পুত্ৰৰ সন্মুখতে প্ৰথমে পত্নীক হত্যা, তাৰ পিছত আত্মহত্যা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মহাবালেশ্বৰৰ হিল ষ্টেছনত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা৷ পুত্ৰৰ সন্মুখতে এগৰাকী ব্যক্তিয়ে পত্নীক হত্যা কৰাৰ পিছতে নিজেও আত্মহত্যা চেষ্টা চলায়৷ এই ঘটনাৰ পিছতে প্ৰত্যক্ষদৰ্শী ১১ বছৰীয়া পুত্ৰই হোটেল কৰ্তৃপক্ষৰ সহযোগত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু ঘটে ব্যক্তিজনৰ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আত্মহত্যা কৰা ব্যক্তিজনৰ নাম অনিল শিন্দে৷ তেওঁ পেছাত এগৰাকী গাড়ী চালক৷ বুধবাৰে তেওঁ পত্নী সীমা আৰু একমাত্ৰ পুত্ৰক লগত লৈ মহাবালেশ্বৰ দৰ্শনৰ অৰ্থে আহি হিল ষ্টেছনৰ এখন হোটেল বুক কৰে৷ বৃহস্পতিবাৰে পৰিয়ালটোৱে মহাবালেশ্বৰ দৰ্শন কৰি সন্ধিয়া হোটেলৰ কোঠাত উপস্থিত হোৱাৰ পিছতে পতি-পত্নীৰ মাজত কিবা কথাত মতানৈক্য ঘটে৷ সেই সময়তে ব্যক্তিজনে এখন চুৰীৰে পত্নীক আঘাত কৰে৷ ঘটনা সংঘটিত কৰাৰ সময়ত হোটেলৰ কোঠাত তেওঁলোকৰ পুত্ৰও উপস্থিত আছিল৷

ইফালে চুৰীকাঘাতত পত্নী সীমাৰ মৃত্যু ঘটাৰ পিছতে ব্যক্তিজনেও নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায়৷ ১১ বছৰীয়া পুত্ৰৰ চকুৰ সন্মুখতে সংঘটিত হোৱা এই ঘটনাৰ পিছতে হোটেল কৰ্তৃপক্ষৰ সহযোগত আৰক্ষীক খবৰ দি পিতৃ অনিল শিন্দেক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও তেওঁৰ মৃত্যু ঘটে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in