/asomiyapratidin/media/media_files/2025/06/21/ap-bikhekh-lekha-5-2025-06-21-12-38-36.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বহু সফল মানুহৰ আঁৰত থাকে নাৰী। বেছি ভাগৰ ক্ষেত্ৰতে সেই আঁৰৰ নাৰী গৰাকী হয় পত্নী। বহু ক্ষমতাশালী লোকৰ পতনৰ আঁৰত থাকে নাৰী। সেই পতনৰ আঁৰত থকা বেছি ভাগ নাৰীয়ে হয় তেনে ক্ষমতাশালী লোক সকলৰ সহধৰ্মিণী।
বিখ্যাত লোক সকলৰ অখ্যাত পত্নীৰ কথা কেতিয়াও আলোচনা নহয়। অথচ সেই নাৰী সকলৰ স্বামীৰ খ্যাতি এখন ৰাজ্য, এখন দেশ বা জগতজুৰি থাকে। জয়প্ৰকাশ নাৰায়ণৰ পত্নীৰ নাম কি আছিল? জানোনে আমি? নাজানো বুলিয়ে বেছি ভাগে ক'ব।
নাম আছিল তেওঁৰ প্ৰভাতী। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ পত্নীৰ নাম আছিল ৰাজভঞ্চী দেৱী। চৰ্দাৰ বল্লৱভাই পেটেলৰ পত্নীৰ নাম আছিল জাভেৰবা। দাদা চাহেব ফাল্কেৰ পত্নী আছিল সৰস্বতী।
লক্ষ্মীনাথ বেজবৰুৱাই প্ৰজ্ঞা সুন্দৰীক বিয়া পাতিছিল। গোপীনাথ বৰদলৈৰ পত্নীৰ নাম আছিল সুৰৱালা দেৱী। বিমলা প্ৰসাদ চলিহাক সক্ৰিয় ৰাজনীতি কৰিবলৈ সকলো প্ৰকাৰে সহযোগ কৰিছিল পত্নী অমিয়া চলিহাই। শৰৎ সিংহৰ পত্নী আছিল এগৰাকী সাদৰী মহিলা। তেওঁক সকলোৱে লাৱণ্য বাইদেউ বুলি মাতিছিল।
এই সকল লোকৰ পত্নীৰ কথা চৰ্চা হোৱা নাছিল। বাতৰিৰ শিৰোনাম দখল কৰা নাছিল তেওঁলোকে। অথচ তেওঁলোকৰ সেই প্ৰতিষ্ঠিত লোক সকলৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আছিল অভূতপূৰ্ব বৰঙণি। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পত্নীৰ নাম আছিল বিনিতা ভট্টাচাৰ্য।
এবাৰ তেওঁ স্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে এটা লেখা লিখিছিল। লেখাটোৰ শীৰ্ষ আছিল- "তেওঁ মৰিলেও মৰণ নাই"। স্মৃতি ৰোমন্থণ কৰি স্বামীক মূল্যায়ণ কৰিবলৈ বিনিতা ভট্টাচাৰ্যই স্বামীৰে এটা কবিতা আওৰাই কৈছিল- হিয়াৰ মণিকোঠাত ইমান ধন/ মই নহওঁ অঠাই/ মই মৰিলেও মোৰ মৰণ নাই।
এই বিখ্যাত লোক সকলে বিভিন্ন মঞ্চত পত্নীৰ কথা কয়। পত্নীয়ে কিন্তু তেওঁলোকৰ বিখ্যাত স্বামীৰ বিষয়ে কোৱাৰ খুব কমে সুযোগ পায়। ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰ পত্নী প্ৰীতি শইকীয়াই ড০ শইকীয়াৰ মূল্যায়ণ কৰি কৈছিল- চিনেমা,নাটক,সাহিত্য,প্ৰান্তিক এয়াই আমাৰ সংসাৰ।
