তনুশ্ৰী-নানা কাণ্ডক লৈ চাইবাৰ অপৰাধীৰ কবলত অক্ষয় কুমাৰ

তনুশ্ৰী-নানা কাণ্ডক লৈ চাইবাৰ অপৰাধীৰ কবলত অক্ষয় কুমাৰ

ডিজিটেল ডেস্কঃ এইবাৰ নানা পাটেকাৰ আৰু তনুশ্ৰী দত্তৰ সংঘাতৰ মাজত সোমাই পৰিল অক্ষয় কুমাৰ। ইউটিউবত আপলোড হোৱা এটি ভিডিঅ'ৰ বাবে নানা-তনুশ্ৰী কাণ্ডৰ সৈতে উচ্চাৰিত হৈ পৰে অভিনেতাজনৰ নাম।

উক্ত ভিডিঅ'টোত অভিনেতা অক্ষয়ে নানা পাটেকাৰক সমৰ্থন জনাবলৈ তনুশ্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা দেখা গৈছে। ভিডিঅ'টোৰ বিষয়ে জানিব পৰা মাত্ৰকে মুম্বাই আৰক্ষীৰ চাইবাৰ ক্ৰাইম চেলৰ কাষ চাপে অভিনেতাজন।

কিছুদিন পূৰ্বে আহিবলগীয়া ছবি 'হাউছফুল ৪'ৰ সন্দৰ্ভত সংবাদ মাধ্যমক দিয়া এটি সাক্ষাৎকাৰ কোনো দুষ্ট চক্ৰই এডিট কৰি নানা-তনুশ্ৰী কাণ্ডৰ সৈতে জড়িত বুলি প্ৰচাৰ চলোৱা কাৰ্যক লৈ আশ্চৰ্য প্ৰকাশ কৰে অভিনেতাজনে। আৰক্ষী সূত্ৰই জনোৱা মতে, বৰ্তমান ইউটিউবৰ পৰা উক্ত ভিডিঅ'টো আতৰাই পেলোৱা হৈছে।

'মই কোনোদিনে তেনে মন্তব্য কৰাই নাছিলো। হাউছফুল-৪ক লৈ অলপতে মই সংবাদ মাধ্যমৰ মুখামুখি হৈছিলো। ছবিখনত নানা পাটেকাৰেও অভিনয় কৰিছে। সেই ভিডিঅ'টোকে এডিট কৰি চাইবাৰ অপৰাধীয়ে মোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলাইছে। এনে কাৰ্য নিন্দনীয়।'-পেডমেনৰ অভিনেতাগৰাকীয়ে কয়।

উল্লেখ্য যে, অক্ষয়ৰ পত্নী টুইংকল খান্নায়ো অভিনেত্ৰী তনুশ্ৰী দত্তৰ সপক্ষে থিয় দিছে। এক টুইটৰ জৰিয়তে টুইংকলে তনুশ্ৰীক সাহসী আখ্যা দিয়াৰ লগতে বলীউডত হৈ অহা নীৰৱ নাৰী নিৰ্যাতনৰ ঘটনাৰ অৱসান হ'বই লাগিব বুলিও মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in