আশ্বৰ্য! মোডীৰ কাৰ্যকালত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰে যুদ্ধত নিহত সেনাৰ হাৰ

আশ্বৰ্য! মোডীৰ কাৰ্যকালত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰে যুদ্ধত নিহত সেনাৰ হাৰ

ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপৰ প্ৰায় ১০০ একৰ ভূমি সামৰি সশস্ত্ৰ বাহিনীৰ প্ৰতি সন্মান জনাই চৰকাৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকখনিৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছক তীক্ষ্ন ভাষাৰে আক্ৰমণ কৰা পৰিলক্ষিত হয়। যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলক সুঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে সদায় সশস্ত্ৰ বাহিনীৰ কথা চিন্তা কৰি আহিছে।

অনুষ্ঠানত নাম উল্লেখ নকৰাকৈয়ে কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, 'ভাৰতৰ ভাগ্যদাতা বুলি নিজকে ভৱা সকলে ৰাষ্ট্ৰৰ সুৰক্ষাক লৈ বিগত সময়ৰ সুদীৰ্ঘ কাল হেতালি খেলিলে। ২০০৯ চনতে ভাৰতীয় সেনাই ১,৮৬,০০০ বুলেট প্ৰুফ জেকেট বিচাৰি চৰাকাৰক দাবী উত্থাপন কৰিছিল। কিন্তু চৰকাৰে সেই দাবীৰ প্ৰতি মুঠেও গুৰুত্ব প্ৰদান নকৰাৰ ফলত বুলেট প্ৰুফ জেকেট অবিহনেই ভাৰতীয় সেনাই শত্ৰুৰ সৈতে মুখামুখি হ'ব লগাত পৰিছিল। কিন্তু আমাৰ চৰকাৰে যোৱা চাৰি বছৰ ছমাহতে সেনা বাহিনীক ২,৩০,০০০ টা বুলেট প্ৰুফ জেকেট যোগান ধৰিছো।'

পিচে শ্বহীদ জোৱানৰ স্মাৰক উদ্বোধন কৰিবলৈ গৈ পূৰ্বৱৰ্তী চৰকাৰক আক্ৰমণ কৰি শেহতীয়াকৈ বিগত চাৰি বছৰ ছমাহত অৰ্থাৎ প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালতে ১৮টা বৃহৎ আক্ৰমণৰ লগতে সৰু বৰ সন্ত্ৰাসবাদী আক্ৰমণত কেৱল জম্মু-কাশ্মীৰতে অলেখ সেনাই প্ৰাণ দিব লগা হোৱা বিষয়টো লঘু কৰাৰ অপচেষ্টা চলোৱা বুলিও সমালোচনা হৈছে।

সৌ সিদিনা চোৰাংচোৱা সংস্থা সমূহৰ সকিয়নীৰ পিছতো ২৫০০ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বিশাল কনভয়ত এজন মাত্ৰ সন্ত্ৰাসবাদী আত্মঘাতী বোমাৰুৱে আক্ৰমণ চলাই ৪৪ জন চি আৰ পি এফৰ জোৱান হত্যা কৰা আৰু পৰৱৰ্তী দুটা দিনতো আত্মগোপনকাৰী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেই এলেকাত অভিযান চলাবলৈ গৈ ২ জন মেজৰ সহ ৬ জন বিশেষ অভিযানকাৰী কামাণ্ডোৱে প্ৰাণ হেৰুৱাব লগা হোৱাৰ উপৰিও অভিযানৰ নেতৃত্ব দিয়া এজন ব্ৰিগ্ৰেডিয়াৰ পৰ্যায়ৰ বিষয়া আৰু কাশ্মীৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক এগৰাকী আহত হ'বলগীয়া হোৱাৰ বিষয়টো সমালোচকসকলে আঙুলিয়াই দিছিল।

বাৰাম্বাৰ এই ঘটনাৰ প্ৰত্যুত্তৰ দিম বুলি মুখেৰে হুংকাৰ দি থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে উক্ত ঘটনাৰ ১০ দিনৰ পিছতো সন্ত্ৰাসবাদী অথৱা পাকিস্তানীক দেশৰ জনসাধাৰণে বিচৰা ধৰণে প্ৰত্যুত্তৰ দিয়াত ব্যৰ্থ হৈ এতিয়া শ্বহীদ স্মাৰক উদ্বোধন কৰিবলৈ গৈ সেনা আৰু নিৰাপত্তাবাহিনীৰ শ্বহীদ সকলৰ ত্যাগক লৈও সস্তীয়া ৰাজনীতি কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে। ভাৰতীয় সেনাৰ সুৰক্ষাৰ প্ৰতি যদি চৰকাৰৰ ইমানেই চিন্তা তেন্তে কিয় বাৰে বাৰে শত্ৰুৰ হাতত প্ৰাণ হেৰুৱাই আহিছে ভাৰতীয় সেনাই।

