াৰ গোৰ্খাসকলৰ আছিল। এই সমস্যাক লৈ ডম্বৰ সিং গুৰুঙে গোপীনাথ বৰদলৈৰ লগত আলোচনাত মিলিত হয়।
তদুপৰি তদানীন্তন অসমৰ প্ৰধানমন্ত্ৰী চৈয়দ ছাদুল্লাক ডম্বৰ বাবুৰ নেতৃত্বত যোৱা এটি সজাতি দলে সাক্ষাৎ কৰি গোৰ্খা গ্ৰেজিয়াৰ্চসকলৰ সমস্যাৰ বিষয় আলোচনা কৰে। সমস্যা সমধানৰ উপায় হিচাপে গোৰ্খা লীগক গুৰুত্বপূৰ্ণ বিষয় অনুসন্ধান কৰা হ’ব বুলি আশ্বাস দিয়ে যাতে গ্ৰেজিং ভূমি পমুৱা মৈমনচিঙীয়া বেদখল উচ্ছেদ কৰিব পৰা যায়।
বিধান সভাত ১৯৪৪ চনৰ ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে এই বিষয়টোৰ ওপৰত আলোচনা কৰা হৈছিল য'ত গভৰ্ণৰে নিজেই তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু শেষত সদনে সকলো দিশতে আশ্বাস প্ৰকাশ কৰিছিল আৰু এইদৰে “–Suggested to the Government through a resolution to adopt measures to stop cultivation in the professional grazing reserves,to serve notice to the encroachers to vacate the reserves within six months,and to settle the evicted families from the grazing reserves elsewhere.Hiwever ,the failure the Government to implement the recommendations compelled the Gurkha League to persist with its demand for the protection of the interests of the Gurkha Graziers in Assam..”
অসমৰ স্বাৰ্থত পূৰ্ববংগৰ পৰা অহা পমুৱা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী গোৰ্খা লীগৰ নেতা ডম্বৰসিং গুৰুঙে সজোৰ উত্থাপন কৰিছিল। অৱশ্য উচ্ছেদ কৰা হব আৰু গ্ৰেজিয়াৰসকলৰ সমস্যা সমধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ পিছতো এই বিষয় কোনো কাৰ্যকৰী ব্যাৱস্থা চৰকাৰে হাতত নল’লে।
যাৰ পৰিণতিত কালক্ৰমত বহু চৰ চাপৰিৰ পৰা পমুৱাৰ অত্যাচাৰৰ বলি গ্ৰেজিয়াৰ্চ গোৰ্খাসকলে নিজৰ মাটি সম্পতি এৰি যাব লগা হ’ল। নলবাৰী মুকালমুৱা লঠুৱা ভংগ্নমাৰী চৰ, বুঢ়াচাপৰি, লাঁওখোৱা, গোবিন্দপুৰ, খাৰূপেটিয়া নেপালী বস্তি আদি বহু চৰ অঞ্চল এৰি যাবলৈ বাধ্য হোৱা যথেষ্ট উদাহৰণ আছে।
অসমৰ থলুৱা গোৰ্খাসকলৰ সমস্যা সমধানৰ প্ৰতি গুৰুঙৰ প্ৰচেষ্টা আৰু তেওঁৰ অসম ভ্ৰমণৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈ অসমৰ গোৰ্খা নেতৃত্বই ১৯৪৪চনৰ ৬ আগষ্টত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অখিল ভাৰতীয় গোৰ্খা লীগৰ প্ৰাদেশিক শাখা অসম প্ৰাদেশিক গোৰ্খা লীগ গঠন কৰে।
তাৰ পিছৰ পৰ্যায়ত অসমৰ অন্যান্য অঞ্চলত দ্ৰুতগতিত একোটাকৈ শাখা গঠন কৰা হয়। যেনে তেজপুৰত ১৯৪৫ চনৰ ৮ জানুৱাৰীত, গুৱাহটিত ৩০ নৱেম্বৰ ১৯৪৫, তিনচুকিয়াত ১৯৪৬ চনৰ ১৯ মে’ তাৰিখে, ডিব্ৰুগড়ত ২ জুন ১৯৪৬, ডিগবৈত ১৪ আগষ্টত গোৰ্খা লীগৰ শাখা গঠন হয়। এইদৰে গোৰ্খা লীগে অসম ৰাজ্যৰ গোৰ্খা সকলৰ সমস্যাসমূহ সম্বোধন কৰিবলৈ ধৰিলে।
