পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ২০২১বৰ্ষৰ সাহিত্যৰ নোবেল বটাঁ ঘোষণা। আব্দুল ৰজাক গুৰনাহলৈ এই বৰ্ষৰ সাহিত্যৰ নোবেল। for his uncompromising and compassionate penetration of the effects of colonialism গ্ৰন্থৰ বাবে এই বটা লাভ কৰিছে আব্দুল ৰজাক গুৰনাহলৈ। উল্লেখ্য যে, ১৯৪৮চনত তাঞ্জানিয়াৰ জাঞ্জীবাৰত জন্মগ্ৰহণ কৰিছিল উপন্যাসিকগৰাকীয়ে।

২. কাৰাগাৰৰ পৰা জামিন লাভ কৰি পুনৰ ড্ৰাগছৰ অবৈধ ব্যবসায়ত নামিছে একাংশ ৷ আজি নিশা আৰক্ষীয়ে চলোৱা এক অভিযানত এই তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিম আখতাৰ নামৰ যুবকজন কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা জামিনত গৈছিল ৷ পূৰ্বে নাছিমক নিচাযুক্ত ড্ৰাগছৰ অবৈধ ব্যবসায়ৰে জৰিত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

৩. ৰাজ্যত চলি আছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুপাৰী চিণ্ডিকেটক কঠোৰ হাতেৰে দমন কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো নিতৌ সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰী। চুপাৰী মাফিয়াই নিত্য-নতুন কৌশলৰে সৰবৰাহ কৰিছে বাৰ্মিজ চুপাৰী। এইবাৰ কুৰিয়াৰ ছাৰ্ভিছৰ গাড়ীৰ ভিতৰত ওলাল বস্তাই বস্তাই বাৰ্মিজ চুপাৰী। কালি নিশা নগাঁৱৰ ননৈৰ ৰাষ্ট্ৰীয় ঘাইপথত এএচ ২৫ চি চি ২৪০২নম্বৰৰ এখন কুৰিয়াৰ ছাৰ্ভিছৰ সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰী। আৰক্ষীয়ে চুপাৰী চিণ্ডিকেটত জড়িত দুগৰাকী ব্যক্তিকো আটক কৰিছে।

৪. বেবেজীয়াৰ ৰেল ষ্টেচনৰ সমীপত ৰাইজে এদাল বৃহৎ আকৃতিৰ মৃত অজগৰ সাপ আজি উদ্ধাৰ কৰে। সাপ দালে ৰেল লাইন পাৰ হওঁতেই ট্ৰেইনৰ চকাৰ তলত সোমাই মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। সাপদাল উদ্ধাৰ হোৱাৰ পাছত বনবিভাগক খবৰ দিয়ে হয় ৷ বেবেজীয়া অঞ্চলত ইমান বৃহৎ আকৃতিৰ অজগৰ উদ্ধাৰত অঞ্চলৰ ৰাইজৰ মাজত চাঞ্চল‍্যৰ সৃষ্টি হৈছে।

৫. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ চৰকাৰে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক উত্তৰ প্ৰদেশৰ চৰকাৰে অন্যায় ভাবে গ্ৰেপ্তাৰ কৰি দুয়োজনকে অপমান কৰা প্ৰতিবাদত বৃহস্পতিবাৰে বিয়লি ২.৩০ বজাত ধেমাজি নগৰৰ অসম পৰিবহন নিগমৰ ধেমাজি অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত ধেমাজি জিলা যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আইৰ প্ৰায় এক শতাধিক কৰ্মীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

৬.  সুৰাসক্ত হৈ পথ দুৰ্ঘটনা সংঘটিত কৰা আৰু ইয়াৰ পিছতে নিজৰ কথা আৰু কামেৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক সুৰক্ষা প্ৰদান কৰি আৰক্ষীৰ চমন লাভ কৰিলে জি এন আৰ চি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা।

৭. উত্তৰ পাৰৰ অন্যতম শিক্ষানুষ্ঠান মাধৱদেৱ মহাবিদ্যালয়ত আজি উপস্থিত হয় বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা। বিশ্ববিদ্যালয়খনৰ কাম কাজৰ অগ্ৰগতিৰ লগতে শৈক্ষিক দিশৰো পৰ্যালোচনা কৰে বিধায়ক গৰাকীয়ে ।প্ৰথমে বিশ্ববিদ্যালয় খনৰ পুথিভঁৰালৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অংশ গ্ৰহণ কৰে বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিজেপিৰ বহু কেইজন দলীয় কাৰ্যকৰ্তাই।সভাত বিশ্ববিদ্যালয় খন আজিৰ তাৰিখত কি পৰ্যায়ত আছে, কি কি কাম কৰিলে ছাএ ছাত্ৰ অধিক উপকৃত হ'ব তাৰ বিষয়ে বিষদভাৱে আলোচনা হয়।

৮. তিনিখন কৃষক বিৰোধী আইন বিৰোধীতাৰে দিল্লীত ১১ মাহ ধৰি অব্যাহত থকা কৃষক আন্দোলনত নিজৰ স্থিতি স্পষ্ট কৰি কৃষি আইন বিৰোধিতাৰে বুধবাৰে গাজিপুৰ ব'ৰ্ডাৰত অৱস্থিত আন্দোলনকাৰী কৃষক সকলৰ অস্থায়ী চাৱনীত চামিল হয় অসমৰ জীপাল কৃষক শ্ৰমিক সংঘৰ সঁজাতি দল। ৰাজ্যখনৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ ক্ষেত্ৰত মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘৰ এটা আঠজনীয়া দলে গাজীপুৰৰ কৃষক চাৱনীত অংশলৈ কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত চলা আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ আহ্বায়ক পুতুল নৰহ আৰু দেৱ পেগুৱে।

৯. বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ।এদিনৰ বাবে বিতৰ্কিত মডেল গৰাকীক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।ৰুক্মীণিগাঁৱত নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই ৰাজকন্যাই সংঘটিত কৰিছিল দুৰ্ঘটনা।দুৰ্ঘটনাৰ ফলত আহত হৈছিল ৯ জন শ্ৰমিক। এজন শ্ৰমিকে হেৰুৱাইছিল দুয়োখন ভৰি।

১০. সদ্য সমাপ্ত পশ্চিমবংগৰ উপ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয় লাভ কৰিবলৈ সক্ষম হৈছিল। তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত লাভ কৰে ৮৫,২৬৩ টা ভোট৷ বিজেপিৰ প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালাক প্ৰায় ৫৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in