সাৱধান! মিছকলৰ বিনিময়ত আপুনিও হেৰুৱাব পাৰে বেংকৰ জমাধন

সাৱধান! মিছকলৰ বিনিময়ত আপুনিও হেৰুৱাব পাৰে বেংকৰ জমাধন

ডিজিটেল ডেস্কঃ আপোনাৰো বেংকৰ একাউন্টৰ সৈতে আপোনাৰ ফোন নম্বৰ সংলগ্ন হৈ আছে নেকি? যদি আছে, তেন্তে সাৱাধান হওক। কিয়নো দেশত বৃ্দ্ধি পোৱা চাইবাৰ ক্ৰাইমৰ বলি হ'ব পাৰে আপুনিও। ৰাতিটোৰ ভিতৰতে হেৰুৱাব পাৰে আপোনাৰ বেংকৰ জমাধন। আমি আপোনাক ভয় খুৱাব বিচৰা নাই। কিন্তু এনে ঘটনা দেশত পুনৰ এটা সংঘটিত হৈছে। যিয়ে আপোনাক শংকিত কৰাটো স্বাভাৱিক।

মুম্বাইৰ মাহিমৰ এজন ব্যৱসায়ীয়ে যোৱা ২৭ ডিচেম্বৰত হেৰুৱাবলগা হৈছে তেওঁৰ বেংকত জমা থকা ১ কোটি ৮৬ লাখ টকা। তাপস মালহোট্ৰা নামৰ ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে, ২৭ ডিচেম্বৰৰ নিশা তেওঁৰ ম'বাইললৈ ভিন্ন ঠাইৰ পৰা ৬ টা মিছকল আহিছিল। ইয়াৰে দুটা মিছকল আমেৰিকা, দুটা ভাৰতীয় আৰু দুটা অজ্ঞাত নম্বৰৰ পৰা আহিছিল বুলি জানিবলৈ দিয়ে ব্যৱসায়ীজনে। নিশা সেয়া ব্যৱসায়জনিত কাৰণত কোনো লোকে ফোন কৰা বুলি ভাৱি শুই পৰে।

কিন্তু পুৱা যেতিয়া তেওঁ সাৰ পায় ম'বাইলটো হাতত লৈ দেখে যে তেওঁৰ চিমখন ডি-এক্টিভেট হৈ আছে। লগে লগে তেওঁ চাৰ্ভিছ প্ৰভাইডাৰক ফোন কৰাত জানিব পাৰে যে নিশাই চিমখন ডি-এক্টিভেট কৰাৰ বাবে অনুৰোধ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে তাপস মালহোট্ৰাৰ সন্দেহ হোৱাত বেংকৰ সৈতে যোগাযোগ কৰে। বেংকে তেওঁক জনাই যে তেওঁৰ একাউন্টৰ পৰা ১ কোটি ৮৬ লাখ টকা নিশাই দেশৰ ভিন্ন স্থানৰ ১৪ টা একাউন্টলৈ ট্ৰান্সফাৰ কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত পিছত ব্যৱসায়ীজনে মালাড আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিছত বেংকৰ সহায়ত আৰক্ষীয়ে ২০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী টকাখিনি এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে চাইবাৰ অপৰাধীয়ে ব্যৱসায়ী তাপস মালহোট্ৰাৰ ম'বাইল চিম ছোৱাইপ কৰি অ টি পিৰ সহায়ত বেংকৰ একাউন্টৰ বিষয়ে সবিশেষ তথ্য বাহিৰ কৰি লৈ পিছত সকলো ধন লুট কৰিছিল। আৰক্ষীয়ে ঘটনাৰ অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in