জ’মেট’ৰ ডেলিভাৰী ব’য় মুছলমান হোৱাৰ বাবেই গ্ৰাহকে নল’লে খাদ্য! আৰক্ষীয়ে জাৰি কৰিলে জাননী…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ জ'মেট'ৰ ঘটনাটোক লৈ বৰ্তমানেও অব্যাহত আছে ছ'চিয়েল মিডিয়াত চৰ্চা। জবলপুৰত এজন গ্ৰাহকে কিছুদিন পূৰ্বে জ'মেট'ত অৰ্ডাৰ দি সেই অৰ্ডাৰ বাতিল কৰিছিল। কিন্তু জ'মেট'ত অৰ্ডাৰ দিয়া খাদ্য বেয়া হোৱা বাবে পিছে বাতিল কৰা নাছিল অৰ্ডাৰটো। খাদ্য ঘৰলৈ দিব অহা জ'মেট'ৰ ডেলিভাৰী ব'য়জন হিন্দু নোহোৱাৰ বাবেই গ্ৰাহকজনে বাতিল কৰিছিল অৰ্ডাৰটো।

তদুপৰি, গ্ৰাহকজনে এই সন্দৰ্ভত কৰিছিল এক টুইট। টুইটোক লৈ স্থানীয় আৰক্ষীয়ে গ্ৰাহকজনক সাৱধান কৰি দিয়ে। জবলপুৰ আৰক্ষী বিষয়াই এজনে কয় যে- 'জ'মেট'ৰ এই ঘটনাৰ সন্দৰ্ভত আমি অমিত শুক্লা নামৰ গ্ৰাহকজনৰ বিৰুদ্ধে এক জাননী জাৰি কৰিছো। তেওঁ সাৱধান কৰি দিয়া হ'ব যে, যদি তেওঁ আৰু হিন্দু বিৰোধী বা সংবিধান বিৰোধী কোনো ধৰণৰ টুইট কৰে তেন্তে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু তেওঁৰ ওপৰত নজৰ ৰখা হ'ব। আৰু যদি আগন্তুক ৬ মাহৰ ভিতৰত এনেধৰণৰ কোনো টুইট তেওঁ কৰে, তেন্তে তেওঁক জে'ললৈও পঠিওৱা হ'ব।'

উল্লেখ্য যে, জবলপুৰৰ অমিত শুক্লানামৰ গ্ৰাহকজনে টুইটাৰত লিখিছিল- ' মই জ'মেট'ৰ অৰ্ডাৰ বাতিল কৰিছো। তেওঁলোকেমুছলমান সম্প্ৰদায়ৰ এজন লোকক খাদ্য দিবলৈ মোৰ ঘৰলৈ পঠিয়াই। আৰু জ'মেট'ই ডেলিভাৰীব'য়জন সলনিও কৰিব নোৱাৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in