প্ৰধানমন্ত্ৰীক উদ্দেশ্যি বিভিন্ন পক্ষই এনেবোৰ প্ৰশ্ন কৰাৰ সময়তে প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। চৰকাৰীভাৱে প্ৰকাশ পোৱা এই তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালতে অৰ্থাৎ ২০১৪ চনৰ পৰা ২০১৯ পৰ্যন্ত ৩৯৮ গৰাকী জোৱানে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে। কেৱল ২০১৯ চনতে শ্বহীদ হৈছে ৫০ জনকৈ সেনা-নিৰাপত্তাৰী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান। তাৰ বিপৰীতে বিগত ৪.৫ বছৰত সন্ত্ৰাসবাদী নিহত হৈছে ৯১৮ জন। ইফালে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতে ২১২ জন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাইছে।

আনহাতে চাউথ এছিয়া টেৰৰিজম পৰ্টেল চমুকৈ এছএটিপিৰ তথ্য মতে, মোডী চৰকাৰৰ কাৰ্যকালত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ দিবলগীয়া হোৱা সেনা জোৱানৰ মৃত্যুৰ হাৰ ইউপিএ চৰকাৰৰ শেষৰ তিনি বছৰতকৈ যথেষ্ট বৃদ্ধি পাইছে। সংস্থাটোৰ তথ্য মতে, কেৱল জম্মু-কাশ্মীৰতে নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হোৱা সেনাৰ সংখ্যা ইউপিএৰ দ্বিতীয়টো কাৰ্যকালৰ শেষৰ তিনিবছৰৰ তুলনাত ৭২ শতাংশ বৃদ্ধি পাইছে। সংস্থাটোৰ এই সমীক্ষা কেৱল ২০১৭ চনৰ মে' পৰ্যন্তহে। যি কথাই ভাৰত চৰকাৰে সদায় ঘোষণা কৰি অহা ভাৰতীয় সেনাৰ অপ্ৰতিৰোধ্য শক্তিৰ ঘোষণাক সন্দেহৰ আৱৰ্তলৈও ঠেলি দিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা মতে, তেওঁৰ কাৰ্যকালত মুঠ ২ লাখ ৩০ হাজাৰ বুলেট প্ৰুফ জেকেট ভাৰতীয় জোৱানক প্ৰদান কৰা হৈছে। কিন্তু ভাৰতীয় সেনা বাহিনীত জোৱানৰ সংখ্যাই হ'ল ১৩ লাখ। সেয়ে ২ লাখ ৩০ হাজাৰ বুলেট প্ৰুফ জেকেট নিশ্চয় এপাচি শাকত এটা জালুকৰ দৰেই হৈছে। লক্ষণীয় কথাটো হ'ল, পুলৱামাৰ ঘটনাৰ পিছত উক্ত বিস্ফোৰণৰ নায়ক তথা জইছ-ই-মহম্মদৰ নেতা আব্দুল ৰছিদ গাজীসহ তিনি সন্ত্ৰাসবাদীক হত্যা কৰাৰ বাবে চলা অভিযানটোত মেজৰসহ যিসকল জোৱান গুলিবিদ্ধ হৈ মৃত্যুমুখত পৰিব লগা হ'ল তেওঁলোকৰ গাত বুলেট প্ৰুফ জেকেট আছিল নে নাই আৰু যদিহে আছিল সেই বুলেট প্ৰুফে শত্ৰুৰ গুলীৰ পৰা তেওঁলোকক কিয় ৰক্ষা কৰিব নোৱাৰিলে বুলিও প্ৰশ্নৰ অৱকাশ আছে। অসমতে কিছুদিন পূৰ্বে তিনিচুকীয়াত বুলেট প্ৰুফ জেকেট পৰিধান কৰি আলফাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা ভাস্কৰ কলিতা নামৰ সাহসী আৰক্ষী বিষয়াগৰাকীৰ দেহ বুলেট প্ৰুফ জেকেট ভেদি আলফাৰ গুলীয়ে থকাসৰকা কৰাৰ ফলতে মৃত্যু হৈছিল।

যি ভাৰতবৰ্ষত কাশ্মীৰ সীমান্তত প্ৰাণ হেৰুওৱা জোৱানৰ কফিন যোগান ধৰাৰ নামতো চৰকাৰী ঘৰত বৃহৎ কেলেংকাৰী সংঘটিত হয়, ভেজাল বুলেট প্ৰুফ যোগানৰ বাবে ভাস্কৰ কলিতাৰ দৰে অসমীয়া আৰক্ষী বিষয়াই প্ৰাণ দিব লগাত পৰে, সেইখন ভাৰতত বুলেট প্ৰুফক লৈ প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰলৈ দায়িত্ব থেলি দিয়াৰ দৰে কাৰ্য সস্তীয়া ৰাজনীতিৰ বাহিৰে একো নহয় বুলিও বিভিন্নজনে মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in