মুম্বাইৰ ফুটব্ৰীজ ঘটনাঃ ৰেড ছিগনেলে বচালে শতাধিক লোকৰ প্ৰাণ…

মুম্বাইৰ ফুটব্ৰীজ ঘটনাঃ ৰেড ছিগনেলে বচালে শতাধিক লোকৰ প্ৰাণ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মুম্বাইৰ চিএছএমটি ৰেলৱে ষ্টেচনৰ সমীপৰ এখন ফুটব্ৰীজ খহি পৰে। এই দুৰ্ঘটনাত ৬জনকৈ লোকে প্ৰাণ হেৰুৱাই আৰু প্ৰায় ৩২জনকৈ লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা সময়ত ফুটব্ৰীজৰ নিচেই কাষতে থকা ট্ৰেফিক ছিগনেলত ৰঙা লাইট জ্বলি আছিল। যাৰফলত প্ৰায় শতাধিক লোকৰ প্ৰাণ ৰক্ষা পৰা বুলি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে। ট্ৰেফিকত ৰৈ থকা প্ৰায় শতাধিক লোকৰ প্ৰাণ ৰক্ষা পৰিল এই ৰেড ছিগনেলৰ বাবে।

ট্ৰেফিক ছিগনেলত অপেক্ষা কৰি থকা এগৰাকী টেক্সী চালকে জনোৱা মতে, সেই সময়ত ট্ৰেফিক ছিগনেলত বহু বাহনে অপেক্ষা কৰি আছিল। সেউজীয়া ছিগনেলৰ পূৰ্বেই ফুটব্ৰীজৰ এটা অংশ খহি পৰে আৰু এই ঘটনা সংঘটিত হয়। লগতে তেওঁ জনায় যে, ভগৱানে বাবেই ৰক্ষা পৰিল আমাৰ প্ৰাণ। নহ'লে এই ঘটনা আৰু অধিক ভয়ংকৰ হ'লহেঁতেন।

ইফালে, অন্য এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়- মই বহু সৌভাগ্যৱান, কাৰণ মোৰ প্ৰাণ ৰক্ষা হ'ল। এনেকুৱা লাগিছিল যেন মৃত্যু আহি মোৰ কাষৰ পৰা আঁতৰি গ'ল। সেয়েহে মই ভগৱানক ধন্যবাদ জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in