চৰকাৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ দাখিলৰ বাবে উপায়ুক্তৰ মোবাইল নম্বৰ মুকলি…

চৰকাৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ দাখিলৰ বাবে উপায়ুক্তৰ মোবাইল নম্বৰ মুকলি…

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাওঁ জিলাৰ উপায়ুক্তই জিলাখনৰ জনসাধাৰণৰ বাবে মুকলি কৰিছে তেওঁৰ দুটা মোবাইল নম্বৰ। জিলাবাসীৰ সুবিধাৰ্থে উপায়ুক্তগৰাকীয়ে ৮৮১১৯৫১৫৫২ হোৱাটছএপ নম্বৰ আৰু ফোন কৰিব পৰাকৈ ৮০৯৯২৫৩০৪৬ নম্বৰ মুকলি কৰিছে।

জিলাখনৰ জনসাধাৰণে সকলোধৰণৰ চৰকাৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ এই নম্বৰ দুটাৰ জৰিয়তে উপায়ুক্তক পোনপটীয়াকৈ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও জনসাধাৰণে উপায়ুক্ত কাৰ্যালয়ত লিখিত আকাৰে অভিযোগ দাখিল কৰিব পৰাকৈ কাৰ্যালয়ত স্থাপন কৰিছে এটা ৰাজহুৱা অভিযোগ বাকচ।

আনহাতে উপায়ুক্ত কাৰ্যালয়ৰ অধীনত অনলাইন মাধ্যমেৰে সম্পন্ন হোৱা প্ৰতিটো কাম নিৰ্দিষ্ট সময়ত নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে আবেদনকাৰীসকলে কাৰ্যালয়ত উপস্থিত হ'ব নালাগে বুলি উপায়ুক্তগৰাকীয়ে এক জাননীৰ জৰিয়তে জনাইছে। উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি সকলোধৰণৰ অভিযোগকাৰীৰ সম্পূৰ্ণ তথ্যৰ গোপনীয়তা অৱলম্বন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in