পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

১. দুধনৈত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নিহত লোকজনৰ নাম দেৱজিৎ বসুমতাৰী।খাৰা চকলপাৰাত এই ঘটনা সংঘটিত হৈছে।

২. বাগদাদৰ গ্ৰীণ জ'নত ৰকেট আক্ৰমণৰ ঘটনা। এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি টুইটযোগে জানিবলৈ দিছে মাৰ্কিন সেনাৰ প্ৰৱক্তাগৰাকীয়ে।

৩. দিল্লীৰ জেএনইউৰ বাহিৰত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। ৫ জানুৱাৰীত জেএনইউত সংঘটিত হিংসাত্মক আক্ৰমণৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

৪. ১৩ জানুৱাৰীত অনুষ্ঠিত হ'বলগা বিৰোধী দলৰ বৈঠক বয়কটৰ সিদ্ধান্ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বৃহস্পতিবাৰে এক জনসভাত সম্বোধন কৰি জনায় এই সিদ্ধান্তৰ বিষয়ে।

৫. বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ 'কা' বিৰোধী ৰণশিঙা কাৰ্যসূচী গ্ৰহণ কৰিব। শিল্পী সমাজেও সমৰ্থন জনাইছে এই প্ৰতিবাদত।

৬. শুকুৰবাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰা হ'ব খেলো ইণ্ডিয়া য়ুথ গেমছৰ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাৰম্ভিক খেল।

৭. বৃহস্পতিবাৰে ধিং এক্সপ্ৰেছ হিমা দাসৰ জন্মদিন। গৃহভূমিত উপস্থিত হিমা দাস।

৮. দিল্লীৰ পটপাৰগঞ্জ উদ্যোগিক এলেকাত পুৱাই অগ্নিকাণ্ড। জুইত জাহ গ'ল বহু সম্পত্তি।

৯. দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন ছবি 'দৰবাৰ'ৰ মুক্তিলাভ। ছবিগৃহত পুৱাই ভিৰ কৰে অনুৰাগীয়ে।

১০. দিপীকা পাডুকনৰ নতুন ছবি 'চপাক'ৰ মুক্তিত স্থগিতাদেশ জাৰি কৰাৰ বাবে আবেদন অধিবক্তা অপৰ্ণা ভাটৰ। ছবিখনত তেওঁৰ নাম নথকাৰ বাবেই এই আবেদন কৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতত। ১০ জানুৱাৰীত ছবিখন মুক্তিলাভ কৰাৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in