১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিল এজনী ধুনীয়া ছোৱালী। এম এ শ্ৰেণীৰ দ্বিতীয় বৰ্ষৰ ইংৰাজী বিভাগৰ ছাত্ৰী আছিল তেওঁ। বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ তেতিয়াৰ সচিব দণ্ডেশ্বৰ গগৈৰ জৰিয়তে আহিছিল এটা বিয়াৰ প্ৰস্তাৱ।
সচিব গগৈ আছিল সেই ছোৱালীজনীৰ লোকেল গাৰ্জেন। ছোৱালীজনীৰ দেউতাকলৈ চিঠি এখন দি এই কথা গগৈয়ে জনাইছিল। তাৰ পাছত ১৯৭৩ চনৰ অক্টোবৰৰ ২৬ তাৰিখে সেই বিয়া সম্পন্ন হৈ গ'ল। সাধাৰণভাৱে উত্তৰ লখিমপুৰৰ ছোৱালীজনীৰ ঘৰত এই বিয়া অনুষ্ঠিত হৈছিল।
বিয়াৰ পাছত তেওঁ গুচি আহিছিল গুৱাহাটীলৈ। এনেদৰেই পতি-পত্নী হৈছিল হীৰেন গোহাই আৰু ৰানী গোহাই। স্বামীক ঋষিৰ লগত তুলনা কৰিছিল এগৰাকী নাৰীয়ে। তেওঁৰ মনতো বুজি পাইছিল সেই নাৰী গৰাকীয়ে। এপাহ ফুলৰ সৈতে তুলনা কৰিছিল স্বামীৰ মনটোক। স্বামীৰ বাবেই উচ্ছৰ্গিত এক জীৱন আছিল এয়া।
সুখ-দুখ সকলো সময়ৰ সংগী আছিল তেওঁ। ঘৰখনত বস্তুবোৰ এনেদৰে থৈছিল যে যিটো বস্তু য'ত থাকিব লাগে তাতেই থৈ দিছিল যাতে হাত দিলেই তেওঁ পায়। মহিলা গৰাকীৰ নাম আছিল লাৱন্য শইকীয়া। স্বামীৰ নাম নগেন শইকীয়া।
১৯৬৫ চনৰ ২ ডিচেম্বৰৰ কথা। এখন বিয়া হৈছিল সেইদিনা। মাকুমৰ ঘৰত সোমাইছিল ন বোৱাৰী। ঘৰখনৰ সকলো দায়িত্ব সেই ন বোৱাৰীৰ স্বামীয়ে ল'বলগীয়া হৈছিল। মানুহ জনে তেতিয়া এখন বিদ্যালয়ত কাম কৰিছিল। পুৱাই চাইকেলখন লৈ যি ওলাই যায়, ৰাতিহে ঘৰ সোমাইছিল।
৯ টা ল'ৰা-ছোৱালীৰে এখন ভৰপূৰ ঘৰ। সকলোৰে বাবে তেওঁ আছিল নবৌ। এদিন স্বামী মাকুম এৰি গুচি আহিছিল গুৱাহাটীলৈ। প্ৰতিষ্ঠা হ'ল অসমৰ সাহিত্য,নাট্য জগতত। প্ৰতিষ্ঠাৰ আঁৰত আছিল এইগৰাকী মহিলা। এতিয়াও তেওঁৰ অনুপস্থিতিত স্বামীৰ লেখা-মেলা, নাট্য সম্ভাৰ সযতনে ৰাখি থৈছে।
স্বামীৰ লেখা থকা পুৰণি কাকত- আলোচনীবোৰৰ প্ৰতি তীব্ৰ মোহ লৈ ফুৰে আজিও। তেৱেই হ'ল বিশিষ্ট সাহিত্যিক তথা নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰ। কিমান ভাল লগা এই কথাবোৰ। কিমান সৌভাগ্যৱান এই লোক সকল।
