ভাৰতীয় ক্ৰিকেট দলৰ চুক্তিবদ্ধ ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ বিচিচিআইৰ, তালিকাত নাম নাই এমএছ ধোনীৰ

ভাৰতীয় ক্ৰিকেট দলৰ চুক্তিবদ্ধ ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ বিচিচিআইৰ, তালিকাত নাম নাই এমএছ ধোনীৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেট দলৰ চুক্তিবদ্ধ ক্ৰিকেটাৰৰ নামৰ তালিকা। বাৰ্ষিক পাৰিশ্ৰমিকৰ নিৰিখৰ আধাৰত প্ৰত্যেক বছৰতে বিচিচিআইয়ে প্ৰকাশ কৰা এই তালিকাত এইবাৰ নাম নাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেটকীপাৰ-বেটছমেন মহেন্দ্ৰ সিং ধোনীৰ। ২০১৯ৰ অক্টোবৰৰ পৰা ২০২০ৰ ছেপ্তেম্বৰ সময়ৰ ভিতৰৰ ভাৰতীয় ক্ৰিকেট দলৰ এই তালিকাত কোনোটো কেটেগৰীতে স্থান লাভ কৰা নাই মহেন্দ্ৰ সিং ধোনীয়ে। এই তালিকাত ২৭ জন ক্ৰিকেটৰ অন্তৰ্ভূক্ত হোৱাৰ বিপৰীতে ধোনীৰ লগতে আন ৩ খেলুৱৈও বাদ পৰিছে তালিকাৰ পৰা।

বিচিচিআইৰ তালিকা অনুসৰি এ প্লাছ কেটেগৰীৰ খেলুৱৈৰ বাৰ্ষিক আয় হৈছে ৭ কোটি টকা। এ কেটেগৰীৰ ক্ৰিকেটাৰৰ বাৰ্ষিক আয় ৫ কোটি আৰু বি কেটেগৰীৰ ক্ৰিকেটাৰৰ বাৰ্ষিক আয় হৈছে ৫ কোটি টকা। আনহাতে ৩ কোটি টকা বাৰ্ষিক আয় হৈছে চি কেটেগৰীৰ ক্ৰিকেটাৰসকলৰ। উল্লেখ্য যে, ইয়াৰ পূৰ্বে তালিকাৰ এ কেটেগৰীত অন্তৰ্ভূক্ত হৈছিল এমএছ ধোনীৰ নাম।

প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি ধোনীৰ ক্ৰিকেট কেৰিয়াৰক লৈ চৰ্চা চলিছে। ২০১৯ৰ আইচিচি ক্ৰিকেট বিশ্বকাপৰ পিছৰে পৰা কোনো আন্তঃৰাষ্ট্ৰীয় খেল ধোনীয়ে খেলা নাই। আনহাতে ধোনীৰ অৱসৰক লৈও সময়ে সময়ে ওলাইছে গুজৱ। সম্প্ৰতি ধোনীৰ ক্ৰিকেট ভৱিষ্যতৰ বিষয়টো ক্ৰিকেটাৰগৰাকীৰ হাততে এৰি দিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। বৃহস্পতিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰা কেটেগৰী ভিত্তিক তালিকাত মহেন্দ্ৰ সিং ধোনীৰ উপৰিও স্থান লাভ নকৰা আন ক্ৰিকেটাৰ সকল হৈছে ক্ৰমে- দীনেশ কাৰ্তিক, অম্বাতি ৰায়ুডু আৰু খলিল আহমেদ।

তালিকাৰ এ কেটেগৰীত স্থান লাভ কৰা ক্ৰিকেটাৰ সকল হৈছে ক্ৰমে- আৰ অশ্বিন, আৰ জাদেজা, বি কুমাৰ, চি পুজাৰা, এ ৰাহানে, কে এল ৰাহুল, এছ ধাৱান, এম চামি, কে যাদৱ আৰু ঋষভ পণ্ট। তালিকাৰ বি কেটেগৰীত স্থান লাভ কৰিছে ক্ৰমে- আৰ শ্বাহা, ইউ যাদৱ, জে চহল, এইছ পাণ্ডিয়া আৰু এম আগৰৱাল। চি কেটেগৰীত স্থান লাভ কৰিছে- কেদাৰ যাদৱ, এন চাইনী, ডি চহৰ, এম পাণ্ডে, এইছ বিহাৰী, এছ ঠাকুৰ, এছ আয়াৰ আৰু ডব্লুউ সুন্দৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in