পুৰণিগুদামত জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ

পুৰণিগুদামত জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল সংবাদ, চামগুৰিঃ দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা পুৰণিগুদামত আৰম্ভ হৈছে সদৌ অসম ভিত্তিত জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা৷ পুৰণিগুদামৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান বাপুজী ভৱন আৰু পুথিভঁৰালৰ উদ্যোগত পুৰণিগুদাম সংগীত বিদ্যালয় আৰু ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটি পুৱা পৰিৱেশ নিকাকৰণেৰে শুভাৰম্ভ কৰা হয়৷

পুৰণিগুদামৰ জ্যেষ্ঠ ব্যক্তি পূৰ্ণচন্দ্ৰ গায়ন, ৰজনীকান্ত দাসৰ লগতে অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি, বাপুজী ভৱনৰ কৰ্মকৰ্তা আৰু প্ৰতিযোগিতাৰ উদ্যোক্তাসকলে পৰিৱেশ নিকাকৰণ কৰে৷ স্মৃতি তৰ্পন কৰে বাপুজী ভৱনৰ সভাপতি পুলিন হাজৰিকাই৷ জ্যোতি প্ৰসাদ আগৰৱালা আৰু ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন আৰু পুৰণিগুদাম বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৃপেন চন্দ্ৰ দাসে৷

ইয়াৰ পাছতে প্ৰতিযোগিতাখনিৰ বিভিন্ন পুৰস্কাৰৰ দাতাসকলৰ লগতে প্ৰতিযোগিতাৰ বিচাৰক বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ-সুৰকাৰ ৰমেন চৌধুৰী, অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা আৰু বিশিষ্ট সংগীত শিল্পী আলেখ্য চক্ৰৱৰ্তী, বিশিষ্ট অতিথি প্ৰাক্তন বিধায়ক তথা অধ্যাপক গিৰিন্দ্ৰ কুমাৰ বৰুৱা, শিল্পী ৰঞ্জন বেজবৰুৱা প্ৰমুখ্যে কে'বাজনো ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়৷

ইয়াৰ পাছতে সদৌ অসম ভিত্তিক জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ হয়৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷ নিশা পৰ্যন্ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সোমবাৰে পুৱা দহ বজাৰ পৰা পুনৰ প্ৰতিযোগিতা আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in