পুৱাৰ খবৰ

পুৱাৰ খবৰ

ছবিগৃহলৈ আহিব 'ড০ বেজবৰুৱা-২

ছবিগৃহলৈ আহিব 'ড০ বেজবৰুৱা-২। AM টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ'ব ছবিখন। বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত শুভ মহুৰত হয় ছবিখনৰ। শুভ মহুৰত অনুষ্ঠানত উপস্থিত আদিল হুছেইন, জুবিন গাৰ্গ। নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মাণ হ'ব 'ড০ বেজবৰুৱা-2। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব আদিল হুছেইনে।

দুৰ্গাপূজা সন্দৰ্ভত মহানগৰ প্ৰশাসনৰ নতুন নীতি-নিৰ্দেশনা…

দুৰ্গাপূজা সন্দৰ্ভত মহানগৰ প্ৰশাসনৰ নতুন নীতি-নিৰ্দেশনা। এইবাৰ পূৰ্বৰ দৰে পাতিব নোৱাৰিব দুৰ্গা পূজা- পূজা পাতিবলৈ ল'ব লাগিব প্ৰশাসনৰ অনুমতি। স্থানীয় থানাৰ অ'চিৰ জৰিয়তে ল'ব লাগিব আৰক্ষী আয়ুক্তৰ অনুমতি। পূজাৰ বাবে অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব পাৰিব কমিটীয়ে। মূল পথৰ ওপৰত কোনেও বনাব নোৱাৰিব পেণ্ডেলষ। এক মিটাৰৰ দূৰত্ব বজাই ৰাখিব লাগিব পেণ্ডেলৰ ভিতৰত। একে সময়তে পেণ্ডেলত ৩০ জনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব।

গুৱাহাটীত উত্‍খাত হ'ল কোটিটকীয়া অবৈধ সুৰাৰ উদ্যোগ

গুৱাহাটীত উত্‍খাত হ'ল কোটিটকীয়া অবৈধ সুৰাৰ উদ্যোগ। ৪০ লাখ টকাৰ অবৈধ সুৰাসহ এখন ট্ৰাক সোণাপুৰত জব্দ হোৱাৰ পিছতেই এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আনকি, সুৰা উদ্যোগটোৰ নেপথ্যৰ মালিকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে তদন্তকাৰী দলে।

ৰাজ্যত সক্ৰিয় বাৰ্মিজ চিগাৰেটৰ চোৰাং বেহা

ৰাজ্যত সক্ৰিয় বাৰ্মিজ চিগাৰেটৰ চোৰাং বেহা। কৰিমগঞ্জৰ বদৰপুৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চিগাৰেট। কোনাপাড়া এলেকাৰ হুছেইন আহমেদৰ ঘৰত উদ্ধাৰ চিগাৰেটখিনি। গোপন খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ প্ৰায় ৩০ হাজাৰ বাৰ্মিজ চিগাৰেট।

মন্ত্ৰী ফণীফূষণ চৌধুৰী SI কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ

মন্ত্ৰী ফণীফূষণ চৌধুৰী SI কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে শংকৰ প্ৰসাদ ৰায়ে। শংকৰ প্ৰসাদৰ অভিযোগ – অভিযুক্ত অক্ষয় চান্দৰ সৈতে সু সম্পৰ্ক আছে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ।

ঢেকিয়াজুলিৰ ৰবৰটলাত ভয়ংকৰ পথ দুৰ্ঘটনা…

ঢেকিয়াজুলিৰ ৰবৰটলাত ভয়ংকৰ পথ দুৰ্ঘটনা | ট্ৰাক, টাটা চুমোৰ মুখামূখি সংঘৰ্ষত থিতাতে নিহত শিশু মহিলা সহ চাৰিজন | আহত ৮ জন লোকক তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয় | নিহত আব্দুল আজিজ খান,বাবুল আলী,খুজেদা বিবি,আৰিফুল হক |

বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ" অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ

অসমৰ অগ্ৰণী সাহিত্য -সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে বুধবাৰে সন্ধিয়া গোষ্ঠীটোৰ এই মাহৰ সাহিত্য আলাপ " বিৰিণা বৈভৱ"ৰ লগতে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬ সংখ্যক জন্মতিথি উদযাপন কৰে । বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰৰ ৰসৰাজ পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত বিৰিণা বৈভৱ অনুষ্ঠানত কথা-কবিতাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰবাদমান পুৰুষ , অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱাৰ জীৱন-দৰ্শন সম্পৰ্কত বিস্তৃত আলোচনা কৰা হয় ।

দৰঙত ক'ভিড আক্ৰান্তৰ সংখ্যা ৪১৯১ জনলৈ বৃদ্ধি

ৰাজ্যৰ লগতে দৰঙতো ক্ৰমে বাঢ়ি গৈ আছে কভিড আক্ৰান্তৰ সখ্যা। জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগত জিলাখনৰ ২৯ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। এই সকলক ধৰি দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪১৯১ জনলৈ বৃদ্ধি পালে। আনহাতে বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৩৮৭৬ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

আধাৰৰ নামত ধন সংগ্ৰহ কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসন

আধাৰৰ নামত ধন সংগ্ৰহ কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসন।আধাৰৰ নামত ধন সংগ্ৰহ কৰিলে জনাওক প্ৰশাসনক। বৰপেটা জিলা প্ৰশাসনে মুকলি কৰিলে WHATSAPP নম্বৰ। দুষ্ট চক্ৰৰ নাম ফটোসহ প্ৰেৰণ কৰক প্ৰশাসনৰ নম্বৰলৈ। ৮৬৩৮২৭৩৪৮২ অথবা ৭০০২৩০৩৩৪৭ নম্বৰ মুকলি।

ছবি জগতৰ এটা ভাল খবৰ…

২৬ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ বিশ্বজিত বৰাৰ ছবি। এইবৰ্ষত নিৰ্মিত ভাৰতীয় সৰ্বশ্ৰেষ্ঠ ছবিৰ সৈতে প্ৰতিযোগিতাত 'বেলকনিত ভগৱান'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in