পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. বঙাইগাঁৱত বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান আলী গুলিবিদ্ধ। আব্দুল হান্নানক লৈ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই বাৰ্মিজ চুপাৰীৰ তদন্তৰ বাবে চাপাৰাকাটা দিশত লৈ যোৱা অৱস্থাত আব্দুল হান্নানে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ দেহৰক্ষীৰ অস্ত্ৰ কাঢ়ি দৌৰি পলাব খোজতে আৰক্ষীয়ে গুলীচালনা কৰে। বাও ভৰিত গুলিবৃদ্ধ হয় আব্দুল হান্নান আলী।

২. IPS ৰৌনক আলী হাজৰিকাক নিলম্বন। তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে নিৰ্দেশনা। গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বিদেশ ভ্রমণৰ অভিযোগ। অসম আৰক্ষীত যোগদান কৰিছিল ১৯৯২চনত। তেতিয়াৰে পৰা বহুবাৰ বিদেশ ভ্রমণৰ তথ্য।
বিনা অনুমতিত মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব IPS বিষয়াগৰাকীয়ে। পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত DGPকাৰ্যালয়ত সংলগ্ন থাকিব লাগিব।

৩. পশ্চিম কামৰূপ বন সংমণ্ডলৰ বামুনীগাওঁ বন সুৰক্ষা বাহিনী আৰু বামুনীগাওঁ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া হিচাপে বাপধন মজুমদাৰে যোগদান কৰাৰ পিছতে অবৈধ বালি,শিল,কাঠ,কাঠমিল ৰ বিৰূদ্ধে ধাৰাসাৰ ভাৱে অভিযান চলাই আহিছে।আজিও পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোৱৰ দেৱৰ গোপন খবৰৰ ভিত্তিত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বামুনীগাওঁ বন সুৰক্ষা বাহিনীৰ বন বিষয়া বাপধন মজুমদাৰৰ নেতৃত্বত এদল বনকৰ্মীৰ সহযোগত চোৰাং ব্যৱসায়ৰ বিৰূদ্ধে এক অভিযান চলায়।

৪. ৰাজ্যত কেচা চাহপাতৰ মূল্য হ্ৰাস হোৱাকলৈ ক্ষুদ্র চাহ খেতিয়ক সকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ সময়তে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দেওবাৰে জিলা পৰ্যালয়ৰ কেচা চাহপাতৰ মূল্য পৰ্যালোচনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। নগাঁও জিলাৰ উপায়ুক্ত কভিতা পদ্মানাভনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদিত কেচা চাহপাতৰ মূল্য নিম্নগামী হোৱা প্ৰসংগত আলোচনা কৰা হয় ।

৫. ৰমন্যাসিক কথা বোৰ নাৰীসকলে নিজে নকয়। পুৰুষেহে নাৰীৰ বৰ্ণনা কৰে। নিৰ্মলপ্ৰভা বৰদলৈয়েও কোৱা নাছিল, নলিনী বালা দেবী আদিয়েও কোৱা নাই। কিন্তু নাৰীয়ে পুৰুষৰ দৃষ্টিৰে নাৰীৰ সুন্দৰ বৰ্ননা কৰে। ধৰ্ম গ্ৰন্থ ভাগৱতখনত সুন্দৰ নাৰী বৰ্ননা কৰিছে। কিন্তু সেয়া পুৰুষৰ দ্বাৰা ৰচিত গ্ৰন্থহে। নাৰী অনান্য ,আজি বিশ্ব শিশু কন্যা দিৱসৰ দিনাই মঙলদৈতে এগৰাকী বিশিষ্ট কন্যাই আমাৰ পাঠক সমাজলৈ আগবঢ়াই দিছে এখন অমূল্য গ্ৰন্থ। এইদৰে কয় বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ তথা মঙলদৈ মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক ড নগেন্দ্ৰ নাথ শৰ্মাই।

