পুৱাৰ ১০টা গুৰু্ত্বপূৰ্ণ খবৰ

পুৱাৰ ১০টা গুৰু্ত্বপূৰ্ণ খবৰ

১. সোমবাৰে গুৱাহাটী মহানগৰীত তাপমাত্ৰা ২৭ ডিগ্ৰী ছেলচিয়াছ। ৬ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৬১ শতাংশ আদ্ৰতা থকাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২. গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.৪৮ টকা। ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৮.০১ টকা।

৩. চীনত ক্ৰমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছে। নিহতৰ সংখ্যা ১৭৭০ জনলৈ বৃদ্ধি।

৪. নগাঁৱত গ্ৰেপ্তাৰ ৬জন লোক। ড্ৰাগছৰ সৈতে ৪জন আৰু জালনোটৰ সৈতে গ্ৰেপ্তাৰ ২জন।

৫. তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ছুইফট ডিজায়াৰ বাহনক খুন্দিয়াই নদীৰ পানীত পৰিলগৈ ট্ৰাক। নিহত এজন।

৬. 'অসমীয়া জাতি আৰু সংস্কৃতিৰ বাবে এইয়া কোনো ভাল হোৱা নাই। সেইবাৰেই নিমন্ত্ৰণ লাভ কৰাৰ স্বত্বেও নগ'লো।' ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰসংগত এই মন্তব্য জাহ্নু বৰুৱাৰ।

৭. গোৱালপাৰা জিলাৰ কৃষ্ণাইত সোমবাৰে পুৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। আহত ৪ জন লোক।

৮. দিল্লী আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুই দাগী অপৰাধীৰ। নিহত দুজন হৈছে ৰাজা কুৱেৰছী আৰু ৰমেশ বাহাদুৰ।

৯. উচ্চতম ন্যায়ালয়ে সোমবাৰে দিলে গুৰুত্বপূৰ্ণ ৰায়। এতিয়াৰে পৰা পুৰুষ বিষয়াৰ দৰে মহিলা বিষয়াইয়ো ল'ব পাৰিব সেনা বাহিনীৰ নেতৃত্ব।

১০. দৰঙৰ লক্ষীমপুৰত ভয়াবহ পথ দুৰ্ঘটনা। এজন বাইক আৰোহী গুৰতৰভাবে আহত। লগতে এজন নিহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in