দ্ৰব্যাসক্তি…

দ্ৰব্যাসক্তি…

ৰাজ্যত চৌদিশে চলিছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰজন্ম প্ৰজন্মক ধৰি ধ্বংস কৰি দিছে এই বৰবিহে। ড্ৰাগছ নামৰ এই ভয়ংকৰ ব্যাধিৰ বিৰুদ্ধে সজাগ হ'ব লাগিব সমাজৰ প্ৰতিজন ব্যক্তি। সেই সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট চিকিৎসক ডাঃ অজিত গোস্বামীৰ এই গুৰুত্বপূৰ্ণ লেখাটো 'মোৰ মত' শিতানত আগবঢ়োৱা হৈছে।

নিজৰ মনটো মানুহে সদায় শান্তিত ৰাখিব বিচাৰে (Euphoria) আৰু আনন্দৰ সেই উচ্চ শীখৰত উঠিবলৈ (Kick) অতিজৰে পৰা সমগ্ৰ বিশ্বতে কিছু সংখ্যক মানুহে মদ্যপান ব্যৱহাৰ কৰি আহিছে, আজি যুৱ সমাজে ড্ৰাগছ ব্যৱহাৰ কৰিবলৈ লৈছে, তেওঁলোকৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিব লাগিব, স্কুলীয় শিক্ষাত ড্ৰাগছ অপব্যৱহাৰৰ বিষয়ে জ্ঞান দিব লাগিব।

ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ কাৰণ

১. Availability: দ্ৰৱ্যটো সহজলভ্য হ'লে ওচৰে-পাজৰে আসক্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বেছি হোৱা দেখা যায়।

২. মদ খোৱা মানুহৰ কিছু সংখ্যক ল'ৰা-ছোৱালীৰ গাত অভ্যাসটো জিনগতভাৱে আহে।

৩. Family Dynamics: পৰিয়ালত যদি ভাঙনৰ সৃষ্টি হয়, মাক-বাপেকৰ মাজত মতানৈক্য দেখা দিয়ে, সঘনাই কাজিয়া-পেছাল হৈ থাকে, ল'ৰা-ছোৱালীৰ গাত ড্ৰাগছৰ আসক্ত হোৱা গুণটো বেছিকৈ দেখিবলৈ পোৱা যায়।

৪. নিচাত্মিকা মনোভাৱ (Low Selfesteem): পঢ়া-শুনাত অনাগ্ৰহতা, সামাজিক গুণ আয়ত্ব নকৰা, সৰুৰে পৰা যদি ল'ৰা-ছোৱালী ঘৰুৱা নাইবা সামাজিকভাৱে সহায়ৰ হাত দেখা (Support) নাপায় তেতিয়া এনেকুৱা ল'ৰা-ছোৱালীৰ দ্ৰব্যৰ প্ৰতি আসক্তি হোৱাৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়।

৫. Psychopath- সামাজিক নীতি-নিয়ম নামানি উদভণ্ডালিৰ সৃষ্টি কৰাৰ অভ্যাস গঢ়ি উঠিলে ড্ৰাগছত আসক্ত হোৱা ল'ৰা-ছোৱালীৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়।

৬. Environmental (পৰিৱেশজনিত কাৰক) যেনে- নিবনুৱা সমস্যা, ল'ৰা-ছোৱালীৰ মাজত হোৱা প্ৰেম-প্ৰীতিৰ বিসংগতি আদিৰ ফলত সৃষ্টি হোৱা মানসিক চাপ (Stress) আৰু নিম্নমানদণ্ডৰ জীৱন-যাপন (Poor quality of life) পদ্ধতিত ড্ৰাগছ আসক্তি হোৱা সংখ্যা বৃদ্ধই হোৱা দেখা যায়।

ড্ৰাগছ আসক্ত হোৱাৰ ফলত হ'ব পৰা স্বাস্থ্যৰ বিসংগতি-

দ্ৰব্য ব্যৱহাৰ কৰি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি (Mode of administration) স্বাস্থ্যৰ ওপৰত হ'ব পৰা বিসংগতি বেলেগ বেলেগ ধৰণৰ হয়- খোৱা লোৱাত গুৰুত্ব নোহোৱা হয়, ব্যক্তিগত পৰিষ্কাৰ-পৰিচন্নতাৰ প্ৰতি (Lack of personal hynge) আকৰ্ষণ কৰি যায়, ঘৰ আৰু সমাজৰ পৰা দূৰত্ব বাঢ়িগৈ অসামাজিক প্ৰবৃত্তি এটাই গা কৰি উঠে, খং ৰাগ বাঢ়ি যায়, মিচা কথা কোৱা প্ৰৱণতাই গা কৰি উঠে, যিকোনো অসামাজিক কাম কৰিবলৈ কোনো কুন্ঠাবোধ নকৰা হয়।

দেহত ভিটামিন আৰু Protineৰ অভাৱ হৈ পুষ্ঠইগত অভাৱত ভুগে (Neutritional deficiency) আৰু শৰীৰত বিভিন্ন ধৰণৰ বেক্টৰীয়া, ভাইৰাছয়ে আক্ৰমণ কৰিবলৈ সহজ হৈ পৰে।

বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে এটা গতিত দ্ৰব্য সেৱন কৰাৰ পিছত দ্ৰব্যৰ মাত্ৰা বাঢ়ি গৈ গাড়ী মটৰৰ পৰা দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বেছি হয়, বেজীৰে সেৱন কৰা বিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পনীয়া দ্ৰব্য আৰু syringe বিশুদ্ধিকৰণ নোহোৱা কাৰণে বিভিন্ন ধৰণৰ ৰোগ যেনে- Septicaemia, HIV-H ইত্যাদি ৰোগৰ সন্মুখীন হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বেছি।

ভেষজগত বিসংগতি (Medical Complication)

সেৱনৰ পদ্ধতিঃ

১. নিজে নিজে বেজীৰ দ্বাৰা লোৱাৰ ফলত (Self administration of drugs pernteral)।

২. নিজে নিজে নাকেৰে সেৱন কৰাৰ ফলত (Drugs smoking and inhalations chasing)।

৩. জীৱন শৈলীত হোৱা আৰ্থ-সামাজিক প্ৰচাদ গমনৰ ফলত হোৱা (Socio beconomic deceline in living standard)

৪. শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি যোৱাৰ কাৰণে (Poor environmental status)

৫. MIscelleneous

বিসংগতিঃ

১. Cellutitis, Thrombophle bitis, Endocarditis, Septicaemia, Hepatities –  B/C, AIDS, Pulmonary Hipertension

২. Chronic Bronchitis, Respiratory infection

৩. Niutritional deficiency and Multiple vitamins deficiency

৪. Recurrent infection, TB

৫.  দ্ৰব্যৰ মাত্ৰা বৃদ্ধিৰ ফলত আকস্মিক মৃত্যু নাইবা Road Traffic accident, নিজ ইচ্ছাই কৰা মৃত্যু বৰণ বৃদ্ধি পোৱা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in