মুম্বাই বিপিচিএলৰ ৰিফাইনাৰীত বিস্ফোৰণ, আহত ৪৩

মুম্বাই বিপিচিএলৰ ৰিফাইনাৰীত বিস্ফোৰণ, আহত ৪৩

ডিজিটেল ডেস্কঃ আজি দিনৰ প্ৰায় ৩:৩০ বজাত মুম্বাইে চেম্বুৰত অৱস্হিত ভাৰত পেট্টলিয়াম (বি পি চি এল)ৰ এটা ৰিফেইনাৰীক্ষেত্ৰত সংঘটিত বিস্ফোৰণৰ ফলত সৃষ্টি হয় ভয়ংকৰ অগ্নিকাণ্ড।

ডিজেল প্ৰস্তুতকৰণৰ বাবে থকা এটা হাইড্ৰ'কাৰ্বন প্লেণ্টত এই বিস্ফোৰণ সংঘটিত হৈছিল। সেই সময়ত হাইড্ৰ'কাৰ্বন প্লেণ্টটোত থকা হাইড্ৰ'কাৰ্বনৰ পৰিমাণ  আছিল প্ৰায় ৭২ টন। এই অগ্নিকাণ্ডত ৪৩জন কৰ্মচাৰী আহত হয়।

তাৰে এজনৰ অৱস্হা সংকটজনক। অৱশ্যে মুম্বাই নগৰপালিকা আৰু ভাৰত পেট্টলিয়ামৰ অগ্নিনিৰ্বাহক বাহিনী সহযোগত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in