পুৱাৰ খবৰ

পুৱাৰ খবৰ

১. ৰাজ্যত বিগত ২৪ ঘণ্টাত ৯৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ ২৮,১১১ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছিল। সেই অনুসৰি কোভিড আক্ৰান্তৰ হাৰ ০.৩৩ শতাংশ

২. যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৭ গৰাকী, ডিব্ৰুগড়ত ৮ গৰাকী, কাছাৰত ৬ গৰাকী, বৰপেটাত ৪ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আনহাতে কামৰূপ মহানগ জিলাত ২ জন লোকৰ কোভিডত মৃত্যু হৈছে।

৩. সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০২১ ত সাদিন সাহিত্য সাংবাদিকতা বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক, সাংবাদিক প্ৰদীপ বৰুৱাৰ মহানুভৱতা। বঁটাৰ লগত লাভ কৰা ৫৫,৫৫৫ টকা আগবঢ়ালে শৰ্মীষ্ঠা প্ৰীতমৰ চিকিৎসাৰ বাবে প্ৰদান কৰে।

৪. আজি বৰদিন। ৰাজ্যজুৰি খ্ৰীষ্টধৰ্মৰ লোকসকলৰ মাজত বৰদিনক লৈ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনক উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

৫. নগাঁৱৰ কেন্দুগুৰিত নকল সোণৰ নাওঁসহ সৰবৰাহকাৰীক আটক। নকল সোণ বিক্ৰীৰ বাবে আহিছিল চাৰিজন যুৱক। ধৃত সৰবৰাহকাৰী আতিকুৰ ৰহমান,চিৰাজুল ইছলাম,মুছলিমউদ্দিন,অশোক কুমাৰ। ধৃত তিনিজনৰ ঘৰ লক্ষীমপুৰত আৰু এজনৰ ঘৰ উত্তৰ প্ৰদেশত। আৰক্ষীৰ জব্দ কৰে দুই লক্ষাধিক নগদ ধন।

৬. শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে বিজেপিৰ বিধায়ক ফণী তালুকদাৰ। বিধানসভাৰ চৌহদত ফটো উঠাৰ সময়তে অসুস্থ হৈ পৰে বিধায়কগৰাকী। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

৭. কাজিৰঙাত সংবাদিকক আক্ৰমণএছ বি আই বেংকৰ কঁহৰা শাখাৰ নিৰাপত্তাৰক্ষীৰ। NK TVৰ কাজিৰঙাৰ সাংবাদিক হোমেন গগৈক আক্ৰমণ কৰে নিৰাপত্তাৰক্ষীজনে।

৮. কাণপুৰত টকাৰ উজান। প্ৰতিষ্ঠিত এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ ১৫০ কোটিতকৈও অধিক টকা। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদৰ (চি বি আই চি) এক অভিযানত জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ নগদ ধন।

৯. গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ পাণবাৰী আদৰ্শ মিচিং গাঁৱৰ ভূমিপূত্ৰ প্ৰণৱ দলেক 'সন্দেহ যুক্ত নাগৰিক' বুলি তথ্য দিয়া কাৰ্যক তীব্ৰ ধিক্কাৰ দিছে জীপালে। দোষী বিষয়াক অপসাৰণ সহ নিদৰ্শন মূলক শাস্তি প্ৰদান কৰা আৰু ইয়াৰ উচ্চস্তৰীয় ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে জীপালৰ এক সঁজাতি দলে।

১০. ৰাজ্যৰজুৰি আৰক্ষীয়ে সুৰা সেৱন কৰি বাহন চলোৱা লকোৰ বিৰুদ্ধে চলাইছে অভিযান। সুৰা সেৱন কৰি বাহন চলোৱা ব্যক্তিৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমানও বিহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in