হত্যা কৰি বেগত ভৰাই জংঘলত পেলাই থৈ আহিল মডেলক

হত্যা কৰি বেগত ভৰাই জংঘলত পেলাই থৈ আহিল মডেলক

ডিজিটেল ডেস্কঃ মুম্বাইৰ মলাডৰ সমীপৰ জংঘলৰ পৰা মঙলবাৰে এগৰাকী ২০ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, এজন স্থানীয় লোকে পথৰ দাঁতিত এটা পৰিত্যক্ত ট্ৰেভেল বেগ প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছতে এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেগটোৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷

মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ নাম মানসী দিক্ষীত বুলি আৰক্ষী নিশ্চিত হয়৷ মানসী পেছাত এগৰাকী মডেল আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ঘটনা সন্দৰ্ভত তদন্ত চলাই মুজ্জাম্মিল চৈয়দ নামৰ এজন যুৱকক আটক কৰা হৈছে৷

আৰক্ষীৰ সূত্ৰ মতে, মানসী দিক্ষীতৰ ঘৰ ৰাজস্থানত৷ তেওঁ মডেল হোৱাৰ আকাংক্ষাৰে মুম্বাইলৈ অহাৰ পিছতে ইন্টাৰনেটৰ জৰিয়তে ২০ বৰ্ষীয় যুৱক মুজ্জাম্মিল চৈয়দৰ সৈতে পৰিচয় ঘটে৷ ইয়াৰ পিছতে দুয়ো অন্ধেৰীস্থিত মুজ্জাম্মিলৰ ফ্লেটত লগ হয়৷ আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে দুয়োৰে মাজত কিবা কথাক লৈ মত-বিৰোধ ঘটে৷ যাৰ ফলত খঙৰ বশৱৰ্তী হৈ মুজ্জাম্মিল নামৰ যুৱকজনে মানসীক হত্যা কৰি ট্ৰেভেল বেগৰ ভিতৰত ভৰাই জংঘলৰ মাজত পেলাই দিয়ে৷

ইফালে মুজ্জাম্মিলে মলাডলৈ যোৱাৰ বাবে বুক কৰা কেবৰ ড্ৰাইভাৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায়৷ পিছত আৰক্ষীয়ে অন্ধেৰীস্থিত অভিযুক্তৰ আৱাসৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত মুজ্জাম্মিল চৈয়দ নামৰ যুৱকজনে যুৱতীগৰাকীৰ হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in