মুকালমুৱাত মহিলাৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ মুকলি…

মুকালমুৱাত মহিলাৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ মুকলি…

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চান্দা গাঁৱত বৃহস্পতিবাৰে কৃষিজাত কেঁচা সামগ্ৰীৰ পৰা উৎপাদিত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কেন্দ্ৰ এটি মুকলি কৰা হয়৷ মহিলা সকলক আৰ্থিকভাৱে সৱল কৰাৰ লক্ষ্যৰে "চেষ্টা" নামৰ এন.জি.অ'ৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ক্ৰিছিল ফাউণ্ডেচন আৰু ক্ৰিছিলৰ 'মই প্ৰগতি' আঁচনিৰ সহযোগত চান্দা গাঁৱত 'অসমী এগ্ৰো হাব' নামেৰে কেন্দ্ৰ এটা মাংগলিক কাৰ্যসূচীৰে মুকলি কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰক্ষেত্ৰী খণ্ড অভিযানৰ পৰিচালক শৰ্মিষ্ঠা বায়নে৷

কেন্দ্ৰটি মুকলি কৰাৰ পিছত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত হয় উদ্বোধনী সভা৷ সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলা বিষয়া ভনিতা তালুকদাৰ, চেষ্টাৰ বিষয়া ৰোমিও কোচ, মানস ৰাভা, চেষ্টাৰ কৰ্ম-কৰ্তা গুপা গংগোত্ৰী, কেৰোলিন চাংচান, ক্ৰিছিল ফাউণ্ডেচনৰ ক্ষেত্ৰ বিষয়া বিৰেণ দাস, বৰভাগ উন্নয়ন খণ্ডৰ কেন্দ্ৰ পৰিচালক কুশল চৌধুৰী উপস্থিত থাকি কৃষিজাত সামগ্ৰীৰ এই উদ্যোগটোৰ দ্বাৰা মহিলা সকলে কিদৰে উপকৃত হ'ব পাৰিব সেই উদ্দেশ্যেৰে ভাষণ প্ৰদান কৰে৷ উদ্বোধনী সভাত বৰক্ষেত্ৰী মহকুমা কৃষি বিষয়া নীলমণি মেধি উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

কেন্দ্ৰটোত উৎকৃষ্ট মানদণ্ডৰ সৰিয়হতেল, পিঠাগুৰি, মচলা, হালধি আদি প্ৰস্তুত কৰাৰ উপৰিও গ্ৰাহকক সুলভ মূল্যত যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে চেষ্টাৰ কৰ্মী গুপা গংগোত্ৰী, কেৰোলিন চাংচানে৷ অসমী এগ্ৰো হাব কেন্দ্ৰটোত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৪৫০ গৰাকী মহিলা জড়িত থকা বুলি কোৱাৰ লগতে অসমী এগ্ৰো হাব কেন্দ্ৰটিৰ জৰিয়তে অঞ্চলটোৰ মহিলাসকল উপকৃত হ'ব বুলি কৈ এই কেন্দ্ৰটিৰ জৰিয়তে নলবাৰীত এটি বৃহৎ অনুষ্ঠান গঢ়ি তোলাৰ পণ লোৱা বুলিও মন্তব্য কৰে শৰ্মিষ্ঠা বায়নে৷ সভাত অসমী এগ্ৰো হাবৰ সভানেত্ৰী হাচিনা খাটুন, সম্পাদিকা পৰিস্মা বেগম সহ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিভিন্ন গোটৰ দুই শতাধিক মহিলা উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in