মাডাৰ্ছ অল্ড এজ হোমত সংঘটিত বেমেজালিৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

মাডাৰ্ছ অল্ড এজ হোমত সংঘটিত বেমেজালিৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ মাডাৰ্ছ অল্ড এজ হোমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বেমেজালি সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই বৃদ্ধাশ্ৰমখনৰ শেহতীয়া ঘটনাৰাজি দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৃদ্ধাশ্ৰমখনত বিৰাজ কৰা পৰিস্থিতি সন্দৰ্ভত তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক।

প্ৰায় এসপ্তাহ ধৰি বৃদ্ধাশ্ৰমখন পৰিচালনা কৰি থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে বৃদ্ধাশ্ৰমখনত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা তদন্তৰ বাবে কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰেই এই বৃদ্ধাশ্ৰমখনৰ পৰিস্থিতি সন্দৰ্ভত বুজ ল'বলৈ বৃদ্ধাশ্ৰমখনলৈ যাব অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি।

সমগ্ৰ ঘটনাৰাজিৰ বিশ্লেষণ কৰি আৰু বৃদ্ধাশ্ৰমখনত থকা আৱাসী তথা পৰিচালনাৰে জড়িত লোকসকলৰ মতামত গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এক প্ৰতিবেদন দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিতেই পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। উপায়ুক্ত পেগুৱে লগতে কয়- বৃদ্ধাশ্ৰমখনত বিৰাজ কৰা পৰিৱেশৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল।

এইখিনিতে উল্লেখযোগ্য যে, হাতীগাঁৱৰ সিজু বাৰীত থকা এই বৃদ্ধাশ্ৰমখনত ৭০ গৰাকীৰো বেছি ককা-আইতা আছে। উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাই বৃদ্ধাশ্ৰমখন পৰিচালনা কৰি আহিছিল ২০১২চনৰ পৰা। শেহতীয়াকৈ দুয়োৰে মাজত সৃষ্টি হোৱা ব্যক্তিগত সংঘাতৰ বাবে বৃদ্ধাশ্ৰমখনত অচল অৱস্থাৰো সৃষ্টি হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in