পুৱাৰ ১০ গুৰুত্বপূৰ্ণ খবৰ…

পুৱাৰ ১০ গুৰুত্বপূৰ্ণ খবৰ…

১. আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা। পুৱা ৯ বজাৰে পৰা ৰাজ্যৰ ৪৬০ টা কেন্দ্ৰত অৱৰ্তীণ হৈছে ৩,৫৮, ৪৫৩ গৰাকী শিক্ষাৰ্থী।

২. দেওবাৰে নিশা ঘোষণা কৰা হয় বিশ্ব ছবিজগতৰ সন্মানীয় অস্কাৰ পুৰষ্কাৰ। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৱাকিন ফিনিক্সৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হল ৰেনে জেলৱেগৰ।

৩. পাটনাৰ গান্ধী মৈদানত বিস্ফোৰণ। দুটা ঘৰ ধ্বংস হোৱাৰ লগতে আহত হৈছে ৭ গৰাকী লোক।

৪. সোমবাৰে কামৰূপ মহানগৰ জিলাত তাপমাত্ৰা ২৩ ডিগ্ৰী ছেলচিয়াছ। ৩ কিলোমিটাৰ প্ৰতিঘন্টা গতিত বতাহ বলাৰ লগতে ৫৯ শতাংশ আদ্ৰতাৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

৫. 'BTR এতিয়াও কাৰ্যকৰী হোৱা নাই, কাৰ্যকৰী হ'বলৈ গৃহীত হ'ব লাগিব সংসদৰ উভয় সদনত' এই মন্তব্য চন্দন ব্ৰক্ষ্মৰ।

৬. ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ তাৰিক পাৰবীনক গ্ৰেপ্তাৰ। মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তাৰিকক।

৭. সোমবাৰে দেশত ১৩-১৭ পইচাকৈ হ্ৰাস পাইছে প্ৰতি লিটাৰ পেট্ৰ'লত। ১ জানুৱাৰীৰ পৰা প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পাইছে ৩ টকা।

৮. চীনত অব্যাহত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। সোমবাৰৰ পুৱালৈকে মৃত্যু হৈছে ৯০৮ গৰাকী লোকৰ।

৯. মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে প্ৰধানমন্ত্ৰী মোডীক কৰিলে কটাক্ষ। ক'লে- দেশ চলোৱা আৰু মুখ চলোৱাৰ মাজত পাৰ্থক্য আছে।

১০. কা আৰু এন আৰ চিক লৈ সাংসদ ওৱেচিৰ মন্তব্য। ক'লে- প্ৰমাণ পত্ৰ নেদেখাও, বুকু পাতি কম- গুলী মাৰক, কিয়নো এই বুকুতেই আছে দেশপ্ৰেম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in