জীৱনত তেওঁলোকে একোৱেই নিবিচাৰে। এনে বহু উদাহৰণ আছে। বিখ্যাত লোকৰ এই অখ্যাত পত্নীসকলে সেই লোক সকলৰ জীৱন বিচিত্ৰ কৰি তোলে। তাৰ মাজতে কিছু লোকৰ পত্নী চৰ্চালৈ আহে। তেনে পত্নীক কেন্দ্ৰ কৰি চৰ্চা হোৱা বহু কথাই সেই বিখ্য়াত লোক সকলৰ পত্নীৰ এক বিপৰীত ছবি দাঙি ধৰে। ক্ষমতাশালী লোকসকল হৈ পৰে পত্নীৰ ইচাৰাত নচা একোটা চাবি দিয়া পুতলা।
এদিন তেনে এগৰাকী পত্নীৰ বাবেই অসমৰ এজন প্ৰৱল প্ৰতাপী ৰাজনীতিবিদৰ অৱস্থা ভিজা মেকুৰীৰ দৰে হৈছিল। ক্ষমতাৰ মূল চাবিকোচা যেন জয়শ্ৰী নামৰ তেওঁৰ পত্নীৰ হাতত হে আছিল। ৰাজনীতিটো পত্নীৰ প্ৰতাপ ভালদৰে পৰিলক্ষিত হৈছিল।
সাংবাদিকে তেওঁক ৰাণী চাহিবা আখ্যা দিছিল। মন আছিল, দিল্লীলৈ গুচি গৈছিল। অতুল,বীৰেন,মুহিৰামৰ দৰে নেতাই ভেবা লাগি চাই ৰৈছিল। তেনেকৈয়েতো আৰম্ভ হৈছিল অসমৰ ৰাইজৰ নয়নমণি সদৃশ এই জাতীয়তাবাদী নেতাৰ পতনমুখী যাত্ৰা।
সেই কাহিনী আৰু এনে অধ্যায় এতিয়াও চকুৰ আগত। দেখিলেই সম্পত্তি গোটাই যোৱা এই সকল নাৰী এতিয়াৰ ক্ষমতাশালী লোকসকলৰে পত্নী। পাহাৰ সদৃশ সম্পত্তিৰ তেওঁলোক গৰাকী। চৰকাৰী আঁচনিৰ হিতাধিকাৰী। অথচ তেওঁলোক কোনোবা মন্ত্ৰী বা তাতোকৈ ওপৰৰ আসনত থকা ক্ষমতাবান লোকৰ পত্নী।
ক্ষমতাৰ জোৰত তেওঁলোকে যি ইচ্ছা তাকেই কৰিব পাৰে। সক্ষমতা আৰু ক্ষমতা একাকাৰ কৰি বদনামৰ পৃথিৱীত তেওঁলোক হৈ পৰে এগৰাকী নিন্দিত নাৰী। কেতিয়াবা মোহত আন কেতিয়াবা লোভত আৰু বহু সময়ত ক্ষমতাশালী স্বামীৰ জোৰত তেওঁলোক হৈ পৰে ব্যতিক্ৰম পত্নী।
পত্নীৰ বাবেই সেই সকল লোকৰো ৰাজনৈতিক জীৱনলৈ বিপদ আহে। স্বামীৰ বাবেই এই সকল পত্নীক লৈ মানুহৰ এটা বেয়া ভাৱমুৰ্তি গঢ় লৈ উঠে। প্ৰকৃত দুগ্ধ পালকক বঞ্চিত কৰি কোনোবা জুলী বা আন মহিলাই লাখ লাখ টকাৰ ৰাজ সাহাৰ্য লাভ কৰে তেতিয়াই মানুহৰ চকু থিয় হয়। তেতিয়াই পত্নী হৈ পৰে একো এগৰাকী ৰাণী চাহিবা। এই সকলৰ লগত তুলনা নহয় সেই সকল নাৰী, যি সকলে ক্ষমতাশালী,প্ৰভাৱশালী লোকৰ পত্নী হৈও হ'ব নোখোজে স্বামীৰ ক্ষমতাৰ গৰাকী।