পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

১. শুকুৰবাৰে গুৱাহাটী মহানগৰীত তাপমাত্ৰা ২৭ ডিগ্ৰী ছেলচিয়াছ। ১৪ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৫২ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২. গুৱাহাটীত শুকুৰবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.১৮ টকা। গুৱাহাটীত শুকুৰবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৬০ টকা।

৩. "যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়ে।" এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই।

৪. শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আছুৰ ক'লা পতাকা প্ৰদৰ্শন। অ'এনজিচিৰ কলনী গেটৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন।

৫. ক্ৰমাৎ ৰহস্যৰ মাজত সোমাই পৰিছে দিল্লীৰ চোৰাংচোৱা (আই বি) বিষয়া অংকিত শৰ্মাৰ হত্যাকাণ্ড। মৃত্যু হোৱাকৈ কেবাবাৰো তেওঁৰ শৰীৰত আঘাট কৰাৰ কথা প্ৰকাশ মৰণোত্তৰ পৰীক্ষাত।

৬. ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা। প্ৰতিবাদকাৰীয়ে ক্ষতি কৰিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ।

৭. এছএন শ্ৰীবাস্তৱক দিল্লী আৰক্ষীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি। ১৯৮৫ বৰ্ষৰ আইপিএছ বিষয়া শ্ৰীবাস্তৱ।

৮. নগাঁও জিলাৰ সোনাজুৰিৰ লাংখাং অঞ্চলত এখন গাড়ীসহ বুজন পৰিমাণৰ চোৰাং কাঠ। চোৰাং কাঠ কঢ়িয়াই অনা বাহনখনৰ নম্বৰ এএছ-১২-ই-৮৫৮০।

৯. তেজপুৰত বেদখলকাৰীক উচ্ছেদ ৰে'ল বিভাগৰ। উচ্ছেদ হ'ল অবৈধভাৱে বাস কৰা ৫২টা পৰিয়ালৰ বাসগৃহ।

১০. হায়দৰাবাদত সংঘটিত হৈছে শোকাৱহ ঘটনা। বাসগৃহৰ দেৱাল খহি প্ৰাণ গ'ল ৩ শিশুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in