২৬ দিনে নিৰুদ্দেশ হৈ থকা মৰিগাঁৱৰ মহিলাৰ মৃতদেহ উদ্ধাৰ…

২৬ দিনে নিৰুদ্দেশ হৈ থকা মৰিগাঁৱৰ মহিলাৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্ক, মায়ংঃ যোৱা ২ জুলাইত হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল মৰিগাঁও জিলাৰ ভূৰাগাওঁ থানাৰ অন্তৰ্গত জাপৰি দৰঙি গাঁৱৰ এগৰাকী ৫২ বছৰীয়া মহিলা। মহিলা গৰাকীৰ নাম আছিয়া বেগম। বুধবাৰে সেই নিৰুদ্দিষ্ট হোৱা মহিলা গৰাকীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয় গাঁও খনৰ মাজেৰে যোৱা গৰকাপ্তানী পথৰ কাষৰ এটা দ' পিটনিত। মৃতদেহ উদ্ধাৰ হোৱা পিছতেই হুৱাদুৱা লাগে সমগ্ৰ গাঁও খনত। কম সময়ৰ ভিতৰতে মহিলা গৰাকীৰ মৃতদেহ চাবলৈ পিটনিটোৰ চৌপাশে সমবেত হয় সহস্ৰাধিক লোকৰ।

কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক সকল। স্থানীয় লোকৰ প্ৰশ্ন- কেনেকৈ মৃত্যু হ'ল আছিয়া বেগমৰ? নিশাৰ ভাগত নিজে ওলাই গৈ সেই পিটনিত পিছলি পৰিল নে আত্মহত্যা কৰিলে?এনে বহু প্ৰশ্নই উত্থাপন হৈছে মৰাপাট জাক দিয়া পিটনিত বুধবাৰে দিনৰ ভাগত আকস্মিক ভাবে উদ্ধাৰ হোৱা নিৰুদ্দিষ্ট মহিলা গৰাকীৰ মৃতদেহক লৈ।তাৰ পিছতেই আৰক্ষীক খৱৰ দিয়া হয়।ভূৰাগাওঁ থানাৰ আৰক্ষীয়ে জাপৰি গাঁৱত উপস্থিত হৈ স্থানীয় লোকৰ প্ৰচেষ্টাত মৃতদেহ টো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ।

উল্লেখযোগ্য যে, যোৱা ২ জুলাইৰ শেষ নিশা ঘৰৰ পৰা নোহোৱা হৈছিল মহিলা গৰাকী। পৰিয়ালৰ লোকে গাঁৱৰ চাৰিওফালে পুৱাৰ পৰাই বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাছিল। জিলা খনৰ বিভিন্ন ঠাইত থকা আছিয়া বেগমৰ আত্মীয় কুটুম্ব আৰু পুত্ৰ বোৱাৰীয়েকৰ সম্পৰ্কীয় লোকৰ ঘৰটো বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ নাপালে। তাৰ পিছতেই ভূৰাগাওঁ থানাত নিৰুদ্দিষ্ট হোৱা বুলি এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।অৱশেষত ২৬ দিনৰ পিছত মৃতদেহ উদ্ধাৰ হয় মহিলা গৰাকীৰ। জানিব পৰা মতে আছিয়া বেগমৰ চাৰি পুত্ৰ আৰু তিনি গৰাকী বোৱাৰী ঘৰত আছে। অৱশ্যে কোনো কাজিয়া পেছাল নাছিল পুত্ৰ বোৱাৰীৰ স'তে। তাৰ পিছতো সেই নিশা অকস্মাত ঘৰৰ পৰা কিয় ওলাই যাব লগা হ'ল সেয়া বৰ্তমান লৈ সাঁথৰ হৈ থাকিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in