বিশ্বনাথ চাৰআলিৰ বীণাপাণি হলত বাবু ডম্বৰসিং গুৰুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত পণ্ডিত নৰপতি উপাধ্যায়, প্ৰাসাদ সিং চুব্বা, ছবিলাল উপাধ্যায়, বিষ্ণুলাল উপাধ্যায়,ছবিলাল গজুৰেল, গুণাকৰ লামিছানে, দীন নাথ গৌতম, টিকাৰাম চাপকোটা, ৰামজী জ্ঞাৱালী আদি অনেক কৰ্মীৰ উপৰিও কেইবাগৰাকী অসমীয়া ভদ্ৰলোকৰ উপস্থিতিত প্ৰফেচনেল গ্রেজিং ৰিজাৰ্ভত বেদখল হোৱা বিষয় দীঘলীয়া আলোচনা হয় আৰু সেইদিনাই বিশ্বনাথ শাখা সমিতি গঠন হয়।
তাৰ পিছতে দৰং জিলাত শাখা গঠন কৰা ক্ৰম আৰম্ভ হয়। কিছুদিনৰ ভিতৰতে তেজপুৰ, বিহালী, তেলীয়াগাঁও, চিতলমাৰী, চোলঙ, শিয়ালমাৰী, ৰঙাপাৰা আৰু পানপুৰত শাখা গঠন হয়। ১৯৪৭ চনৰ এপ্ৰিল মাহত অখিল ভাৰতীয় গোৰ্খা লীগৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন তেজপুৰ চহৰত মহাপয়োভৰেৰে সু-সম্পন্ন হয়। তেতিয়ালৈকে গোটেই অসমত ৮০ টা শাখা আৰু ৬খন জিলা সমিতি সক্ৰিয় হৈ উঠে।
ডম্বৰসিং গুৰুং নেতৃত্বত থকা গোৰ্খা লীগেই অসমৰ থলুৱা গোৰ্খাসকলক শিক্ষা দিছিল যে অসমক মাতৃভূমি আৰু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ উদাত্ত কণ্ঠেৰে আহ্বান জনাইছিল।” অৰ্থাৎ কবলৈ গলে গোৰ্খা লীগে অম্বিকাগীৰি ৰায় চৌধুৰীৰ অসমীয়া ভাষা মাতৃভাষা হিচাপে লিখিবলৈ আহ্বান জনোৱা বিষয়ত ডম্বৰ সিং গুৰুঙৰ নেতৃত্বাধীন গোৰ্খা লীগেও সহাঁৰি জনাইছিল।
এয়া আছল অৰ্থত ক’বলৈ গলে বাবু ডম্বৰসিং গুৰুঙৰ অসমপ্ৰেম আছিল। তেওঁ অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা জিন্না চাহাবৰ নীতিক তীব্ৰভাৱে বিৰোধিতা কৰিছিল। ডম্বৰসিং গুৰুঙৰ নেতৃত্বাধীন গোৰ্খা লীগে অসম আৰু অসমৰ গোৰ্খাপ্ৰেমৰ বাবেই ১৯৪৫–৪৬ দাৰ্জিলিঙক অসমত জাপি দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল।
উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ আগমূহুৰ্ত পৰ্যন্ত গুৰুঙে এই দাবী উত্থাপন কৰি তদানীন্তন ভাৰতৰ গভৰ্ণৰ জেনেৰলক ১৯৪৭ চনৰ মে’ মাহত স্মাৰক পত্ৰ প্ৰদান কৰি দাৰ্জিলিং আৰু জলপাইগুৰী জিলা দুখনক অসমৰ লগত চামিল কৰিবলৈ দাবী জনাইছিল।
এইদৰে গুৰুঙে অসমৰ প্ৰতি নৰম ভাৱ দেখুৱাই অসমপ্ৰেমৰ নিদৰ্শন তাহানিতে দাঙি ধৰিছিল। তেওঁ নিজেই দাৰ্জিলিঙৰ দৰে পাহাৰৰ ৰাণী জিলা অসমৰ লগত অন্তৰ্ভুক্ত কৰাৰ সপোন দেখিছিল।
