পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ইতিদাসত আজিৰ দিনটো…

১৯৫১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ তবলা বাদক  জাকিৰ হুছেইনৰ। নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী মেক্স ডেলবুৰ্কৰ আজিৰ দিনটোতে মৃত্যু হৈছিল।

২. চাবুৱা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব সলনি…

ৰাইজৰ দলে শেহতীয়াকৈ প্ৰকাশ কৰিছে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা। ৫৩নং পূব গুৱাহাটী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দিৱস ফুকন বৰক্ষেত্ৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰাছেল হুচেইনক। ইফালে ৰাইজৰ দলে ঘোষণা কৰিছে যে, চাবুৱাত দ্বিপনজ্যোতি ফুকনৰ পৰিৱৰ্তে ভৱেন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে।

৩. সৌভাগ্যৱানঃ যোগদানৰ ৫ মিনিটৰ পিছতেই প্ৰাৰ্থীত্ব লাভ দূৰ্গাদাস বড়োৰ…

 কংগ্ৰেছ দলৰ পৰা বিপিএফ দলত যোগদান কৰাৰ পাঁচমিনিটৰ পিছতেই প্ৰাৰ্থীত্ব লাভ কৰা সৌভাগ্যবান প্ৰাৰ্থী হিচাপে পৰিগণিত হ'ল দূৰ্গাদাস বড়ো । কংগ্ৰেছ দলৰ প্ৰাক্তন মুখপত্ৰ দূৰ্গাদাস বড়োৱে আজি কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত সংবাদমে লকালিন সময়ছোৱাতে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰাৰ ক্ষন্তেক সময় পিছতেই প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৱে ।ট

৪. চূড়ান্ত সিদ্ধান্তঃ প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচন নেখেলে…

২০২১ত নিৰ্বাচনত অৱৰ্তীণ নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এইকথা শেহতীয়াকৈ ঘোষণা কৰিলে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নীয়ে। উল্লেখ্য যে, বৰ্তমানৰ বঢ়মপুৰৰ বিধায়কগৰাকীক বিজেপি মিত্ৰজোঁটে প্ৰদান কৰা নাছিল টিকট। ব্যক্তিগত স্বাৰ্থক গুৰুত্ব নিদি এই সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে তেওঁ। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে কোনো প্ৰতিশ্ৰুতি নৰখাৰ কথাও উল্লেখ কৰে তেওঁ।

৫. সৰুপথাৰ সমষ্টিঃ সোমবাৰে ৩প্ৰাৰ্থীৰ মনোনয়ন…

তিনিটা পৰ্যায়ত হ'বলগিয়া নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯৪ নং সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে পৃথকে ধনশিৰি মহকুমাৰ কাৰ্যলয়ত পৃথকে মনোনয় পত্ৰ প্ৰদান কৰে।ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ কেইবা হাজাৰো সমৰ্থমকে সৰুপথাৰ মাজমজিয়াৰ পৰা পদ যাত্ৰা কৰি বি.জে, পি জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ ধব্বনিৰে পৰিবেশ উত্তাল কৰি তুলে।

৬. গোলাঘাটত অযন্তাৰ বিৰুদ্ধে হাতীৰ পিঠিত গল বিতোপন শইকীয়া…

ৰাজ্য এটা হাইপ্ৰফাইল আৰু বহচৰ্চিত সমষ্টি হৈছে গোলাঘাট। প্ৰতিজন লোকৰে দৃষ্টি নিবদ্ধ থকা গোলাঘাট সমষ্টিত আজি বিজেপি নেত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে পুনৰ শক্তিশালী ৰূপত অৱৰ্তীণ হৈছে কংগ্ৰেছৰ বিতোপন শইকীয়াই । এসময়ত অজন্তা নেওগৰ দুৰ্গ হিচাপে পৰিচত গোলাঘাট সমষ্টি কঁপাই কংগ্ৰেছৰ প্ৰাৰ্থী বিতোপন শইকীয়াই সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহ সহস্ৰাধিক দলীয় নেতা কৰ্মীক লৈ হাতীত উঠি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখযোগ্য যে নেতাবিহীন হৈ পৰা কংগ্ৰেছ দলৰ বাবে শক্তিশালী নেতা বিতোপন শইকীয়াক কংগ্ৰেছৰ গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে গোলাঘাটৰ ৰাজনৈতিক প্ৰেক্ষাপটত সলনি হয়।

