মৰঙিত মুকলি হ’ল ক্ষুদ্ৰ সংগ্ৰহালয় ‘সজাল কুটিৰ’

মৰঙিত মুকলি হ’ল ক্ষুদ্ৰ সংগ্ৰহালয় ‘সজাল কুটিৰ’

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ মৰঙিৰ ১নং পংকাগ্ৰাণ্টৰ উদ্যমী যুৱক তথা সাংবাদিক প্ৰিয়ংকদীপ কাকতিৰ ব্যতিক্ৰমী প্ৰয়াস। সম্পূৰ্ণ নিজা প্ৰচেষ্টাত তেওঁ নিৰ্মান কৰি উলিয়াইছে ক্ষুদ্ৰ সংগ্ৰহালয় 'সজাল কুটিৰ'। অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক,লোককৃষ্টি,লোকাচাৰৰ সমলৰে পৰিপূৰ্ণ এই "সজাল কুটিৰ" সাংবাদিক প্ৰিয়ংকদীপ কাকতিৰ এক প্ৰশংসনীয় প্ৰচেষ্টা।

সজাল কুটিৰ হল এক ক্ষুদ্ৰ সংগ্ৰহালয়।অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহনকাৰী হিচাপে প্ৰস্তুত কৰা এই সংগ্ৰহালয়টোত বিভিন্ন আপুৰুগীয়া বস্তুৰ সংৰক্ষণ কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সভ্যতা আৰু সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা অনেক বহুমূলীয়া সম্পদ সংৰক্ষিত হৈ আছে। তদুপৰি এই সজাল কুটিৰত উপলব্ধ মাছৰ বিভিন্ন সঁজুলি,খেতিৰ সঁজুলি,পুৰণি ৰেকৰ্ডাৰ,হোকা, হেচক লাইট, খুন্দনা, ডাঙৰ শৰাই ,ৰূপৰ কাঁহী ,তাম আৰু পিতল ইত্যাদি ।উল্লেখযোগ্য যে শুকুৰবাৰে সন্ধ্যা লোকসংস্কৃতিৰ সাধক সূৰ্য দাসে "সজাল কুটিৰ" মুকলি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in