পুৱাৰ খবৰ

পুৱাৰ খবৰ

ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৫৮০৫ জনলৈ বৃদ্ধি পাইছে

ৰাজ্যত বৃহস্পতিবাৰে আকৌ ২৭৩৯ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৫৮০৫ জনলৈ বৃদ্ধি পাইছে। অসমত সুস্থ হোৱা লোকৰ সংখ্যা বৰ্তমানলৈ ১০৫৭০১ জনলৈ বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ৩১৮৮৪ জন ৰোগী। আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৪১৪ জনলৈ বৃদ্ধি পাইছে।

সীমা সমস্যা সন্দৰ্ভত মিলিত হয় চীন-ভাৰতৰ বিদেশ মন্ত্ৰী

লাডাথৰ সীমা সমস্যা সন্দৰ্ভত ভাৰত আৰু চীনৰ দুই বিদেশ মন্ত্ৰী ৰুচ চহৰৰ মস্কোত মিলিত হয় । বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু চীনৰ ৱাং য়িৰ মাজত প্ৰায় দুঘন্টা ধৰি আলোচনা চলে । এই বৈঠকে দুয়ো দেশৰ সীমা সন্দৰ্ভত ক্ৰমবৰ্ধমান উত্তেজনা হ্ৰাস কৰাৰ বাবে এই আলোচনা অনুষ্ঠিত হয় ।

বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভূক্তিক লৈ প্ৰতিক্ৰিয়া মহেন্দ্ৰ সিং ধোনীৰ

বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভূক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ । ধোনীয়ে টুইট কৰি কয় ৰাফেলৰ আনুষ্ঠানিক অন্তৰ্ভূক্তিৰ পাছত বিশ্বৰ যুঁজাৰু ৪.৫ জেন যুদ্ধ বিমান বিশ্বৰ শ্ৰেষ্ঠ ফাইটাৰ পাইলটসকলে লাভ কৰিলে । অৱশ্যে আমাৰ পচন্দৰ যুদ্ধ বিমান এতিয়াও su30MKI য়েই আছে ।

কংগনা ৰানাৱটে দাখিল কৰা আৱেদন স্থগিত

মুম্বাইস্থিত কাৰ্যালয় উচ্ছেদ কৰাৰ বিৰুদ্ধে কংগনা ৰানাৱটে দাখিল কৰা আৱেদন স্থগিত ৰখা হৈছে। মুম্বাই উচ্চ ন্যায়ালয়ে অহা ২২ চেপ্টেম্বৰত এই আৱেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। বুধবাৰে মুম্বাই উচ্চ ন্যায়ালয় অভিনেত্ৰীগৰাকীৰ কাৰ্যালয় ভাঙিছিল বিএমচিয়ে ।

নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱাল

নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত নিযুক্তি প্ৰদান কৰা হৈছে। বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালক এই পদৰ দায়িত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুজৰাট বিজেপিৰ প্ৰাক্তন সাংসদ ৰাৱালক এই পদত নিযুক্তি প্ৰদান কৰে।

কিম জং উন সম্পৰ্কে মন্তব্য আগবঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে

পুনৰ কিম জং উন সম্পৰ্কে মন্তব্য আগবঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে।উত্তৰ কোৰিয়াৰ শাসক কিম জং উন শেহতীয়াভাৱে অসুস্থ হৈ পৰা বাতৰি সম্পৰ্কত মত ব্যক্ত কৰি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে, কিম জং উনৰ সুস্বাস্থ্য অটুত আছে তেওঁক অবহেলা কৰিব নালাগে । দক্ষিণ কোৰিয়াৰ এগৰাকী শীৰ্ষস্থানীয় ৰাজনীতিবিদে অলপতে কিম জং উন গুৰুতৰভাৱে অসুস্থ হৈ পৰি কোমাত আছে বুলি উল্লেখ কৰিছিল।

১২ চেপ্তেম্বৰৰ পৰা ৪খন ৰে'ল চলিব উত্তৰ পূৰ্বাঞ্চলৰ পৰা

১২ ছেপ্টেম্বৰ পৰা নতুনকৈ ৮০ খন ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেল বিভাগে । ইয়াৰে ৪খন ৰে'ল চলিব উত্তৰ পূৰ্বাঞ্চলৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ পৰা সাপ্তাহিক ভাবে ডিব্ৰুগড়ৰ পৰা অমৃতচৰ ৰেল চলাৰ লগতে আগৰতলাৰ পৰা দেওঘৰৰ মাজত সপ্তাহিক ভাবে চলিব ৰেল । আনহাতে সপ্তাহত তিনি দিনকৈ চলিব গুৱাহাটী পৰা বেংগালোৰ ৰেল খন । আনহাতে দৈনিক ভাবে চলিব গুৱাহাটীৰ পৰা লালগৰ মাজত যাত্ৰীবাহী ৰেল ।

সুস্থ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য

কিছু সুস্থ হৈছে ড০ সমুজ্জল ভট্টাচাৰ্য। প্ৰায় দুসপ্তাহ ধৰি অসুস্থ হৈ ঘৰতে আছে আছুৰ উপদেষ্টাগৰাকী। কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশ ল'ব নোৱাৰিলে তেওঁ অসুস্থতাৰ বাবে। ড০ সমুজ্জল ভট্টাচাৰ্যৰ জ্বৰত আক্ৰান্ত হোৱাৰ উপৰিও শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে।

কিছু পৰিমানে সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্য মন্ত্ৰী জনৰ খবৰলৈ সংবাদ মাধ্যমৰ আগত কয়- তেওঁৰ অস্কিজেল লেভেল ৯২,৯৩ আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী জন বৰ্তমানলৈ কোৰোনো নিগেটিভ হোৱা নাই । তেওঁৰ ১০ৰ পৰা ১৫ দিন পৰ্যন্ত অস্কিজেনৰ প্ৰয়োজন হব । তেখতকলৈ চিন্তাৰ কাৰন নাই বুলি উল্লেখ কৰে মন্ত্ৰী জনে ।

বেৰুটৰ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড

বেৰুটৰ বন্দৰত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, যোৱা মাহতো বিস্ফোৰণৰ সংঘটিত হৈছিল এনে এক অগ্নিকাণ্ডৰ ঘটনা। সেই বিস্ফোৰণত মৃত্যু হৈছিল প্ৰায় ১৯০জন লোকে হেৰুৱাইছিল প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in