শেহতীয়া খবৰ
চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  সন্মুখত গণৰাজ্য দিৱসঃ ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড...  •  ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনঃ ৮৬,৩৫১ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ৫৮ জন প্ৰাৰ্থীৰ ভৱিষ্যত

মোৰাঝাৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক…

ডিজিটেল সংবাদ মোৰাঝাৰ- হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বান্দৰমেলা গাঁৱত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ ট্ৰেক্টৰ দূৰ্ঘটনা। দুৰ্ঘটনাটোত ট্ৰেক্টৰ চালক থিতাতে নিহত হোৱা ঘটনাই অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে মোৰাঝাৰৰ উত্তৰ বান্দৰমেলা গাঁৱত জলসিঞ্চন নলাৰ উপৰেৰে মাটি কঢ়িয়াই নিয়াৰ সময়ত নলাৰ পাৰ ভাঙি পুখুৰীত বাগৰি পৰে মাটি ভৰ্তি এ এছ ২৫ বিচি ৬৮০৪ নম্বৰৰ ট্ৰেক্টৰ ফলত থিতাথেই নিহত হয় ট্ৰেক্টৰ চালক আব্দু শ্বহীদ (৩০) নামৰ লোকজনৰ।চালক আব্দু শ্বহীদৰ ঘৰ মোৰাঝাৰৰ ২নং শিৱপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলিত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ ট্ৰেক্টৰ খন জব্দ কৰাৰ লগতে চালক আব্দু চহিদৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি