পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. এ পি এছ চি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পাললৈ জামিন। চি আই ডি গোচৰত জামিন লাভ কৰিলে ৰাকেশ পালে। অৱশ্যে ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ জামিন লাভ কৰা নাই ৰাকেশ পালে। গুৱাহাটী উচ্চ ন্যায়ালয়ে চি আই ডি গোচৰত জামিন দিলে ৰাকেশ পালক।

২. ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান। অধ্যাপক ড০ ননীগোপাল মহন্তক প্ৰদান কৰা হৈছে শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব।অধ্যাপক ড০ ননীগোপাল মহন্তই লাভ কৰিব ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা। নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।

৩. লখিমপুৰৰ সোৱণশিৰি নদীত বৃহস্পতিবাৰে আবেলি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। নদী খনৰ বাধাকৰা দৰ্গে ঘাটত তিনিজন যুৱকৰ সলিল সমাধি হয় ৷ প্ৰথমে ছাজাদুল হক নামৰ যুৱক জনে গা ধুবলৈ নদীত নামে ৷ যুৱক জনে পানীত ককবকাবলৈ ধৰাত আদনান হাজৰিকা আৰু মামুদ হুছেইন নামৰ দুই যুৱকে তেওঁক উদ্ধাৰ কৰিবলৈ যত্ন কৰে ।এই দুই যুৱকো নদীৰ পানীত ডুব যায়

৪. ডিব্ৰুগড় জিলাৰ মৰাণস্থিত 'জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত' মহাপুৰুষ গুৰু দুজনাৰ অনবদ্য অৱদান বাদ্য, গীত-পদ,ঘোষা,সুৰ বিকৃত কৰি খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতি,অসমে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতি,অসমৰ সভাপতি জনাৰ্দ্দন দেৱ গোস্বামী আৰু সম্পাদক উপেন চন্দ্ৰ বৰুৱাই এনে কাৰ্যক অতি গৰ্হিত কাৰ্য হিচাপে আখ্যা দিয়ে ৷

৫. প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী অসম কন্যা লাভলীনা।২৪জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল। বাই পোৱা সূত্ৰে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে লাভলীনাই। প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হব জাৰ্মানীৰ নাদিন এ'পেজ। ২৭জুলাইত অনুষ্ঠিত হ'ব লাভলীনাৰ পৰৱৰ্তী খেল।

৬. সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ তৰফৰ পৰা প্ৰকাশ কৰিছে এক বিবৃতি।সংগঠনটোৱে প্ৰেৰণ কৰা এই বিবৃতিত কোৱো হৈছে চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ অসাধু আৰক্ষী বিষয়া আৰু ব্যৱসায়ীয়ে আলফাৰ সেনাধ্যক্ষ পৰেশ অসমৰ নামত অসমৰ বিভিন্ন অনা-অসমীয়া ব্যক্তিৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ তথ্য ইতিমধ্যে তেওঁলোকৰ হাতত পৰিছে।

৭. সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটি প্ৰতিনিধি দল মাজুলীত উপস্থিত হৈ মাজুলীৰ বিভিন্ন অঞ্চলৰ খহনীয়াত পতিত অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ বিশেষকৈ মাজুলীৰ শালমৰা, অফলামুখ, কমলাবাৰীঘাট, ভকতচাপৰি, চামগুৰি, মলয়া চাপৰি আৰু দক্ষিণ মাজুলীৰ খহনীয়াৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে

৮. এম বাথাই কৰিলে আত্মসমৰ্পণ। ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে বাথাই। লগতে আন কেইবাজনো এনএলএফবি সদস্যৰ আত্মসমৰ্পণ। বাথাক মূলখুটিলৈ ঘূৰি অহাত আদৰণি জনাইছে গাঁওবাসীয়ে।

৯. মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু। কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিলকালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক। মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰাত সংঘটিত হৈছে এই ঘটনা।মাছ মৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা হয়।

১০. কেচা চাহ পাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰাত ভয়ংকৰ বিপদৰ সন্মুখীন হবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল । বৃহস্পতিবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বান মৰ্মে চৰাইদেউ জিলাৰ সোনাৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেচা চাহপাতৰ উচিত মূল্য নিৰ্দ্ধাৰণ কৰা দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in