ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প

ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প
  • মোটেৰা ষ্টেডিয়ামত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নমস্তে ট্ৰাম্প সম্বোধন সম্বোধন।
  • 'ভাৰতৰ উন্নয়ন প্ৰতিখন দেশৰ বাবে এক উদাহৰণ হৈ পৰিছে।'
  • 'প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আছে দেশখনৰ প্ৰতিঘৰ লোকে বিদ্যুৎ লাভ কৰিছে।'
  • 'এইখন স্বামী বিবেকানন্দৰ দেশ।'
  • 'আমি ভাৰতক লৈ গৌৰৱ অনুভৱ কৰো।'
  • 'ভাৰত আজি আৰ্থিক মহাশক্তি হিচাপে পৰিগণিত হৈছে।'
  • 'প্ৰধানমন্ত্ৰী মোডীৰ ৰাজত্বত আজি সকলো লোকে বিজুলি যোগান লাভ কৰিছে।'
  • 'এইখন দেশত প্ৰতিবছৰে ২০০০ খন ছবি নিৰ্মাণ হয়।'
  • 'কোটি কোটি লোকে এই দেশত প্ৰতিবছৰে পালন কৰে হোলী, দিপাৱলী।'
  • বলীউডৰ দিলৱালে দুলহেনিয়া লে জায়েংগে ছবিৰ কথাও ক'লে ট্ৰাম্পে।
  • 'এইখন দেশে শচীন তেণ্ডুলকাৰৰ পৰা বিৰাট কোহলীৰ দৰে ক্ৰিকেটাৰৰ জন্ম দিছে।'
  • 'এই দেশত বাস কৰা প্ৰতিটো ভিন্ন ধৰ্মই ভাৰতক মহান বনায়।'
  • 'ভাৰতৰ উত্থান প্ৰত্যেক দেশৰ বাবে আজি উদাহৰণ।'
  • 'আমেৰিকা সদায় ভাৰতৰ বিশ্বস্ত বন্ধু হৈ থাকিব।'
  • 'ভাৰত এতিয়া সম্পূৰ্ণৰূপে দৰিদ্ৰতা মুক্ত হোৱাৰ পথত।'
  • 'এই খন দেশতে মহাত্মা গান্ধীয়ে বিশ্বই জনা নিমখ যাত্ৰা কৰিছিল।'
  • 'ভাৰত-আমেৰিকা দুয়োখন দেশেই সন্ত্ৰাসবাদীৰ সমস্যা ভোগ কৰি আছে।'
  • 'ভাৰতক আমেৰিকাই সৈন্য সহায় প্ৰদান কৰিব।'
  • 'আজি আইএছআইএছ নেতৃত্বৰ অন্ত পৰিছে।'
  • 'নিজৰ সীমান্ত সুৰক্ষিত ৰখাটো প্ৰত্যেকখন দেশৰে অধিকাৰ।'
  • 'কট্টৰ ইছলামী সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকাই ভাৰতক সংগ দিব।'
  • 'আমি দুয়োখন দেশৰ আৰ্থনৈতিক সম্পৰ্কক লৈ আলোচনা কৰি আছো।'
  • 'সন্ত্ৰাসবাদক লৈও আমি পাকিস্তানৰ সৈতে আলোচনা কৰি আছো।'
  • 'এই ভূমি যদিও গুজৰাটৰ, কিন্তু আছি ইয়াত সমগ্ৰ হিন্দুস্তানৰ উচ্ছাস দেখিবলৈ পোৱা গৈছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in