৭. ক্ষুদ্ৰ বামুণবড়ীত ধৃত দুই চোৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত দোকানত চুৰি কৰিবলৈ গৈ সোমবাৰে পুৱতি নিশা ধৰা পৰিল দুটাকৈ চোৰ। ক্ষুদ্ৰ বামুনবড়ীৰ জমিৰ আলীৰ দোকানৰ বেৰ কাটি চোৰে দোকানত প্ৰবেশ কৰি লুটপাত চলোৱাৰ সময়তে হাতেলোটে ধৰি স্থানীয় লোকে মাজদিয়া আৰক্ষীক গতাই দিয়ে ।ধৃত চোৰটো ক্ষুদ্ৰ বামুনবড়ীৰ কৰিম আলীৰ পুত্ৰ চুবুৰ আলী(২৩) বুলি জানিব পৰা গৈছে। দোকানৰ টকাৰ বাকচৰ পৰা চুবুৰ আলীয়ে চুৰি কৰা ৩৯২৫ টকা চুবুৰ আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ।

৮. বিজ্ঞান মনস্ক মন লৈ আগবাঢ়ি যাব লাগিব নৱপ্ৰজন্মঃ ডঃ জয়দ্বীপ বৰুৱা

বিজ্ঞান পৰিবৰ্তনশীল। আজিৰ এটা সূত্ৰ কাইলৈ সলনি হ'ব পাৰে। সেয়ে ছাত্ৰ ছাত্ৰী সকলে যুক্তিবাদী আৰু বিজ্ঞান মনস্ক মন লৈ আগবাঢ়ি যাব লাগিব। কোনোবাই কিবা এটা ক'লেই তাক বিশ্বাস কৰাৰ নীতি পৰিহাৰ কৰিব লাগিব। সত্য উদঘাটনেই নৱপ্ৰজন্মৰ লক্ষ্য হোৱা উচিত'- এই ভাষ্য বিশিষ্ট বিজ্ঞানী ডঃ জয়দ্বীপ বৰুৱাৰ। গুৱাহাটীৰ শিল্পগ্ৰামত সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত দুদিনীয়াকৈ হোৱা বিজ্ঞান মেলৰ দেওবাৰে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়।

৯. মুখ্যমন্ত্ৰী ৰূপে পচন্দৰ তালিকাত সকলোতকৈ আগত সোণোৱাল

অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ ইংগিত C-Voterৰ। ২০২১ত বিজেপি নেতৃত্বাধীন মৰ্চাই ৬৭ আসন পাব বুলি ইংগিত। কংগ্ৰেছ মহাজোঁটে ৫৭ আসন পাব বুলি ইংগিত দিছে C-Voterয়ে। মুখ্যমন্ত্ৰী ৰূপে পচন্দৰ তালিকাত সকলোতকৈ আগত সোণোৱাল।

১০. মন্ত্ৰী নৱ কুমাৰ দলে ৫.১৯কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী

মন্ত্ৰী নৱ কুমাৰ দলে ৫.১৯কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী। তেওঁৰ পত্নী কৰৱী পেগু দলেৰ অস্থাৱৰ সম্পত্তি ৯৫.০২লাখ টকা। ইফালে চতিয়াৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ অস্থাৱৰ সম্পত্তি ৩.৮৫কোটি। আনহাতে মন্ত্ৰী অতুল বৰাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১কোটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in