৬. সোমবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ ছোটোমাপদা আৰু ফুলেৰতলৰ পৰা ডেৰশ গ্ৰাম পৰিমাণৰ ১১ পেকেট হেৰোইন জব্দ কৰাৰ পিচত মঙলবাৰে লক্ষীপুৰত পুনৰ ৩০ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ থানাৰ আৰক্ষীৰ দল এটাই দিলখুশ ঘাটৰ পৰা জব্দ কৰে গাঞ্জা ভৰ্তি তিনিটা বস্তা ৷ মনিপুৰৰ পৰা সৰবৰাহ কৰা গাঞ্জা খিনি বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে গাঞ্জাৰ বস্তা কেইটা ৷

৭. প্ৰেমত পৰাৰ সন্দেহতে এগৰাকী নাৱালিকা ছাত্ৰীক অভিভাৱকে গালি শপনি , ধমকি দিয়াত অৱশেষত ছাত্ৰীগৰাকী আত্মহত্যা কৰা ঘটনাই কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।আত্মহত্যা কৰা নাৱালিকা ছাত্ৰীগৰাকী জিলাখনৰ ভোটগাঁও টিলাপাৰাৰ লজেন নাথ আৰু সবিতা নাথৰ কন্যা ভোগালী নাথ(১৩)বুলি জানিব পৰা গৈছে । ভোগালী নাথ টিলাপাৰা এমই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল । তাই জেঠায়েক তথা টিলাপাৰা এমই স্কুলৰ প্ৰধান শিক্ষক টেবেন্দ্ৰ নাথৰ ঘৰতে থাকি পঢ়াশুনা কৰিছিল আৰু জেঠায়েকৰ ঘৰতে আত্মহত্যা কৰে ।

৮. ঐকান্তিক প্ৰচেষ্টা, কঠোৰ অধ্যৱসায় আৰু দৃঢ় মানসিক শক্তিৰ বলত সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে অসাধ্যকো সাধন কৰি বিভিন্ন জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে গহপুৰ মহকুমাৰ অন্তৰ্গত পুৱ-ডুবিয়া (চেংমৰা)ৰ স্নাতক উত্তীৰ্ণ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ কাজল মহন্ত। ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ২০২০ চনত স্নাতক শাখা উত্তীৰ্ণ হোৱা কাজল মহন্ত পুৱ ডুবিয়া নিবাসী দীপেন মহন্ত আৰু ৰিপু মহন্তৰ জীয়ৰী।সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি যথেষ্ট ৰাপ থকা কাজলে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ত নাৰায়ণপুৰৰ "মাধৱদেৱ এন আৰ্ট ইনষ্টিটিউট"ত চিত্ৰ অংকনৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ বাবে নাম ভৰ্তি কৰিছিল যদিও তাত তেওঁ মাত্ৰ দুটা বছৰহে প্ৰশিক্ষণ গ্ৰহণ কৰে।

৯. নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলীৰ কুঁহিয়াৰতলি নিবাসী, প্ৰবীণ কমিউনিষ্ট তথা ষাঠি-সত্তৰ দশকৰ ভূমি অধিকাৰ আন্দোলনৰ লগত জড়িত কৃষক নেতা কুশৰাম গগৈ আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা এইগৰাকী কৃষক নেতাৰ নিজ বাসভৱনত সোমবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত দেহাৱসান ঘটে। 

১০. '৪৫.৪৮ কোটি টকা ছাত্র-ছাত্রীৰ ইউনিফৰ্মৰ বাবে মুকলি''কংগ্রেছৰ দিনত বাজেটৰ ৯০% কাম হোৱা নাছিল''২০১৫ চনৰ পৰা বাজেটৰ ৮০% কাম সম্পূৰ্ণ হৈছে''প্রজ্ঞান ভাৰতী, অসম মালা, ভ্রমণ সাঁৰথি আদিও ৰূপায়ণ''এতিয়া বাজেটত থকা সকলো কামে সম্পূৰ্ণ হয়' 'এখন ৰাজ্যই কিমান টকা ঋণ ল'ব, সেই সিদ্ধান্ত কেন্দ্রই ল'বঃ হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in