পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. চাৰিদিনৰ CID জিম্মালৈ এমট্ৰনৰ মুখ্য গাণনিক বিষয়া। বিষয়া ৰাহুল হুজুৰীক CIDৰ জিম্মালৈ প্ৰেৰণ। এমট্ৰনৰ ধন হৰলুকী ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল CIDএ।

২. ডকাইতি কৰিবলৈ সাজু হোৱাৰ অবস্হাতে দুৰ্ধষ ডকাইতৰ দল এটাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হয়বৰগাঁও আৰক্ষীয়ে ৷ ডকাইতৰ দলটোত থকা পাঁচজনকৈ ডকাইতক কৰায়ত্ব কৰাৰ পিছত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এটি পৰিয়াল ৷ আৰক্ষীয়ে ডকাইতৰ দলটোৰ হাতৰ পৰা চোকা অস্ত্ৰৰ লগতে এটা হস্তনিৰ্মিত পিস্তল সহ ছয় ৰাউণ্ড সজীব গুলি উদ্ধাৰ কৰে ৷

৩. আলফা-চৰকাৰৰ বহু প্ৰত্যাশিত শান্তি আলোচনাই গতি লাভ কৰা বুলি চৰ্চা লাভ কৰি অহাৰ সময়তে অসমৰ পাঁচগৰাকী যুৱতী আলফা(স্বা:)ত যোগদান কৰা বুলি প্ৰচাৰিত এক খবৰে তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে । এই পাঁচগৰাকীৰ ভিতৰত তিনিচুকীয়াৰ চাংমাই গাঁৱৰ প্ৰতিষ্ঠিত খেলুৱৈ নয়নমণি চেতিয়া উৰফে ইহুম চেতিয়াৰ নাম চৰ্চালৈ অহাত পৰিয়ালৰ লোকসকল আচম্বিত হৈ পৰিছে ।

৪. শিৱসাগৰ জিলাত পুনৰ কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ শিক্ষানুষ্ঠানত কভিডৰ ভয়াবহ সংক্ৰমণ হোৱা বিষয়টোৱে জনসাধাৰণক চিন্তিত কৰি তুলিছে । কভিড পৰীক্ষা চলি থকাৰ মাজতে একেখন বিদ্যালয়ৰ ২১ গৰাকীকৈ ছাত্র ছাত্ৰীৰ দেহত ধৰা পৰিছে কভিড ভাইৰাছৰ অৱস্থিতি । শিৱসাগৰ জিলাৰ নামতিৰ দিকচু অঞ্চলৰ দিকচু উচ্চমাধ্যমিক বিদ্যালয়ত যোৱাকালি 2 গৰাকীকৈ শিক্ষকৰ দেহত ধৰা পৰিছিল কভিডৰ সংক্ৰমণ ।

৬. ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ।গৰ্ভৱতী তথা ৩ বছৰৰ তলৰ শিশুৰ মাতৃয়ে এতিয়াৰে পৰা বাধ্যতামূলক ভাৱে আহিব লাগিব কাৰ্য্যালয়লৈ।অসমত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি উন্নত হোৱাৰ বাবে এই সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কাৰ্য্যালয়, PSU, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ কাৰ্য্যালয়ত প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশাৱলী

৭. অসমত অসমীয়াই নিজকে চিনি নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। জনগোষ্ঠীসমূহৰ সৈতে মূল সূঁতিৰ অসমীয়াই যিধৰণৰ আচৰণ কৰিব লাগিছিল সেয়া হে উঠা নাই। সমন্বয়ৰ দিশত অসম সাহিত্য সভাৰ কৰণীয় বহুত আছে।" এই মন্তব্য বড়ো ভাষাৰ বিশিষ্ট সাহিত্যিক, গৱেষক ডাঃ লীলাধৰ ব্ৰহ্মৰ। আজি ভকতপাৰা শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ উপলক্ষে আয়োজিত বিশেষ সভাত "ব্যক্তি পৰিচয় আৰু প্ৰতিভা" শীৰ্ষক অনুষ্ঠানৰ সম্বৰ্ধনা গ্ৰহণ কৰি সাহিত্যিক গৰাকীয়ে এইদৰে কয়।

৮. বিশেষভাৱে সক্ষম তথা জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ ৰোগীৰ মুখত অলপ হাঁহি বিৰিঙাই তুলি জীয়াই থকাৰ প্ৰেৰণা যোগাবলৈ বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ প্ৰচেষ্টাত ২০১১ চনৰ ১২ ফ্ৰেব্ৰুৱাৰীত গঠন হোৱা মানৱতাবাদী সংগঠন 'কৰুণাধাৰা ন্যাসৰক্ষী পুঁজি'লৈ দৰং জিলা সহায়ক সমিতিৰ জৰিয়তে বহুজনে মুক্তহস্তে বৰঙণি আগবঢ়াইছে। কৰুণাধাৰা, দৰং জিলা সহায়ক সমিতিৰ সভাপতি ডাঃ ব্ৰজেন ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ডেকা, সম্পাদক গণেশ দত্তই জনোৱা মতে, সাহিত্যিক হোমেন বৰগোহাঞিৰ অবৰ্তমানত কৰুণাধাৰাৰ কামকাজ স্থবিৰ হ'ব বুলি বহুতেই ধাৰণা কৰিছিল যদিও সেই ধাৰণাক নসাৎ কৰি মানৱ সেৱাত ব্ৰতী হ'বলৈ দুগুণ উৎসাহেৰে বহুলোক আগবাঢ়ি আহি দান বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষত মাত্ৰ ৫ মাহত দৰং জিলা সহায়ক সমিতিৰ জৰিয়তে কৰুণাধাৰালৈ বহুলোকে আগবঢ়াইছে ৩৪০০৫ টকা।

৯. নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে আজি হিভাৰে নিসৰ্গ গৌতম (Hivare Nisarg Gautam) য়ে আনুষ্ঠানিক ভাৱে কাৰ্য্যভাৰ গ্ৰহন কৰে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদায়ী উপায়ুক্ত কবিতা পদ্মনাভনক শৰাই, গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্ত গৰাকীক সমূহ বিষয়া কৰ্মচাৰীয়ে সম্বৰ্ধনা আৰু আদৰণি জনায়।

১০.ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। শুক্ৰবাৰে গোপন সূত্ৰৰ পম খেদি আনন্দ মিশ্ৰ বাহিনীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই। অভিযানত বটদ্ৰৱাৰ ডুমডুমীয়া বজাৰৰ সমীপৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু।আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ৯ খন টাটা মবাইলত ৩৫ টা গৰু আৰু নগদ ২.৫০ লাখ টকাও উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in