পুৱাৰ ১০ খবৰ…

পুৱাৰ ১০ খবৰ…

১. মঙলবাৰে পুৱাই ৰাষ্ট্ৰপতি ভৱনত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড টাম্পক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী।

২. গৃহমন্ত্ৰী অমিত শ্বাহক নহয়, আজি দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব অসম চুক্তিৰ ৬নং দফাৰ চূড়ান্ত প্ৰতিবেদন।

৩. কা'ক লৈ ৰণক্ষেত্ৰলৈ পৰিণত হৈছে ৰাজধানী চহৰ দিল্লী। মৃতকৰ সংখ্যা সাতজনলৈ বৃদ্ধি।

৪. দিল্লীৰ পৰিস্থিতিক লৈ চিন্তিত দিল্লী চৰকাৰ। মুখ্যমন্ত্ৰী কেজৰিৱালৰ চৰকাৰী বাসভৱনত বৈঠকত মিলিত হৈছে বিধায়কৰ লগতে মন্ত্ৰীসকল।

৫. চীনত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। মৃতক সংখ্যা ২৬৬৩ লৈ বৃদ্ধি।

৬. NIAৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক, কাৰাগাৰতে অনশনত বহিব অখিল গগৈ।

৭. 'বদৰুদ্দিন আজমলৰ সৈতে জড়িত আছিল ছাৰ্জিল ইমাম', 'অসমৰ আন বহু ব্যক্তিৰে যোগাযোগ আছে ছাৰ্জিলৰঃ ছাৰ্জিল ইমাম সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

৮. ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা, ২৬ মাৰ্চত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন, ৬ মাৰ্চত জাৰি কৰিব অধিসূচনা, ১৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন।

৯. ট্ৰাম্পৰ ভাৰত ভ্ৰমণে লাভান্বিত নকৰে ভাৰতকঃ ট্ৰাম্প ভ্ৰমণ সন্দৰ্ভত ৰিপুণ বৰাৰ মন্তব্য।

১০. পশ্চিম নলবাৰীৰ চামতাত হিংসাত্মক ঘটনা, দুখন বাহন জ্বলাই দিলে দুৰ্বৃত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in