পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

১. সোমবাৰে কামৰূপ মহানগৰত তাপমাত্ৰা ২৩ ডিগ্ৰী ছেলচিয়াছ। ১৬ কিলোমিটাৰ প্ৰতিঘন্টাত বতাহ বলাৰ লগতে ৭৯ শতাংশ আদ্ৰতা হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২. বুধবাৰে গুৱাহাটীত পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য ৭৪.১৫ টকা। ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৬৭.৬৩ টকা।

৩. ইতিহাসৰ পাতত ২৬ ফেব্ৰুৱাৰীৰ দিনটোৰ আছে বিশেষ বৈশিষ্ট। ১৮৫৮ চনৰ আজিৰ দিনটোতে ২ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি ফুকনক দিয়া হৈছিল ফাঁচী।

৪. কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড। কঁহৰাৰ দক্ষিণৰ কাৰ্বিআংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ৰবৰৰ গুডামত অগ্নিকাণ্ড। কেবালাখ টকাৰ ক্ষতি হোৱাৰ আশংকা।

৫. দিল্লীত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা। নিহতৰ সংখ্যা ২০জনলৈ বৃদ্ধি। হাস্পতালত ভৰ্তি কৰা হৈছে প্ৰায় ১৯০জন লোকক।

৬. উত্তৰ পূৱ দিল্লীত স্থগিত ৰখা হ'ল CBSE পৰীক্ষা। কা বিৰোধী প্ৰতিবাদৰ মাজতে সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰখা হৈছে পৰীক্ষা।

৭. দিল্লীৰ শ্বাহীনবাগৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত বুধবাৰে উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। শুনানিৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিব সেই স্থানৰ পৰা আতৰাব পৰা যাবনৈ প্ৰতিবাদকাৰীসকলক।

৮. দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰমকে আদি কৰি কেবাগৰাকী নেতা উপস্থিত আছে।

৯. ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক দিয়া হৈছে দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব। ডোভালে মঙলবাৰে নিশা পৰিদৰ্শন কৰে দিল্লীৰ কেবাটাও স্থান।

১০. হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ। উত্তৰ দিল্লীত হিংসাত্মক প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওঁতে নিহত হৈছিল ৰতন লাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in