সেই সন্দৰ্ভত গুৰুঙে ইয়াৰ কিছুমান গোৰ্খা নেতাৰ লগতে অসমৰ প্ৰধান মন্ত্ৰী গোপীনাথ বৰদলৈ, নিকলছ ৰয়, ৰূপনাথ ব্ৰহ্ম, দেৱেশ্বৰ শৰ্মা আদি নেতাৰ লগত আলোচনা বহু দূৰলৈ আগুৱাই নিছিল। উল্লেখ্য যে “গোৰ্খা জনগোষ্ঠীয় সত্তা সংৰক্ষণৰ বাবে অখিল ভাৰতীয় গোৰ্খা লীগ স্থাপন কৰিবলৈ প্ৰেৰণা যোগোৱা ডম্বৰসিং গুৰুঙে ভাৰতৰ কেন্দ্ৰীয় আৰু বিভিন্ন প্ৰদেশবোৰত বিধান সভাবোৰত গোৰ্খা সম্প্ৰদায়ক এক “Minority Community” বুলি স্বীকৃতি প্ৰদান নকৰাত তেওঁলোক ৰাজনৈতিক, সামাজিক অৰ্থনৈতিক, সাংস্কৃতিকভাৱে ক্ষতিগ্ৰস্থ হৈছে বুলি অভিযোগ তুলি AIGL য়ে ১৯৪৪ চনৰ ১৪ মে’ ত দাৰ্জিলিঙত অনুষ্ঠিত প্ৰথম বাৰ্ষিক অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰে।উক্ত সভাতে অসমৰ গ্ৰেজিয়াৰ গোৰ্খাসকলে সম্মুখীন হোৱা সমস্যা সংক্ৰান্তত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
অৱশ্য আমি ইতিমধ্যে উল্লেখ কৰিছোৱই ১৯৪৪ চনৰ ২৩ জুলাইত অখিল ভাৰতীয় গোৰ্খা লীগৰ সভাপতি ডম্বৰসিং গুৰুং আৰু সহকাৰী সম্পাদক শিৱ কুমাৰ ৰাই অসমলৈ আহি তদানীন্তন প্ৰধানমন্ত্ৰী মহম্মদ ছাদুল্লাক লগ কৰি অসমৰ গ্ৰেজিযাৰ্চ গোৰ্খাসকলৰ সমস্যাক লৈ আলোচনাত মিলিত হৈছিল।
স্বাধীনতা আন্দোলনত ডম্বৰসিং গুৰুঙৰ ভূমিকা
ডম্বৰ সিং গুৰুং অকল ৰাজনৈতিক নেতা, জাতিয়তাবাদী নেতাই নাছিল। তেওঁ আছিল এজন অক্লান্ত দেশভক্ত, স্বাধীনতা সংগ্ৰামী।ডম্বৰসিং গোৰুঙে ব্ৰিটিছৰ বিৰোধিতা কৰি সমগ্ৰ ভাৰতীয় গোৰ্খাসকলক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিল।
ডম্বৰ বাবুয়ে AIGL ৰ মাধ্যমেৰে স্বাধীনতা সংগ্ৰামত সমগ্ৰ ভাৰতৰবৰ্ষৰ গোৰ্খা জনতাক অংশগ্ৰহন আহ্বান কৰাৰ লগতে “১৯৪৫ চনত অখিল ভাৰতীয় গোৰ্খা লীগে ভাৰতৰ স্বাধীনতা আন্দোলনত সম্পূৰ্ণৰূপে লীগৰ সমৰ্থন থাকিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। উল্লেখ্য যে ভাৰত স্বাধীন হোৱাৰ প্ৰাক মূহুৰ্তত অসমক পূব পাকিস্তানৰ কৰালগ্ৰাসত সুমুৱাবলৈ প্ৰতিক্ৰিয়াশীল মুছলিম লীগে চলোৱা কু-অভিসন্ধিমূলক প্ৰচেষ্টা ব্যৰ্থ কৰিবৰ উদ্দেশ্য তেজপুৰ চহৰত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় গোৰ্খা লীগৰ চতুৰ্থ বাৰ্ষিক মুকলি সভাত ভাৰতৰ ৩০ লাখ গোৰ্খালীৰ খুকুৰীৰে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰা হ’ব বুলি কোৱা প্ৰস্তাৱে ডম্বৰ বাবুৰ দেশপ্ৰেমৰ উমান পোৱা যায়।
সামৰণি
জাতীয় চেতনা, দেশপ্ৰেমৰ প্ৰতীক, ভাৰতীয় গোৰ্খাসকলৰ অধিকাৰৰ সংগ্ৰামৰ স্বপ্নদৃষ্টা ভাৰতৰ সংবিধান পৰিষদৰ সদস্য এজন দূৰদৰ্শী নেতা ডম্বৰসিং গুৰুঙে কম বয়সতে নিজৰ প্ৰাণ উচৰ্গা কৰিছিল। দুবাৰ পশ্চিম বংগ বিধান সভাৰ বিধায়ক হোৱা দূৰদৰ্শী গোৰ্খা নেতা গুৰুঙ সন্তান ডম্বৰসিং বাবু ১৯৪৩ চনৰ পৰা ১৯৪৮ চন তথা মৃত্যুৰ আগমূহূৰ্ত পৰ্যন্ত অখিল ভাৰতীয় গোৰ্খা লীগৰ সভাপতি পদ অলঙ্কৃত কৰিছিল।
১৯৪৮ চনৰ ৭ এপ্ৰিলৰ দিনা ৪৮ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰিছিল। এইজনা মহান নেতাৰ জীৱন দৰ্শন, সামাজিক, ৰাজনৈতিক জীৱন, অসম প্ৰেম, দেশপ্ৰেমৰ বিষয় অধিক গৱেষণা আৰু অনুসন্ধানৰ প্ৰয়োজন আছে।