শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

মধ্যপ্ৰদেশৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৰোছনীয়ে লাভ কৰিলে ৯৮ % নম্বৰ, ২৪ কিলোমিটাৰ বাট চাইকেল চলাই গৈছিল স্কুললৈ…

62

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত বাস কৰা এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত লাভ কৰে ৯৮.৭৫ শতাংশ নম্বৰ। ৪ জুলাই, ২০২০ত ঘোষণা কৰা হয় ৰাজ্যখনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। উল্লেখ্য যে, ৰোছনী ভদোৰিয়াই প্ৰায় ২৪ কিলোমিটাৰ বাট চাইকেল চলাই বিদ্যালয়লৈ আহ-যাহ কৰিছিল।

ৰাজ্যখনৰ চম্বলৰ ভিণ্ড এলেকাৰ এখন গাঁৱত বাস কৰা এই মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ কৃষক। আনন্দ-উৎসাহৰ মাজতে ৰোছনীয়েৰ পিতৃয়ে সাংবাদিকৰ আগত কয় যে, ‘ৰোছনীয়ে ফলাফলক লৈ মই বহু সুখী। তাইক মহাবিদ্যালয়লৈ যোৱাৰ বাবে এখন বাহন মই আনি দিম।’

সদ্যঘোষিত মধ্যপ্ৰদেশ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰোছনী। আৰু এই সফলতাৰ পাছত সমগ্ৰ এলেকাটোতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। ৰোছনীয়ে ভৱিষ্যতলৈ এগৰাকী আই এ এছ বিষয়া হোৱাৰ সপোন দেখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি